কালসন্ধ্যা (চলচ্চিত্ৰ)
কালসন্ধ্যা (হিন্দী: कालसंध्या) হৈছে ১৯৯৭ চনত মুক্তি লাভ কৰা এখন হিন্দী ভাষাৰ বোলছবি।[1] ড॰ ভবেন্দ্ৰ নাথ শইকীয়াই পৰিচালনা কৰা ছবিখনে অসমত ঘটি থকা সামৰিক কাৰ্যকলাপক মুখ্য বিষয় হিচাপে উপস্থাপন কৰিছিল।[2] বিদ্ৰোহে অসমৰ মানুহৰ জনজীৱনৰ ওপৰত কিদৰে প্ৰভাৱ পেলাইছিল, সেইয়া ছবিখনৰ জৰিয়তে দেখুৱাব বিচৰা হৈছিল।[3] যতীন বৰা, আশিস বিদ্যাৰ্থী, দেবশ্ৰী ৰয়, নিপন গোস্বামী আদিয়ে কেইটামান গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল।[4] উল্লেখনীয় যে, ছবিখন ১৯৯৭ চনৰ ভাৰতীয় পেনোৰামালৈও নিৰ্বাচিত হৈছিল।[5] সেই বছৰৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত ছবিখনৰ প্ৰদৰ্শনী হৈছিল। আনহাতে কাইৰো আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱৰ ভাৰতীয় শাখাতো ছবিখন অন্তৰ্ভুক্ত হৈছিল।[6] কাহিনীৰঞ্জিত নামত এজন শিক্ষিত নিবনুৱাই সংগ্ৰাম বাহিনীত যোগদান কৰে। অস্ত্ৰধাৰী বিদ্ৰোহীয়ে সেইসময়তে কেতবোৰ হত্যাকাণ্ড সংঘটিত কৰিছিল। তেনে এক পৰিপ্ৰেক্ষিততে ৰঞ্জিতে অনুৰাধাৰ গিৰিয়েকক হত্যা কৰে। কিছুদিনৰ পাছত, স্থানীয় মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপক বনজিৎ দত্তকো গুলীয়াই হত্যা কৰা হয়। ৰঞ্জিত ক্ৰমাৎ অধ্যাপকৰ পৰিয়ালৰ ঘনিষ্ঠ হৈ পৰে আৰু অনুশোচনা তথা অপৰাধবোধত দগ্ধ হ'বলৈ ধৰে।[7] অভিনয়-শিল্পী
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
|