চিত্ৰলেখা
চিত্ৰলেখা (সংস্কৃত: चित्रलेखा; ইংৰাজী: Chitralekha) আছিল শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ পত্নী ঊষাৰ সখী। তেওঁৰ দেউতাক আছিল শোণিতপুৰ (বৰ্তমানৰ তেজপুৰ) -ৰ ৰজা বাণাসুৰৰ মন্ত্ৰী কুম্ভাণ্ড।[1] চিত্ৰলেখা এগৰাকী চিত্ৰকৰ আছিল। কিংবদন্তিপ্ৰতাপী অসুৰ ৰজা বাণাসুৰে এখন ডাঙৰ ৰাজ্য শাসন কৰিছিল। বিষ্ণুৰ কথা মতে বিশ্বকৰ্মাই প্ৰদান কৰা ৰাসলিংগক তেওঁ পূজা কৰিছিল। শিৱই তাণ্ডৱ নৃত্য কৰিলে ভক্ত বাণে তেওঁৰ সহস্ৰ বাহুৰে মৃদংগ বজাইছিল। বাণৰ ভক্তিত সন্তুষ্ট হৈ শিৱই তেওঁক বৰ দিয়ে আৰু বাণক ৰক্ষা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। সময়ৰ লগে লগে বাণ নিষ্ঠুৰ আৰু দাম্ভিক হৈ উঠে। বহুতো ডেকাই কন্যাৰ পাণি গ্ৰহণ কৰিবলৈ বিচৰাত তেওঁ জীয়ৰী ঊষাক অগ্নিগড়ৰ দুৰ্গত বন্দী কৰি ৰাখে। এদিন ঊষাই সপোনৰ এজন পুৰুষক দেখা পাই প্ৰেমত পৰে। ঊষাৰ সখী আছিল বাণ ৰজাৰ মন্ত্ৰী কুম্ভাণ্ডৰ জী চিত্ৰলেখা। প্ৰতিভাবান চিত্ৰকৰ চিত্ৰলেখাই বহু ছবি আঁকি দেখুৱাই সপোনৰ পুৰুষজন শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ বুলি চিনাক্ত কৰে। মায়াজালেৰে চিত্ৰলেখাই অনিৰুদ্ধক অপহৰণ কৰি ঊষাৰ ওচৰলৈ লৈ আহে।[2] এই কথা গম পাই বাণে অনিৰুদ্ধক বন্দী কৰি থয়। কৃষ্ণই অনিৰুদ্ধক মোকোলাবলৈ আহোঁতে বাণাসুৰৰ ৰক্ষক শিৱৰ লগত তেওঁৰ প্ৰচণ্ড যুঁজ হয়। এই যুদ্ধক হৰি-হৰ যুদ্ধ বোলে।[1] যুদ্ধত তেজৰ নৈ বৈ যোৱা বাবে ঠাইডোখৰ পাছলৈ তেজপুৰ বা শোণিতপুৰ বুলি জনাজাত হয়। ব্ৰহ্মাৰ হস্তক্ষেপত কৃষ্ণ আৰু শিৱই যুঁজ বন্ধ কৰিবলৈ সৈমান হয়।[3][4][5][6] বাণাসুৰে কৃষ্ণক ক্ষমা খোজে আৰু ঊষাক অনিৰুদ্ধলৈ বিয়া দিয়ে।
তথ্য সংগ্ৰহ
|