ডিব্ৰুগড় ৰেল ষ্টেচন
ডিব্ৰুগড় ৰেল ষ্টেচন (ইংৰাজী: Dibrugarh Railway Station) অসমৰ ডিব্ৰুগড় জিলাৰ বাণীপুৰত অৱস্থিত। ই লামডিং-ডিব্ৰুগড় শাখাৰ এক গুৰুত্বপূৰ্ণ ষ্টেচন। ডিব্ৰুগড় টাউন ৰেল ষ্টেচন (DBRT)ৰ পিছতেই ডিব্ৰুগড় ৰেল ষ্টেচন (DBRG) ঐতিহাসিক নগৰৰ দ্বিতীয় ৰেল ষ্টেচন। ইতিহাস১৬ জুলাই, ১৮৮৩ চনত ডিব্ৰুমুখৰ পৰা মাকুমলৈ ডিব্ৰু-শদিয়া ৰেলৱেৰ 1,000 mm (3 ft 3 3⁄8 in) বহল মিটাৰগেজ ৰেললাইন যাত্ৰীৰ বাবে মুকলি কৰা হৈছিল। পিছলৈ ১৯০৩ চনত অসম বেংগল ৰেলৱেৰ চট্টগ্ৰামৰ পৰা লামডিঙলৈ থকা মিটাৰ গজ লাইনটোক তিনিচুকীয়াত ডিব্ৰু-শদিয়া লাইনৰ সংযোগ কৰা হয়।[1] ডিব্ৰুগড়-লামডিং শাখা মিটাৰ গজৰ পৰা ব্ৰড গজলৈ 1,676 mm (5 ft 6 in) সলনি কৰাৰ প্ৰকল্প ১৯৯৭ চনৰ শেষলৈ সমাপ্ত হয়।[2] ২০০২ চনত বগীবিল নামৰ ঠাইত ব্ৰহ্মপুত্ৰৰ ওপৰত চতুৰ্থখন দলং নিৰ্মাণৰ কাম আৰম্ভ হ'ল। এইখন এখন ৰেল আৰু মটৰ চলিবপৰা দুখলপীয়া দলং। সমান্তৰালভাবে ডিব্ৰুগড়ৰ পৰা উত্তৰ অসমৰ ৰঙাপাৰা-মুৰ্কংচেলেক ৰেলপথ সংযোগী এটা নতুন ৰেলপথ নিৰ্মাণৰ কামো চলিল।[3] ইফালে পূৰ্বৰ মিটাৰগেজ শিমলুগুৰি-মৰাণহাট শাখা ৰেলপথ ব্ৰডগেজলৈ ৰূপান্তৰ কৰি ইয়াক ডিব্ৰুগড়লৈ সম্প্ৰসাৰণ কৰাৰ প্ৰকল্পও হাতত লোৱা হ'ল। ২০০৯ চনত মৰাণহাটৰ পৰা ডিব্ৰুগড়লৈ সম্প্ৰসাৰিত অংশ (মৰাণহাট-চাউলকৰা খণ্ড) ৰেল যাতায়তৰ বাবে মুকলি কৰা হয়।[4] সেইবাবে ডিব্ৰুগড়ত এটা নতুন ৰেল ষ্টেচন নিৰ্মাণৰ প্ৰয়োজনীয়তা আহি পৰিল। ১৩ ডিচেম্বৰ , ২০০৯ ৰ পৰা বাণীপুৰ অঞ্চলত নতুনকৈ নিৰ্মাণ কৰা ডিব্ৰুগড় ষ্টেচনৰ পৰা ৰেলসেৱা আৰম্ভ হয়।[5] ডিব্ৰুগড় - কন্যাকুমাৰী বিবেক এক্সপ্ৰেছ২০১১ চনত আৰম্ভ কৰা ডিব্ৰুগড় - কন্যাকুমাৰী বিবেক এক্সপ্ৰেছ (Dibrugarh - Kanyakumari Vivek Express) ভাৰতৰ দীৰ্ঘতম ৰেলসেৱা। ৰেলখনে অসম, পশ্চিমবঙ্গ, উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, কেৰালাৰ মাজেৰে ৮২ ঘণ্টাত 4,278 km (2,658 মাইল) পথ অতিক্ৰম কৰে।[6][7] ৰেলসেৱাসমূহডিব্ৰুগড় ৰেল ষ্টেচনৰ পৰা অহা যোৱা কৰা কিছুমান উল্লেখযোগ্য ৰেলৰ নং, নাম, আদিস্থান, গন্তব্য স্থান আৰু দিনৰ সূচী তলত দিয়া হৈছে:
তথ্যসূত্ৰ
লগতে চাওকবাহ্যিক সংযোগ |