কলি (অসুৰ)
কলি (দেৱনাগৰী: कलि) হৈছে হিন্দু ধৰ্মীয় পৌৰাণিক কাহিনীত বৰ্ণিত এজন অসুৰ। তেওঁ কলিযুগত ৰাজত্ব কৰে আৰু হিন্দু পালনকাৰী দেৱতা বিষ্ণুৰ দশম তথা অন্তিম অৱতাৰ কল্কিৰ[1] প্ৰতিনিধি হিচাপে কাম কৰে। মহাভাৰতমহাভাৰতৰ মতে, ৰাজকুমাৰী দময়ন্তীৰ সয়ম্বৰ অনুষ্ঠানত পলমকৈ উপস্থিত হোৱা আৰু দময়ন্তীয়ে ইন্দ্ৰ, অগ্নি, বৰুণ, আৰু যম (আৰু শেষত তেওঁকো) আদি দেৱতাক উপেক্ষা কৰি নলক স্বামী হিচাপে বৰণ কৰা বাবে গন্ধৰ্ব কলি ঈৰ্ষান্বিত হৈছিল। খঙত কলিয়ে তেওঁৰ সঙ্গী দ্বাপৰ যুগৰ ব্যক্তি স্বৰূপ দ্বাপৰক ক’বলৈ ধৰিলে:
কলিয়ে বাৰ বছৰ অপেক্ষাৰ অন্তত এক শুভ মুহূৰ্তত নলৰ নিষাধ ৰাজ্যলৈ যাত্ৰা আৰম্ভ কৰিলে। নলে ভৰি নোধোৱাকৈ প্ৰাৰ্থনা কৰি নিজকে অশুদ্ধ কৰি তুলিছিল, সেয়ে কলিয়ে তেওঁৰ আত্মাক মোহিত কৰিবলৈ সক্ষম হয়। তাৰ পিছত কলিয়ে পুষ্কৰ ওচৰলৈ গৈ ককায়েকৰ লগত পাশা খেল খেলিবলৈ নিমন্ত্ৰণ কৰি নলৰ পতনৰ নিশ্চয়তা দিলে। দ্বাপৰে খেলত ছলনা কৰিবলৈ পাশাখেলত বৃষ (Vrisha, পাশাখেলৰ এটা গুটিৰ নাম)ৰ ৰূপ ল’লে। কলিয়ে নলক হাৰিবলৈ বাধ্য কৰাইছিল আৰু প্ৰতিবাৰেই তেঁওৰ উপদেষ্টা আৰু পত্নীৰ প্ৰতিবাদৰ পিছতো বাজি আৰু ওপৰলৈ তুলিছিল। অৱশেষত পূষ্কৰৰ হাতত নলে নিজৰ ৰাজ্য হেৰুৱালে। তেওঁ আৰু দময়ন্তী দুয়োকে অৰণ্যলৈ নিৰ্বাসিত কৰা হ’ল। তেওঁলোকৰ বনবাসৰ সময়ত কলিয়ে নলক প্ৰৰোচিত কৰি দময়ন্তীক পৰিত্যাগ কৰোৱাইছিল আৰু এই অভিশাপৰ বাবে পিছলৈ নলৰ পতন আৰম্ভ হৈছিল। অৱশেষত চেডি ৰাজ্যৰ ৰাজকুমাৰীৰ দাসী হিচাপে দমযন্তী ঘৰলৈ উভতি আহে। ইফালে নলে নাৰদৰ দ্বাৰা অভিশপ্ত জীৱন কটোৱা কাৰ্কোটক নাগক জুইৰ পৰা ৰক্ষা কৰে। নিজৰ ভিতৰত থকা চয়তানক উলিয়াই দিয়াৰ উদ্দেশ্যেৰে নাগে নলক দংশন কৰে আৰু তেওঁৰ দেহত মাৰাত্মক বিষ ঢালি দিয়ে। সেই বিষৰ প্ৰভাৱত নলা বাহুক নামৰ এটা কুৎসিত বাওনালৈ ৰূপান্তৰ হয়। পাছলৈ তেওঁ অযোধ্যাৰ ৰজা ঋতুপৰ্ণৰ ৰথী হৈছিল। ৰজা ঋতুপৰ্ণ এজন নিপুণ গণিতজ্ঞ তথা পাশা খেলৰ পাৰ্গত খেলুৱৈ আছিল। বছৰ বছৰ পিছত ৰজা ঋতুপৰ্ণে অশ্বাৰোহণ শিকোৱাৰ বিনিময়ত বাহুকক পাশা নিয়ন্ত্ৰণৰ দক্ষতা প্ৰদান কৰে। এই দক্ষতা লাভৰ পিছতেই নল কলিৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত হৈ পৰে (দময়ন্তীৰ অভিশাপ আৰু কৰ্কোটকৰ বিষৰ সহায়ত) আৰু কলিক মুখৰ পৰা বিষৰ ৰূপত বমি কৰি উলিয়াই পঠিয়ায়। কলিৰ কঁপি থকা আত্মাটো নলে জোৰকৈ এজোপা ভোমোৰা গছত ভৰাই দিলে। তাৰ পাছত গছজোপাৰ ফল গণনা কৰি পত্নীৰ সন্ধানত গুচি যায় আৰু পিছত পুনৰ নিজৰ প্ৰকৃত ৰূপ ঘূৰাই পায়। পিছত কলিও নিজৰ বাসস্থানলৈ উভতি যায়। তাৰ পিছত কলি জ্যেষ্ঠ কৌৰৱ দুৰ্যোধন ৰূপে আৰু তেওঁৰ সংগী দ্বাপৰ মামা শকুনি ৰূপে আৱিৰ্ভাৱ হয়। দুৰ্যোধনৰ জন্মৰ দিনা তেওঁ গাধৰ দৰে এটা চিঞৰ মাৰিছিল আৰু অন্য গাধবোৰেও সহযোগ কৰিছিল। বিদুৰে সেই কু-ক্ষণত জন্মা দুষ্ট কেঁচুৱাটো পৰিত্যাগ কৰিবলৈ পৰামৰ্শ দিয়াৰ পিছতো দুৰ্যোধনৰ পিতৃ ধৃতৰাষ্ট্ৰই পুত্ৰৰ প্ৰতি থকা অন্ধ প্ৰেমৰ বাবে শিশুটিক পৰিত্যাগ কৰা নাছিল আৰু ৰজাৰ দায়িত্বও উপেক্ষা কৰিছিল। কলিযুগৰ আৰম্ভণিতে এবাৰ ৰজা পৰীক্ষিত অৰণ্যত চিকাৰ কৰিবলৈ গৈছিল। ঠিক তেতিয়াই বাটৰ মাজতে কলি তেওঁৰ সন্মুখত উপস্থিত হৈ তেওঁৰ ৰাজ্যত প্ৰৱেশৰ অনুমতি বিচাৰে, কিন্তু ৰজাই সেয়া অস্বীকাৰ কৰে। বহু কাকূতি-মিনতি কৰাৰ পিছত পৰীক্ষিতে তেওঁক জুৱা, মদ্যপান, বেশ্যাবৃত্তি, পশু বধ আৰু সোণ এই পাঁচ স্থানত থকাৰ অনুমতি দিয়ে। কলিয়ে চতুৰতাৰে পৰীক্ষিতৰ সোণালী মুকুটত প্ৰৱেশ কৰি তেওঁৰ বুদ্ধি ভ্ৰষ্ট কৰে। ইয়াৰ পিছত পিয়াহ পলুৱাবলৈ পৰীক্ষিত শমিক নামৰ ঋষিৰ এজনৰ জুপুৰিত প্ৰৱেশ কৰে। গভীৰ ধ্যানত মগ্ন ঋষিক তেওঁ কেইবাবৰো প্ৰণাম কৰিলে যদিও ঋষিয়ে কোনো সঁহাৰি দিয়া নাছিল। খঙতে তেওঁ মৰা সাপ এটা লৈ ঋষিৰ ডিঙিত আঁৰি থৈ আহিল। পিছত যেতিয়া ঋষিৰ পুত্ৰ শৃংগীয়ে এই ঘটনাৰ কথা শুনিলে তেতিয়া তেওঁ ৰজাক সপ্তম দিনা সাপৰ কামোৰত মৃত্যু হ’বলৈ অভিশাপ দিলে। এই কথা শুনি ৰজাই নিজৰ পুত্ৰ জন্মেজয়ক সিংহাসনৰ প্ৰদান কৰি জীৱনৰ অন্তিম সাত দিন শুক্ৰতলৰ জৰী গছৰ তলত শুক ঋষিৰ মুখে ভাগৱত পুৰাণ শুনি কটায়।[3] ভৱিষ্যদ্বাণী কৰা মতে, সপ্তম দিনৰ দিনা সৰ্পৰাজ তক্ষকে পৰীক্ষিতক দংশন কৰে[3] আৰু তেওঁ মোক্ষ লাভ কৰে। মৃত্যুকল্কি পুৰাণত কলিৰ মৃত্যু সম্পৰ্কে বিৱৰণ পোৱা যায়। কলি আৰু কল্কিৰ সৈন্যৰ মাজত হোৱা নিৰ্ণায়ক যুদ্ধৰ সময়ত কলিয়ে ধৰ্ম আৰু সত্যৰ সৈতে মুখামুখি হ’বলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁৰ ৰথ ধ্বংস হোৱাৰ বাবে তেওঁ গাধৰ পিঠিত উঠি পলায়ন কৰে। কলিয়ে নিজৰ ৰাজধানীলৈ পলাই যায় আৰু তাত দেখা পাই যে তেওঁৰ মৃতদেহ দুজন দেৱতাৰ সৈতে জ্বলাই দিয়া হৈছে। তেওঁৰ তেজৰ দুৰ্গন্ধই সমগ্ৰ পৰিৱেশ ভৰি পৰিছে। যেতিয়া ধৰ্ম আৰু সত্য নগৰত প্ৰৱেশ কৰে, কলিয়ে পুনৰ পলাবলৈ চেষ্টা কৰে।[4] ইয়াৰ বাবে কিছুমানে তেওঁৰ মৃত্যু হোৱা বুলি বিশ্বাস কৰে, কিন্তু কল্কি পুৰাণৰ এটা সংস্কৰণ “দ্য অৰিজিন অৱ এভিল ইন হিন্দু মিথ’ল’জি” (The Origins of Evil in Hindu Mythology) গ্ৰন্থত কোৱা হৈছে যে কলিৰ মৃত্যু নহয় বৰঞ্চ সময় আৰু স্থানৰ মাজেৰে পলায়ন কৰি পৰৱৰ্তী কল্পৰ কলিযুগত জীয়াই থাকে। লেখকে মন্তব্য কৰিছে, “দেৱতা আৰু অসুৰৰ মাজত হোৱা বেছিভাগ যুদ্ধৰ দৰে এই চাক্ষুক বিজয় তৎক্ষণাত সম্পন্ন নহয়, কাৰণ কলি 'অন্য যুগত'—আমাৰ যুগত, বা পৰৱৰ্তী কলি যুগত পুনৰ আবিৰ্ভাৱ হ'বলৈ পলায়ন কৰে।”[5] যিহেতু পৃথিৱীত মানৱ ৰূপত নিজকে প্ৰকাশ কৰাৰ শক্তি কলিৰ আছে, সেয়ে তেওঁ নিজৰ মৃত্যুমুখী শাৰীৰিক ৰূপটো পৰিত্যাগ কৰি, আত্মাক পলুৱাই নিবলৈ সক্ষম হৈছিল। তথ্য সংগ্ৰহ
|