ফাতিমা শ্বেখ
জীৱনী১৮৩১ চনৰ ৯ জানুৱাৰী তাৰিখে কোম্পানী ৰাজৰ অন্তৰ্ভুক্ত বোম্বে প্ৰেছিডেন্সীৰ পুণেত ফাতিমা শ্বেখৰ জন্ম হৈছিল। তেওঁ আমেৰিকান শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানত সাৱিত্ৰীবাই ফুলেক লগ পাইছিল। মহাত্মা ফুলে আৰু সাৱিত্ৰীবাই ফুলে ১৮৪৮ চনত পুনেত এখন বালিকা বিদ্যালয় আৰম্ভ কৰিছিল। ফাতিমা শ্বেখে এই বিদ্যালয়ত শিক্ষয়িত্ৰী হিচাপে কাম কৰি আছিল। মহাত্মা ফুলে আৰু সাবিত্ৰীবাই ফুলে শ্বেখৰ ঘৰত বাস কৰাৰ সময়ত এই বিদ্যালয়খন আৰম্ভ কৰাৰ পিছত তেওঁলোকৰ ঘৰ এৰিব লগা হৈছিল। ফাতিমা শ্বেখে সাৱিত্ৰীবাইৰ সহযোগত শিক্ষকতাৰ কাম আৰম্ভ কৰিছিল। তেওঁ সকলো ধৰ্ম আৰু জাতিৰ শিশুক শিকাইছিল। শ্বেখে গোটেই জীৱন সমতাৰ বাবে আৰু সমাজৰ পৰা বৰ্ণ বৈষম্য আঁতৰাবলৈ কাম কৰিছিল। তেওঁ দাৰোদাৰলৈ গৈছিল আৰু শিক্ষাৰ গুৰুত্ব বুজাবলৈ প্ৰচাৰৰ কামত যোগ দিছিল। সাৱিত্ৰীবাই ফুলেৰ দৰে ফাতিমা শ্বেখ সেই সময়ৰ লোকসকলৰ দ্বাৰা পীড়িত হৈছিল। তেওঁ সত্যশোধক সমাজৰ লগতো জড়িত আছিল।[1] ১৮৫৬ চনৰ ১০ অক্টোবৰত মহাত্মা ফুলেলৈ লিখা এখন পত্ৰত সাৱিত্ৰীবাই ফুলে ফাতিমা শ্বেখৰ কথা উল্লেখ কৰিছিল। সাৱিত্ৰীবাই নিজৰ স্বাস্থ্যৰ বিষয়ে সেই পত্ৰখন লিখিছিল।[1] সন্মান২০১৪ চনত ভাৰত চৰকাৰে উৰ্দু পাঠ্যপুথিত ফাতিমা শ্বেখৰ জীৱনৰ ওপৰত এখন পাঠ আৰু আলোকচিত্ৰ অন্তৰ্ভুক্ত কৰিছিল। ২০২১ চনৰ ৯ জানুৱাৰী তাৰিখে গুগলে তেওঁৰ ১৯১তম জন্ম বাৰ্ষিকী উপলক্ষে ডুডল প্ৰদৰ্শন কৰি সন্মানিত কৰে।[6] তথ্য উৎস
|