বংগৰ বিভাজন (১৯৪৭)১৯৪৭ চনৰ বংগৰ বিভাজন হ'ল ভাৰতৰ বিভাজনৰ এটি অংশ, য'ত ব্ৰিটিছ ভাৰতৰ বেংগল প্ৰদেশক ৰেডক্লিফ ৰেখাৰে[1] বিভাজিত কৰা হৈছিল। বংগৰ এভাগ (পশ্চিম দিশৰ হিন্দু সংখ্যাগড়িষ্ঠতা থকা ভাগ) থাকিল ভাৰতৰ ওচৰত (পশ্চিমবংগ ৰাজ্য) আৰু আনটো ভাগ (পূব দিশৰ মুছলিম সংখ্যাগড়িষ্ঠতা থকা ভাগ) হৈ পৰিল পাকিস্তানৰ অংগ (পূব পাকিস্তান)। পূব ভাগ পাছলৈ স্বাধীন বাংলাদেশ হ'ল। প্ৰক্ৰিয়া১৯৪৭ চনৰ ২০ জুন তাৰিখে বংগৰ বিধান সভা বহিল এই নিৰ্ণয় ল'বলৈ যে বেংগল প্ৰেচিডেঞ্চি ঐক্যবদ্ধভাৱে ভাৰতত থাকিব, ঐক্যবদ্ধভাৱে পাকিস্তানত থাকিব নে দুভাগত বিভক্ত হ'ব। প্ৰথম একত্ৰ সত্ৰত ১২০-৯০ৰ ভোটেৰে নিৰ্ণয় কৰা হ'ল যে যদি ই পাকিস্তানৰ সংবিধান সভাত যোগ দিয়ে, তেন্তে ই ঐক্যবদ্ধ থাকিব। পাছত, পশ্চিম বংগৰ সদস্যসকলে এক সভা পাতিলে য'ত ৫৮-২১ ভোটেৰে নিৰ্ণয় হ'ল যে বংগক বিভাজন কৰা উচিত আৰু পশ্চিম বংগই ভাৰতৰ সংবিধান সভাত যোগ দিব। তাৰ পাছত আকৌ পূব বংগৰ সদস্যসকলৰ এক সভা বহিল য'ত দুটি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। প্ৰথম, যে বংগৰ বিভাজন হ'ব নালাগে, ১০৬-৩৫ ভোটেৰে। আৰু দ্বিতীয়তে, যে যদি বংগৰ বিভাজন হয়, তেন্তে পূৰ্ব বংগ পাকিস্তানৰ অংগ হ'ব লাগে।[2] ১৯৪৭ চনৰ ৬ জুলাই তাৰিখে চিলেটত গণভোট আয়োজিত হ'ল, আৰু চিলেটক অসম প্ৰদেশৰ পৰা পূৰ্ব বংগলৈ হস্তান্তৰ কৰা হ'ল।[3] বিভাজনৰ পাছতবিভাজনৰ পাছত ১৯৪৭ চনৰ ১৪-২৫ আগষ্টত পাকিস্তান আৰু ভাৰতলৈ, ক্ৰমে, ক্ষমতা হস্তান্তৰ কৰা হ'ল।[4] এনে কৰা হৈছিল মাউণ্টবেটেন প্লেনৰ মতে। পাছলৈ, ১৯৭১ চনৰ বাংলাদেশৰ মুক্তিযুদ্ধৰ পাছত পূৰ্ব বংগ এক স্বাধীন দেশ হ'ল, যাৰ নাম ৰখা হ'ল বাংলাদেশ। তথ্য সংগ্ৰহ
লগতে চাওক |