দুৰ্গেশ্বৰ শৰ্মা
দুৰ্গেশ্বৰ শৰ্মা এজন অসমীয়া কবি আৰু নাট্যকাৰ।[1] তেওঁৰ কবিতা পুথি দুখন হৈছে অঞ্জলি আৰু নিবেদন। তেওঁৰ কবিতাসমূহত ভাৰতীয় দৰ্শনৰ প্ৰভাৱ স্পষ্টভাৱে দেখা যায়। কবিতাৰ দৰে নাট্য ৰচনাতো খ্যাতি অৰ্জন কৰা শৰ্মাই অমিত্ৰাক্ষৰ ছন্দত পাৰ্থ পৰাজয় আৰু বালী বধ নমাৰ দুখন পৌৰাণিক নাটক ৰচনা কৰে। চন্দ্ৰাৱলী আৰু পদ্মাৱতী নাটক দুখন ক্ৰমে উইলিয়াম শ্বেইকছপীয়েৰৰ As you Like It আৰু Cymbeline নাটৰ মুকলি অনুবাদ।[1] জন্ম১৮৮৫ চনত যোৰহাটৰ পটীয়া গাঁৱত দুৰ্গেশ্বৰ শৰ্মাৰ জন্ম হয়। পিতৃৰ নাম কমলচন্দ্ৰ শৰ্মা।[1][2] শিক্ষাপটীয়া গাঁও প্ৰাইমাৰী স্কুলত শিক্ষাজীৱনৰ পাতনি মেলা শৰ্মাই যোৰহাট হাইস্কুলৰ পৰা ১৮৯৯ চনত এট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পিছত তেখেতে কোচবিহাৰ কলেজৰ পৰা ১৯০১ চনত এছ এ, ১৯০৩ চনত বি এ আৰু ১৯০৬ চনত বি এল উত্তীৰ্ণ হয়। কৰ্মজীৱন১৯০৬ চনত দুৰ্গেশ্বৰ শৰ্মাই ওকালতিৰে কৰ্মজীৱন আৰম্ভ কৰে।[1] ১৯১১ চনত তেখেতে এক্সট্ৰা এছিছটেণ্ট কমিছনাৰৰ পদ লাভ কৰে। তাৰপিছত ১৯১৭ চনত মেনেজাৰ ক’ৰ্ট অৱ ৱাৰ্ডছ আৰু ১৯২৬ চনত বৰপেটাৰ মহকুমাধিপতি নিৰ্বাচিত হয়। দুবছৰ এই পদত কটোৱাৰ পিছত তেখেতে ১৯২৮ চনত চাব জৰ্জ আৰু এডিছনেল ডিষ্ট্ৰিক্ট জৰ্জৰ পদ পূৰণ কৰে। ১৯৩১ চনত তেখেত মঙলদৈ মহকুমাৰ মহকুমাধিপতিৰূপে নিৰ্বাচিত হয়।[1] ইয়াৰ পিছত চিলেটৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট, কামৰূপ জিলাৰ ডেপুটি কমিচনাৰ, ডাইৰেক্টৰ অব লেণ্ড ৰেকৰ্ড, কেন্দ্ৰীয় লেজিছলেটিভ এছেম্বলীৰ সদস্য আদি পদত চাকৰি কৰি ১৯৪০ চনত কানি নিবাৰণ এক্সাইজ কমিছনাৰ হিচাপে অৱসৰ গ্ৰহণ কৰে। ১৯৪৩ চনত তেখেতক গৌৰীপুৰ, বিজনীৰ দেৱানৰ পদ যচা হয়। গ্ৰন্থৰাজীকবিতাপুথি
নাটক
মৃত্যু৪ ছেপ্টেম্বৰ, ১৯৬১ চনত দুৰ্গেশ্বৰ শৰ্মাৰ মৃত্যু হয়। তথ্যসংগ্ৰহ
বহিঃ সংযোগ
|