পাণ্ড্য ৰাজবংশপাণ্ড্য ৰাজবংশ (ইংৰাজী: Pandya dynasty) দক্ষিণ ভাৰতৰ এটা প্ৰাচীন তামিল ৰাজবংশ আছিল। তেওঁলোকক মাদুৰাইৰ পাণ্ড্য বুলিও কোৱা হয়। তামিলাকমৰ তিনিটা প্ৰখ্যাত বংশৰ অন্যতম; আন দুটা ৰাজবংশ হৈছে চোল আৰু চেৰা।[1] খ্ৰীষ্টপূৰ্ব চতুৰ্থৰ পৰা তৃতীয় শতিকালৈ বিদ্যমান এই বংশটোৱে সাম্ৰাজ্যবাদী আধিপত্যৰ দুটা কাল পাৰ কৰিছিল; খ্ৰীষ্টপূৰ্ব ষষ্ঠৰ পৰা দশম শতিকালৈ প্ৰথম পৰ্যায় আৰু খ্ৰীষ্টাব্দ তেৰশ শতিকাৰ পৰা চৈধ্যশ শতিকালৈ দ্বিতীয় পৰ্যায়। পাণ্ড্যসকলে মাদুৰাইক কেন্দ্ৰ কৰি বৰ্তমানৰ দক্ষিণ ভাৰত আৰু উত্তৰ শ্ৰীলংকাৰ অঞ্চলসমূহকো সামৰি জাগীৰদাৰী ৰাজ্য হিচাপে এক বিস্তৃত ভূখণ্ডত শাসন কৰিছিল।[2][3] তিনিওটা তামিল বংশৰ শাসকসকলক "তামিল দেশৰ মুকুট পিন্ধা শাসক" বুলি কোৱা হৈছিল।[1] পাণ্ড্য বংশৰ উৎপত্তি আৰু সময়ৰেখা নিৰ্দ্ধাৰণ কৰাটো কঠিন। প্ৰাচীন কালৰ পৰাই প্ৰথম পৰ্যায়ৰ পাণ্ড্য মুখীয়ালসকলে নিজৰ দেশ (পাণ্ড্যনাডু) শাসন কৰিছিল, য'ত অন্তৰ্ভূক্ত আছিল অন্তৰ্দেশীয় নগৰ মাদুৰাই আৰু দক্ষিণৰ কোৰকাই বন্দৰ।[4][5] পাণ্ড্যসকলক উপলব্ধ আটাইতকৈ প্ৰাচীন তামিল কবিতাত (সংগম সাহিত্য) উল্লেখ পোৱা যায়। গ্ৰীক-ৰোমান বিৱৰণ (খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাৰ পৰাই), মৌৰ্য সম্ৰাট অশোকৰ অনুশাসন, তামিল-ব্ৰাহ্মী লিপিৰ কিংবদন্তিযুক্ত মুদ্ৰা আৰু তামিল-ব্ৰাহ্মী শিলালিপিসমূহে খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ পৰা খ্ৰীষ্টীয় প্ৰথম, দ্বিতীয় শতিকালৈকে পাণ্ড্য বংশৰ ধাৰাবাহিকতা প্ৰকাশ কৰে।[6] দক্ষিণ ভাৰতত কলাভ্ৰ বংশৰ উত্থানৰ লগে লগে প্ৰথম পৰ্যায়ৰ ঐতিহাসিক পাণ্ড্যসকল লাহেলাহে ম্লান হৈ আহে।[7] ষষ্ঠ শতিকাৰ পৰা নৱম শতিকালৈকে বাদামীৰ চালুক্যসকল, দাক্ষিণাত্যৰ ৰাষ্ট্ৰকুটসকল, কাঞ্চিৰ পল্লৱসকল আৰু মাদুৰাইৰ পাণ্ড্যসকলে দক্ষিণ ভাৰতৰ ৰাজনীতিত আধিপত্য বিস্তাৰ কৰিছিল। পাণ্ড্যসকলে প্ৰায়ে কাবেৰী (চোল দেশ), প্ৰাচীন চেৰা দেশ (কংগু আৰু মধ্য কেৰালা) আৰু ভেনাডু (দক্ষিণ কেৰালা), পল্লৱ দেশ আৰু শ্ৰীলংকাৰ উৰ্বৰ মোহনাত শাসন কৰিছিল বা আক্ৰমণ কৰিছিল।[8] নৱম শতিকাত থাঞ্জাৱুৰৰ চোলসকলৰ উত্থানৰ লগে লগে পাণ্ড্যসকলৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে আৰু পিছলৈ চোলসকলৰ সৈতে অহৰহ সংঘাতত লিপ্ত হয়। ত্ৰয়োদশ শতিকাৰ শেষৰ ফালে চোল সাম্ৰাজ্যই নিজৰ সীমা পুনৰুজ্জীৱিত কৰাৰ সুযোগ নোপোৱালৈকে পাণ্ড্যসকলে সিংহলী আৰু চেৰাসকলৰ সৈতে মিত্ৰতা কৰি চোল সাম্ৰাজ্যক হাৰাশাস্তি কৰিছিল।[9] প্ৰথম মাৰবৰ্মন আৰু প্ৰথম জাতবৰ্মান সুন্দৰ পাণ্ড্যৰ (ত্ৰয়োদশ শতিকা) অধীনত পাণ্ড্যসকলে স্বৰ্ণযুগত প্ৰৱেশ কৰে।[3] প্ৰাচীন চোল দেশলৈ সম্প্ৰসাৰণৰ বাবে প্ৰথম মাৰবৰ্মনে কৰা কিছুমান প্ৰাৰম্ভিক প্ৰচেষ্টা হয়ছলসকলে ফলপ্ৰসূভাৱে পৰীক্ষা কৰিছিল।[10] প্ৰথম জাতবৰ্মনে (প্ৰায় ১২৫১ খ্ৰীষ্টাব্দ) তেলুগু দেশলৈ (উত্তৰ দিশত নেল্লোৰলৈ) দক্ষিণ কেৰালালৈ ৰাজ্যখনৰ সফলতাৰে সম্প্ৰসাৰণ আৰু উত্তৰ শ্ৰীলংকা জয় কৰে।[3] কাঞ্চি চহৰখন পাণ্ড্যসকলৰ দ্বিতীয় ৰাজধানীত পৰিণত হয়। সাধাৰণতে হয়ছলসকল মহীশূৰ মালভূমিতে আবদ্ধ হৈ আছিল আৰু আনকি পাণ্ড্যসকলৰ সৈতে হোৱা যুদ্ধত তেওঁলোকৰ ৰজা সোমেশ্বৰো নিহত হৈছিল। প্ৰথম মাৰবৰ্মণ কুলশেখৰে হয়ছল আৰু চোল মিত্ৰশক্তিক পৰাস্ত কৰি শ্ৰীলংকা আক্ৰমণ কৰে। বুদ্ধৰ পবিত্ৰ দাঁতৰ অৱশেষ পাণ্ড্যসকলে লৈ যায়। এই সময়ছোৱাত ৰাজ্যখনৰ শাসন কেইবাজনো ৰাজকীয় ব্যক্তিৰ মাজত ভাগ-বতৰা কৰি লোৱা হৈছিল। ইয়াৰে এজনে বাকীসকলৰ ওপৰত প্ৰাধান্য লাভ কৰিছিল।[11] ১৩১০–১১ খ্ৰীষ্টাব্দত দক্ষিণ ভাৰতত খিলজী আক্ৰমণৰ লগেলগে পাণ্ড্য ৰাজ্যৰ আভ্যন্তৰীণ সংকট প্ৰকটিত হয়।[8] পৰৱৰ্তীকালত ৰাজনৈতিক সংকট অধিক ঘণীভূত হয়। মুছলমান শাসকৰ বাৰেবাৰে অভিযান আৰু লুণ্ঠন চলে। দক্ষিণ কেৰালা (১৩১২) আৰু উত্তৰ শ্ৰীলংকা (১৩২৩) হেৰুৱাবলগীয়া হয় আৰু মাদুৰাইত চুলতানেট (১৩৩৪) প্ৰতিষ্ঠা হয়।[12] তুঙ্গভদ্ৰা উপত্যকাৰ উচ্চাংগীৰ পাণ্ড্য (৯ম-১৩ শতিকা) মাদুৰাইৰ পাণ্ড্যসকলৰ সৈতে সম্পৰ্কিত আছিল।[3] পৰম্পৰা অনুসৰি মাদুৰাইত কিংবদন্তি সংগমসমূহ পাণ্ড্যসকলৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হৈছিল আৰু কিছুমান পাণ্ড্য শাসকে নিজকে কবি বুলি দাবী কৰিছিল। পাণ্ড্যনাডুত মাদুৰাইৰ মীনাক্ষী মন্দিৰকে ধৰি কেইবাটাও প্ৰখ্যাত মন্দিৰ আছিল। কাদুংগনৰ (৭ম শতিকা) নেতৃত্বত পুনৰজ্জীৱিত হোৱা পাণ্ড্য শক্তিৰ সৈতে শৈৱ নয়নাৰ আৰু বৈষ্ণৱীয় আলৱাৰৰ বিশিষ্টতাৰ সংযোগ ঘটিছিল।[13] জনা যায় যে পাণ্ড্য শাসকসকলে ইতিহাসত কম সময়ৰ বাবে জৈন ধৰ্ম অনুসৰণ কৰিছিল।[14] তথ্য সংগ্ৰহ
|