প্ৰবীণ ফুকন
জন্ম আৰু পৰিচয়প্ৰখ্যাত নাট্যকাৰ আৰু অভিনেতা প্ৰবীণ ফুকনৰ (১৯১২-১৯৮৫) গুৱাহাটীত জন্ম।[4] দেউতাক নবীনচন্দ্ৰ ফুকন ৰঙিয়াৰ হ'লেও তেওঁ আছিল লাচিত বৰফুকনৰ বংশধৰ।[4] মাতৃ অময়া ফুকন। লতাশিল এল পি স্কুলৰ পৰা প্ৰবীণ ফুকনে প্ৰথমিক শিক্ষা সাং কৰে। কটন কলেজিয়েট হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত নামভৰ্তি কৰিছিল যদিও খেলা-ধূলাত ব্যস্ত থাকি স্নাতক ডিগ্ৰী লোৱা নহ'ল।[4] তেওঁ কেইবছৰমান কামৰূপ একাডেমী স্কুলত শিক্ষকতা কৰিছিল। ফুটবল, টেনিছ, বেডমিণ্টন আদি খেলত সুনাম অৰ্জন কৰিছিল। ফুকন গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ প্ৰথমটো উপদেষ্টা মণ্ডলীৰ সদস্য আছিল।[4]পিয়ানোবাদক হিচাপেও সুখ্যাতি লাভ কৰিছিল। ৰাজ্য চৰকাৰৰ সাহিত্যিক পেঞ্চন (১৯৭৬) লাভ কৰা ফুকনক গুৱাহাটী শিল্পী সংঘই ‘নাট্যাচাৰ্য’ উপাধিৰে বিভূষিত কৰিছিল। [4] সাহিত্য কৃতিকাল পৰিণয় শীৰ্ষক নাটকেৰে নাট্যকাৰ ৰূপে আত্মপ্ৰকাশ কৰা ফুকনৰ দ্বাৰা ৰচিত নাটকৰ সংখ্যা প্ৰায় ৩০খন।তেওঁৰ কেইখনমান নাটক হ’ল- আসাম হলিউড, মণিৰাম দেৱান, লাচিত বৰফুকন, শতিকাৰ বান, বিশ্বৰূপা আদি। বহুৰূপী, দুই দোস্ত, কমাৰ্চিয়েল মেৰেজ, বংশধ্বজৰ কীৰ্তি, বহ্বাৰম্ভে লঘূক্ৰিয়া, ৰাম-টাঙোন আদি কেইখনমান তেওঁৰ দ্বাৰা ৰচিত উল্লেখযোগ্য প্ৰহসন। তেওঁ অঁনাতাৰ কেন্দ্ৰৰ বাবেও নাট ৰচনা কৰিছিল। এইবোৰৰ ভিতৰত আছে- নদ আৰু নদী, ছাইক্লন, নপতা ফুকন, অভাৰব্ৰিজ, চতুৰঙ্গী, সমিধান, নীলমাধৱ আদি।[1] অসমীয়া চলচ্চিত্ৰ লাচিত বৰফুকন (১৯৬১) আৰু মণিৰাম দেৱানৰ (১৯৬৪) কাহিনী আৰু চিত্ৰনাট্য ফুকনৰ একে নামৰ মঞ্চনাটৰ আধাৰত ৰচনা কৰা হৈছিল।[5][6] ১৯৮৫ চনৰ ১৪ এপ্ৰিলত ফুকনৰ মৃত্যু হয়।[1] তথ্য উৎস
|