নয়নজ্যোতি শৰ্মা
নয়নজ্যোতি শৰ্মা (ইংৰাজী: Nayanjyoti Sarma) একাধাৰে গল্পকাৰ, ৱিকিমিডিয়ান তথা চিকিৎসক। কৰ্মসূত্ৰে বৰ্তমান তেখেত নলবাৰীৰৰ শুশ্ৰূষা চিকিৎসালয়ৰ এজন চিকিৎসক।[4] তেখেতে ২০২৩ বৰ্ষৰ নৱেম্বৰ মাহত 'জাল কটা জুই’ শীৰ্ষক চুটিগল্প সংকলনৰ বাবে মুনীন বৰকটকী সাহিত্য বঁটা আৰু ২০২৪ চনৰ জুন মাহত সাহিত্য অকাডেমিৰ যুৱ বঁটা লাভ কৰে।[5] [6] ২০২২ চনৰ ডিচেম্বৰ মাহত প্ৰকাশ হোৱা এই গল্প সংকলন খনেই তেখেতৰ প্ৰথমখন প্ৰকাশিত গ্ৰন্থ।[4] তদুপৰি ২০২৩ বৰ্ষত ২৯ ছেপ্তেম্বৰৰ পৰা ১ অক্টোবৰলৈ অনুষ্ঠিত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱত তেখেতক প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা-২০২৩ প্ৰদান কৰা হৈছে।[7] জন্ম আৰু শিক্ষা১৯৯৩ চনৰ ৩ জুন তাৰিখে নলবাৰী জিলাৰ কমাৰকুছি অঞ্চলত[8] জন্মগ্ৰহণ কৰা ডা° শৰ্মাই ২০১০ চনত নলবাৰীৰ অসম একাডেমীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ হৈছিল। পিছলৈ তেওঁ ২০১২ চনত নলবাৰী কলেজৰ পৰা উচ্চতৰ মাধ্যমিক, ২০১৭ চনত জালুকবাৰীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু ২০২১ চনত শল্য তন্ত্ৰ বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[9] তেওঁৰ পিতৃ খনীন্দ্ৰ শৰ্মা আৰু মাতৃ ঊষা দেৱী।[10] প্ৰকাশিত গ্ৰন্থ
তথ্যসূত্ৰ
|