দিগন্ত ওজা
দিগন্ত ওজা (ইংৰাজী: Diganta Oza) হৈছে এগৰাকী অসমীয়া সাংবাদিক, সম্পাদক, সাহিত্যিক। ‘অসমীয়া সমাজ জীৱনৰ বিৱৰ্তন’, ‘প্ৰথম মহাসমৰ’ আদি তেখেতৰ দ্বাৰা লিখা দুখন অন্যতম প্ৰাসংগিক গ্ৰন্থ৷ তেখেত ‘অসম শিশু সাহিত্য কোষ’ৰ ৪১ টা খণ্ডৰ সহযোগী সম্পাদক আছিল আৰু তেখেতৰ নেতৃত্বতেই ‘অসম আন্দোলনৰ তথ্যকোষ’৬টা খণ্ডত প্ৰকাশ হৈছে৷[1] তেখেতে প্ৰাগ নিউজৰ মুখ্য কাৰ্যবাহী সম্পাদক হিচাপে ২০২২ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেখেত ২০২২ চনত ‘ডাঙৰ মানুহৰ সাধু’ শীৰ্ষক গ্ৰন্থৰ বাবে ২০২২ বৰ্ষৰ সাহিত্য অকাডেমিৰ ‘শিশু সাহিত্য বঁটা’ লাভ কৰিছে৷[2] বৰ্তমান ওজা ২০২২ চনৰ জুলাই মাহত আৰম্ভ হোৱা ‘বাৰ্তা এন.ই’পৰ্টেলৰ মুখ্য সম্পাদক। জন্ম আৰু বংশ পৰিচয়অসমৰ বিশ্বনাথ জিলাৰ বিশ্বনাথ চাৰিআলিত ১৯৭২ চনত জন্ম৷ পিতৃৰ নাম ৰমেন ওজা, মাতৃৰ নাম ৰেণু ওজা৷ শিক্ষাচাৰিআলি একাডেমিৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ আৰু বিশ্বনাথ কলেজৰ পৰা উচ্চতৰ মাধ্যমিক সম্পূৰ্ণ কৰি ওজাই উচ্চ শিক্ষাৰ বাবে গুৱাহাটীলৈ আহে৷ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক উত্তীৰ্ণ হয়৷ কৰ্মজীৱনছাত্ৰ অৱস্থাতেই ওজাই ১৯৯৩ চনত অসমীয়া দৈনিক কাকত ‘আজিৰ সংবাদ’ৰ (অধুনালুপ্ত ) নিবন্ধ সম্পাদকৰূপে কৰ্মজীৱনৰ পাতনি মেলে৷ পৰৱৰ্তীকালত ‘আমাৰ অসম’ৰ উপ-বাৰ্তা সম্পাদক (১৯৯৭-২০০২) আৰু ‘জনসাধাৰণ’ৰ সহযোগী সম্পাদক (২০০৩-২০০৬)ৰ দায়িত্ব পালন কৰি ‘অসমীয়া প্ৰতিদিন’ত সহকাৰী সম্পাদকৰূপে ২০০৭ৰ জানুৱাৰীত যোগ দিয়ে৷ এমাহৰ পাছতে সেই কাকতগোষ্ঠীৰ পৰা প্ৰকাশিত সাহিত্য আলোচনী ‘সাতসৰী’ৰ কাৰ্যবাহী সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে৷ ২০১৫ৰ মে’ মাহলৈ সেই পদতে থাকি আলোচনীখনক নতুন চিন্তাৰ বাৰ্তাবাহক কৰাত ভূমিকা লয়৷ ২০১৫ৰ জুন মাহত তেওঁ টেলিভিছন চেনেল প্ৰাগ নিউজত যোগ দিয়ে৷ তেওঁ প্ৰাগ নিউজৰ মুখ্য কাৰ্যবাহী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ দিগন্ত ওজা ১৯৯৬ চনত প্ৰকাশিত অসমীয়া ভাষাৰ প্ৰথমখন সম্পূৰ্ণ কিতাপ বিষয়ক আলোচনী ‘গ্ৰন্থ’ৰো আছিল সম্পাদক আৰু প্ৰকাশক৷ বৰ্তমান তেওঁ ‘বাৰ্তা এন.ই’ৰ মুখ্য সম্পাদক। সাহিত্যৰাজিপ্ৰবন্ধ সংকলন
উপন্যাস
শিশু সাহিত্য
সম্পাদনা
বঁটা আৰু সন্মান
তথ্যসূত্ৰ
|