বহল ব্যাকৰণ
বহল ব্যাকৰণ (ইংৰাজী: Bahal Vyakaran) হৈছে বৈয়াকৰণ, শিক্ষাবিদ, আইনী বিশেষজ্ঞ সত্যনাথ বৰাৰ দ্বাৰা ৰচিত এখন অসমীয়া ব্যাকৰণ। এই ব্যাকৰণখন ১৯২৫ চনত প্ৰথম প্ৰকাশ পায়।[1] গ্ৰন্থখন লিখি শেষ কৰাৰ পিছত গ্ৰন্থখন প্ৰকাশ নৌপাওঁতেই সত্যনাথ বৰাৰ দেহাৱসান ঘটে। এই কথা গ্ৰন্থখনৰ নিবেদনত তেওঁৰ পুত্ৰদ্বয় অম্বিকানাথ বৰা আৰু জ্ঞাননাথ বৰাই কয় যে- “এই পুথি লিখি শেষ কৰি প্ৰেচত দি প্ৰায় এশ পিঠিমান ছপা হওঁতেই হঠাৎ গ’ল আঘোণৰ মাহৰ ২৭ তাৰিখে দুপৰীয়া চিৰ শান্তিধাম লাভ কৰিলে।”[2][3] গ্ৰন্থখন লিখাৰ সন্দৰ্ভত লেখকে পাতনিত উল্লেখ কৰি কয়-
শিক্ষাবিদ আৰু ভাষাতত্ত্ববিদ ড° গোলোকচন্দ্ৰ গোস্বামীয়ে বহল ব্যাকৰণখনক লৈ কয় যে-
অধ্যায়সমূহপ্ৰথম অধ্যায়প্ৰথম অধ্যায়ৰ “ভাষা আৰু ব্যাকৰণ” শিতানত লেখকে ভাষা আৰু ব্যাকৰণৰ সংজ্ঞা দাঙি ধৰিছে। “বৰ্ণ প্ৰকাশ” শিতানত বৰ্ণ আৰু আখৰৰ কথা উল্লেখ কৰি পিছৰ শিতানবোৰত সেইবোৰৰ বিষয়ে বিতংকৈ আলোচনা কৰিছে। শিতানবোৰ ক্ৰমে- “স্বৰবৰ্ণৰ ভাগ”, “ব্যঞ্জনবৰ্ণ”, “ব্যঞ্জনবৰ্ণৰ ভাগ”, “উচ্চাৰণ অনুসাৰে বৰ্ণৰ ভাগ”, “বৰ্ণৰ উচ্চাৰণ”, “যুক্তাক্ষৰৰ উচ্চাৰণ” আৰু “বৰ্ণ বিন্যাস”। দ্বিতীয় অধ্যায়এই অধ্যায়ত ণত্ববিধি আৰু ষত্ববিধিৰ বিষয়ে আলোচনা কৰিছে। তৃতীয় অধ্যায়সন্ধি প্ৰকৰণত সংস্কৃত ব্যাকৰণৰ সন্ধিৰ বিষয়ে উদাহৰণসহ আলোচনা কৰাৰ উপৰি লেখকে “সন্ধি প্ৰকৰণ”, “স্বৰসন্ধি”, “ব্যঞ্জনসন্ধি”, “অনুস্বাৰ আৰু বিসৰ্গ সন্ধি” শিতানত সন্ধিৰ সমগ্ৰ বিষয়টো আলোচনা কৰিছে। “সন্ধিৰ বিষয়ে বিশেষ কথা” শিতানত তেওঁ কয়-
চতুৰ্থ অধ্যায়এই অধ্যায়ৰ “শব্দ-প্ৰকৰণ” শিতানত শব্দ, ধাতু, প্ৰকৃতি, প্ৰত্যয়, শব্দবিভক্তিৰ বিষয়ে উল্লেখ কৰি শব্দ-বিভক্তি; শব্দ-বিভক্তি যোগৰ নিয়ম; পদ-প্ৰকৰণ; সংজ্ঞাবোধক বিশেষ্য পদৰ বচন আদি সন্নিৱিষ্ট কৰিছে আৰু “সংজ্ঞাবোধৰ বিশেষ্য আৰু বিশেষ্যৰূপে ব্যৱহাৰ হোৱা পদৰ লিঙ্গ” শিতানত অসমীয়া ভাষাৰ লিংগ আৰু লিংগসাধনৰ বিষয়টো নিয়মসহ আলোচনা কৰিছে।[7] পঞ্চম অধ্যায়এই অধ্যায়ত সৰ্বনাম পদ; বিভক্তি অনুসাৰে ব্যক্তিবোধক সৰ্বনামৰ ৰূপ; কাৰক আৰু ইয়াৰ বিভিন্ন প্ৰকাৰ; বিশেষ শব্দৰ যোগত বিশেষ বিশেষ বিভক্তিৰ প্ৰয়োগ আৰু বিশেষণ-সৰ্বনাম আদি বিভিন্ন বিষয় সম্পৰ্কে আলোচনা কৰিছে।[8] ষষ্ঠ অধ্যায়এই অধ্যায়ত বিশেষ্যৰ গুণ প্ৰকাশ কৰা শব্দসমূহকে ‘বিশেষণ’ শিৰোনামত আলোচনা কৰাৰ লগতে বিশেষণীয় বিশেষণ আৰু ক্ৰিয়া বিশেষণসমূহৰ বিষয়ে আলোচনা কৰিছে।[8] সপ্তম অধ্যায়এই অধ্যায়ত সংখ্যাবোধক শব্দ; বিভিন্ন আঠ প্ৰকাৰৰ অব্যয় শব্দ; গুণবোধক শব্দ; অনুকাৰ শব্দ, অনুৰূপ শব্দ, কৃদন্ত শব্দ; উপসৰ্গ— আদি বিভিন্ন প্ৰকাৰৰ শব্দৰ বিষয়ে আলোচনা কৰিছে।[9] অষ্টম অধ্যায়এই অধ্যায়ত আছে- “সমাস প্ৰকৰণ”, “দ্বন্দ্ব সমাস”, “বহুব্ৰীহি সমাস”, “কৰ্ম্মধাৰয় সমাস”, “তৎপুৰুষ সমাস”, “দ্বিগু সমাস”, “নঞ সমাস”, “অব্যয়ীভাব সমাস” আৰু “নিত্য সমাস”। নবম অধ্যায়এই অধ্যায়ৰ শিতানবোৰ হ’ল- “তদ্ধিত প্ৰকৰণ”, “সংস্কৃত তদ্ধিত প্ৰত্যয়”, “অসমীয়া তদ্ধিত প্ৰত্যয়”, “বিশেষ বিশেষ শব্দত বিশেষ বিশেষ প্ৰত্যয়” আৰু “অন্য এবিধ তদ্ধিত প্ৰত্যয়”। দশম অধ্যায়এই অধ্যায়ত “ধাতু ক্ৰিয়া”, “কাল”, “নিত্য বৰ্ত্তমান কাল”, “স্বৰূপ বৰ্ত্তমান কাল”, “স্বৰূপ ভূতকাল”, “অপূৰ্ণ ভূতকাল”, “সম্ভাৱ্য ভূতকাল”, “ভৱিষ্যত কাল”, “অনুজ্ঞা”, “ক্ৰিয়া বিভক্তি”, “অনুজ্ঞাৰ বিভক্তি”, “ধাতুত ক্ৰিয়া বিভক্তি যোগ দিবৰ নিয়ম”, “মৌলিক ধাতুৰ ৰূপ”, “পাঁচনি ক্ৰিয়া”, “পাঁচনি ধাতুৰ ৰূপ”, “অনিয়মিত ক্ৰিয়া”, “লগৰীয়া বা সহায়কাৰী ক্ৰিয়া” আৰু “অসমীয়া নামধাতু” সন্নিৱিষ্ট কৰিছে। একাদশ অধ্যায়এই অধ্যায়ত “কৃৎ প্ৰকৰণ”, “বাচ্য”, “কৃৎ প্ৰত্যয়”, “সংস্কৃত কৃৎ প্ৰত্যয়”, “অসমীয়া কৃৎ প্ৰত্যয়”, “পাঁচনি ধাতুত কৃৎ প্ৰত্যয়” আদিৰ বিষয়ে আলোচনা কৰিছে। দ্বাদশ অধ্যায়এই অধ্যায়ত “বাক্যবিন্যাস প্ৰকৰণ”, “বাক্যৰ বাচ্য”, “কৰ্ত্তা আৰু ক্ৰিয়াৰ সঙ্গতি”, “ক্ৰিয়া আৰু কৰ্ম্মৰ সঙ্গতি”, “আন আন কাৰক আৰু ক্ৰিয়াৰ সঙ্গতি”, “কাল আৰু ক্ৰিয়াৰ সঙ্গতি”, “বিশেষ্য আৰু বিশেষণ পদৰ সঙ্গতি”, “সৰ্বনাম সঙ্গতি”, “পদ আৰু নানাবিধ শব্দৰ সঙ্গতি”, “অব্যয় আৰু আন শব্দৰ সঙ্গতি” আৰু “বচন সঙ্গতি”ৰ বিষয়ে আলোচনা কৰিছে। ত্ৰয়োদশ অধ্যায়এই অধ্যায়ত “অসমীয়া ভাষাৰ জতুৱা ঠাঁচ”, “ভিন ভিন বিশেষ্যৰ লগত জতুৱা ঠাঁচৰ ক্ৰিয়া”, “কিছুমান প্ৰচলিত অশুদ্ধ বাক্য আৰু সিহঁতৰ শুদ্ধ ভাঙনি”, “খণ্ডবাক্য” আৰু “জতুৱা খণ্ডবাক্য”ৰ বিষয়ে আলোচনা কৰিছে। চতুৰ্দশ অধ্যায়“পদ্য-প্ৰকৰণ”ত অসমীয়া কবিতাত প্ৰয়োগ হোৱা ছন্দ; মিলিতান্ত আৰু অমিলিতান্ত পদ্য; পদ, দুলৰি, ছবি, লেছাৰী, ঝুনা বা একাৱলী, ঝুমুৰি বা গজগতি, কুসুমমালা, হংসমালা, চপয় আদি ছন্দ সজ্জা আৰু অলংকাৰ সম্পৰ্কত অতি চমু আলোচনা এটি পুৰণি অসমীয়া কাব্য-কবিতাৰ পৰা উদাহৰণ লৈ ব্যাখ্যা কৰিছে।[10] লেখকৰ চমু পৰিচয়প্ৰধান প্ৰবন্ধ: সত্যনাথ বৰা
সত্যনাথ বৰা অসমৰ এজন প্ৰবন্ধকাৰ, বৈয়াকৰণ, শিক্ষাবিদ আৰু আইনী বিশেষজ্ঞ। 'জোনাকী'ৰ জৰিয়তে অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ বাবে কাম কৰাসকলৰ ভিতৰত তেখেত অন্যতম আছিল। ১৯১৯ চনত তেখেত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক নিৰ্বাচিত হয়। আধুনিক অসমীয়া ভাষাত ৰচিত গীতৰ প্ৰথম পুথি 'গীতাৱলী', ব্যাকৰণৰ পুথি 'বহল ব্যাকৰণ', চিন্তাগধূৰ প্ৰবন্ধৰ সংকলন 'সাৰথি' আদি গ্ৰন্থৰে তেখেতে অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই গৈছে।[11] তথ্যসূত্ৰ
গ্ৰন্থপঞ্জী
বাহ্যিক সংযোগ
|