প্ৰণতি নায়ক |
---|
ব্যক্তিগত তথ্যাৱলী |
---|
ৰাষ্ট্ৰীয়তা |
ভাৰতীয় |
---|
জন্ম |
৬ এপ্ৰিল, ১৯৯৫ (২৯ বছৰ) ঝাৰঘাম, পিঙ্গলা, পশ্চিমবংগ, ভাৰত |
---|
বাসগৃহ |
ঝাৰঘাম, পিঙ্গলা, পশ্চিমবংগ |
---|
উচ্চতা |
১৪৪ ছেমি. |
---|
ক্ৰীড়া |
---|
ক্ৰীড়া |
জিমনাষ্টিক |
---|
প্ৰশিক্ষক |
লখন শৰ্মা, মিনাৰা বেগম |
---|
পদক অভিলেখ
প্ৰতিনিধিত্ব কৰা দেশ ভাৰত
|
মহিলাৰ আৰ্টিষ্টিক জিমনাষ্টিকছ
|
এচিয়ান চেম্পিয়নস্বিপ
|
|
২০১৯ উলানবাটৰ |
ভল্ট
|
|
প্ৰণতি নায়ক (ইংৰাজী: Pranati Nayak) এগৰাকী ভাৰতীয় জিমনাষ্ট। ১৯৯৫ চনৰ ৬ এপ্ৰিল তাৰিখে পশ্চিমবংগৰ পিঙ্গলা নামৰ ঠাইত নায়কৰ জন্ম হয়।[1] তেওঁ ২০১৯ এছিয়ান আৰ্টিষ্টিক জিমনাষ্টিক চেম্পিয়নশ্বিপ ভল্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল।[2][3][4][5] তেওঁ ন বছৰ বয়সৰ পৰাই জিমনাষ্টিকৰ শিক্ষা গ্ৰহণ কৰিছিল আৰু স্কুলৰ প্ৰশিক্ষকৰ পৰামৰ্শৰ পিছতে কলকাতালৈ স্থানান্তৰিত হয়। কলকাতাত তেওঁ মিনাৰা বেগমৰ তত্ত্বাৱধানত প্ৰশিক্ষণ আৰম্ভ কৰে। নায়কৰ ধাৰাবাহিক প্ৰদৰ্শনে তেওঁক ভাৰতীয় ৰেল বিভাগৰ চাকৰি লাভ কৰাত সহায় কৰিছিল।[6]
২০২১ চনৰ এছিয়ান চেম্পিয়নশ্বিপ বাতিল হোৱাৰ পিছত নায়কে শ্ৰীলংকাৰ মিলকা গেহানিৰ সৈতে ২০২০ টকিঅ' গ্ৰীষ্মকালীন অলিম্পিকত মহাদেশীয় কোটা স্থান অৰ্জন কৰে।[7] টকিঅ'লৈ যোগ্যতা অৰ্জন কৰা তেওঁ আছিল ভাৰতীয় দলৰ একমাত্ৰ জিমনাষ্ট।[8]
তথ্যউৎস