দ্বাদশ মহাজনদ্বাদশ মহাজন হৈছে ভগৱান বিষ্ণুৰ বাৰজন বিশেষ আৰু বিশ্বস্ত প্ৰতিনিধি। মানৱ সমাজক ভক্তিমূলক সেৱাসমূহৰ প্ৰতি উদ্বুদ্ধ কৰিবলৈ বাৰ্তা প্ৰেৰণ কৰাটো হৈছে এই প্ৰতিনিধিসকলৰ কৰ্তব্য। মহাজন শব্দটোৰ অৰ্থ হৈছে 'মহৎ-লোক'। উল্লেখনীয় যে, প্ৰাশ্চ্য চালুক্যৰ ৰজাসকলৰ অধীনস্থ প্ৰশাসক আৰু বিষয়াসকলক বুজাবৰ বাবেও মহাজন শব্দ প্ৰচলিত হৈছিল।[1] ভাগৱত পুৰাণ (৬.৩.২০-২১)-ত বাৰজন মহাজনৰ উল্লেখ আছিল।[2] এই দ্বাদশ মহাজন হৈছে ভগৱান বিষ্ণুৰ শ্ৰেষ্ঠতম সেৱক। তেওঁলোকৰ ভাগৱত-ধৰ্মত সম্পৰ্কে জ্ঞান সৰ্বোৎকৃষ্ট।[3] দ্বাদশ মহাজনৰ তালিকা
তথ্যসূত্ৰ
|