সাৱিত্ৰীবাই ফুলে
সাৱিত্ৰীবাই জ্যোতিৰাও ফুলে (মাৰাঠী: सावित्रीबाई जोतीराव फुले; ৩ জানুৱাৰী ১৮৩১ - ১০ মাৰ্চ ১৮৯৭) এগৰাকী ভাৰতীয় সমাজ সংস্কাৰক আৰু কবি। তেওঁ আৰু তেওঁৰ স্বামী জ্যোতিৰাও ফুলে একেলগে ব্ৰিটিছ শাসনৰ কালছোৱাত মহিলাৰ অধিকাৰৰ বাবে কাম কৰিছিল।[1] ১৮৪৮ চনত ফুলে আৰু তেওঁৰ স্বামীয়ে পুণেৰ ভিড়া ৱাডাত ভাৰতৰ প্ৰথম মহিলা বিদ্যালয় স্থাপন কৰে। মানুহৰ জাতি আৰু লিংগৰ ভিত্তিত কৰা অন্যায় আৰু আৰু বৰ্ণ বৈষম্য আঁতৰ কৰিবলৈ তেওঁ কঠিন পৰিশ্ৰম কৰিছিল। সেইবাবে তেওঁক মহাৰাষ্ট্ৰৰ এগৰাকী গুৰুত্বপূৰ্ণ সমাজ সংস্কাৰক বুলি গণ্য কৰা হয়। ২০১৭ চনৰ ৩ জানুৱাৰী তাৰিখে চাৰ্ছ ইঞ্জিন গুগলে তেওঁৰ ১৮৬তম জন্মদিন গুগল ডুদুলেৰে তেওঁক সন্মানিত কৰে।[2][3] প্ৰাৰম্ভিক জীৱন১৮৩১ চনত মহাৰাষ্ট্ৰৰ নাইগাঁৱত সাৱিত্ৰীবাইৰ জন্ম হয়। সাধাৰণ কৃষক পৰিয়ালত তেওঁৰ জন্ম হৈছিল।[4] মাত্ৰ ন বছৰ বয়সতে ১৮৪০ চনত তেওঁ বাৰ বছৰীয়া জ্যোতিৰাও ফুলেৰ লগত বিবাহ পাশত আৱদ্ধ হয়। তেওঁলোকৰ কোনো সন্তান নাছিল। কিন্তু পিছলৈ তেওঁলোকে যশৱন্তৰাও নামৰ বিধৱা ব্ৰাহ্মণ এগৰাকীৰ পুত্ৰ তুলি লয়।[5] কবিতাসাৱিত্ৰীবাই এগৰাকী আগশাৰীৰ মাৰাঠী কবি আছিল। তেওঁ ভেদ-ভাৱৰ ওপৰত কেইবাটাও কবিতা লিখি মানুহক শিক্ষা গ্ৰহণ কৰিবলৈ প্ৰেৰণা যোগাইছিল।[6][7] মৰণোত্তৰ ভাবে তেওঁৰ দুখনি কবিতা পুথি "কাব্য ফুলে (১৯৩৪)" আৰু "বাভানকাশী সুৱধ ৰত্নাকৰ (১৯৮১)" প্ৰকাশিত হয়। মৃত্যু১৮৯৭ চনৰ ১০ মাৰ্চ তাৰিখে প্লেগ ৰোগত সাৱিত্ৰীবাইৰ মৃত্যু হয়। প্লেগ মহামাৰীত তেওঁ ৰোগী সমূহক সেৱা শুশ্ৰূষা কৰিছিল। প্লেগ এক প্ৰকাৰৰ সংক্ৰামক ৰোগ। সেয়ে ৰোগীৰ সংস্পৰ্শত থকাৰ বাবে তেওঁৰো প্লেগ বেমাৰ হৈ পৰে আৰু মৃত্যু হয়। বঁটা আৰু সন্মান
গ্ৰন্থৰাজি
তথ্য উৎস
বহিঃসংযোগ
|