কপিলা বাৎসায়ন
শৈশৱ আৰু শিক্ষাসমাজসেৱী, শিল্পী আৰু বিদ্বান পৰিয়ালত জন্ম লাভ কৰা কপিলা বাৎসায়নে সৰুৰে পৰা কাশ্মিৰী চুফী কবিসকল, বৌদ্ধ ধৰ্মপ্ৰচাৰক ভদন্ত আনন্দ কৌশলায়ন, লোকগীতৰ গৱেষক দেবেন্দ্ৰ সত্যাৰ্থী, সাহিত্যিক চন্দ্ৰগুপ্ত বিদ্যালঙ্কাৰ আদি ব্যক্তিসকলৰ সংস্পৰ্শ লাভ কৰিছিল। শৈশৱত তেওঁ মাকৰ পৰা ঘোঁৰা দৌৰোৱা, সাঁতোৰ, চিলাই কৰা, নাও খেলা, কাৰু-চাৰু কলা, সংগীত, নৃত্য আদি বিভিন্ন ক্ষেত্ৰত অনুপ্ৰেৰণা লাভ কৰিছিল। শৈশৱত তেওঁ নৃত্যশিক্ষাৰ পাতনি মেলি মাত্ৰ ষোল্ল বছৰ বয়সতে হিন্দুস্থানী সংগীত আৰু নৃত্য বিদ্যালয় এখনৰ উপাধ্যক্ষ হয়। তেওঁ ভাৰতনাট্যম আৰু ওড়িছী নৃত্যৰো প্ৰশিক্ষণ লৈছিল। ১৯৪২ চনত তেওঁ দিল্লীৰ ইন্দ্ৰপ্ৰস্থ বিদ্যালয়ৰ পৰা প্ৰৱেশিকা, ১৯৪৬ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা বি.এ. আৰু ১৯৪৮ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত এম.এ. পাছ কৰে।[3] ১৯৮২ চনত তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে। ১৯৮২ চনত সন্মানসূচক ভাবে বেনাৰস হিন্দু বিশ্ববিদ্যালয়, ১৯৮৫ চনত ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়, ১৯৮৬ চনত আমেৰিকা মাউন্ট হলিওক মহাবিদ্যালয় আৰু ১৯৮৭ চনত মণিপুৰ বিশ্ববিদ্যালয়ৰ পৰা ডি লিট উপাধি লাভ কৰে। কৰ্ম জীৱনকৰ্মময় জীৱনত বাৎসায়ন, ১৯৪৯-৫৪ চনলৈ দিল্লী বিশ্ববিদ্যালয়ত ইংৰাজী বিষয়ৰ অধ্যাপিকা নিযুক্ত হয়। তাৰ পিছত তেওঁ ১৯৫৪-৬২ চনলৈ দিল্লী সাংস্কৃতিক বিভাগৰ সহকাৰী শিক্ষা উপদেষ্টা, ১৯৬২-৬৪ চনলৈ ২৬ তম আন্তঃৰাষ্ট্ৰীয় প্ৰাচ্যতত্ববিদ কংগ্ৰেছৰ যুটীয়া সম্পাদিকা,[4] ১৯৬৪-৭৪ চনলৈ দিল্লীৰ সাংস্কৃতিক বিভাগৰ উপ শিক্ষা উপদেষ্টা, ১৯৭৫-৮২ চনলৈ নতুন দিল্লী শিক্ষা মন্ত্ৰালয়ৰ, সাংস্কৃতিক বিভাগৰ যুটীয়া শিক্ষা উপদেষ্টা, আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক সম্পৰ্ক বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া, ১৯৭৯-৮০ চনলৈ য়ুনিভাৰ্ছিটি অৱ কলম্বিয়াৰ ভ্ৰমণৰত অধ্যাপিকা, ১৯৮১ চনত আমেৰিকাৰ য়ুনিভাৰ্ছিটি অৱ ফিলাডেলফিয়াৰ কলা ইতিহাস বিভাগৰ ভ্ৰমণৰত অধ্যাপিকা, ১৯৮২-৮৫ চনলৈ নতুন দিল্লী শিক্ষা আৰু সংস্কৃতি মন্ত্ৰালয়ৰ সংস্কৃতি বিভাগৰ অতিৰিক্ত সচিব, ১৯৮৫ চনত নতুন দিল্লী মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ কলা বিভাগৰ সচিব আৰু নতুন দিল্লী, ইন্দিৰা গান্ধী চেণ্টাৰ ফৰ দি আৰ্টচ ট্ৰাষ্টৰ সদস্য সচিব ৰূপে কাৰ্যনিৰ্বাহ কৰে।[5][6] বঁটা আৰু সন্মানকপিলা বাৎসায়নে ১৯৬৯ চনত ভাবা মেমোৰিয়েল ফেলোশ্বিপ, ১৯৭০ চনত নতুন দিল্লী সংগীত নাটক অকাডেমি ফেলো,[7] ১৯৭৫ চনত জৱাহৰলাল নেহেৰু ফেলোশ্বিপ,[8] ১৯৭৮ চনত মণিপুৰ অকাডেমি অফ ডান্স ড্ৰামা এণ্ড আৰ্টছ ফেলো, ১৯৭৮ চনত নতুন দিল্লী, সংগীত নাটক অকাডেমিৰ উপাধ্যক্ষ, ১৯৮০চনত বোম্বেৰ এচিয়েটিক ছ'চাইটিৰ দ্বাৰা কেম্পবেল মেমোৰিয়েল সোণৰ পদক, ১৯৮১চনত শাৰংগ দেৱ বঁটা, ১৯৮২ চনত কলিকতাৰ এছিয়াটিক ছ'চাইটিৰ দ্বাৰা আৰ পি চন্দ শতবাৰ্ষিকী পদকৰ লগতে ১৯৮২ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে। ইয়াৰোপৰি ১৯৮২ চনত সন্মানসূচক ভাবে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা, ১৯৮৫ চনত ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়, ১৯৮৬ চনত আমেৰিকা মাউন্ট হলিওক মহাবিদ্যালয় আৰু ১৯৮৭ চনত মণিপুৰ বিশ্ববিদ্যালয়ৰ পৰা ডি লিট উপাধি লাভ কৰে। ১৯৮৫ চনত তেওঁ মণিপুৰ সাহিত্য অকাডেমি ফেলো লাভ কৰিছিল। ১৯৯০ চনৰ বাবে অসম চৰকাৰে তেওঁক শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়ায়। ১৯৯৮ চনত তেওঁক নৃত্য আৰু কলাৰ ইতিহাস বিষয়ত কৰা গৱেষণাৰ বাবে সন্মান প্ৰদান কৰে।[9] ২০০০ চনত ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় সদ্ভাৱনা বঁটা প্ৰদান কৰাৰ লগতে,[10] ২০১১ চনত তেওঁক ভাৰত চৰকাৰৰ সন্মানীয় পদ্মবিভূষণ বঁটা প্ৰদান কৰা হয়।[11] ৰচনাৱলীতেওঁৰ উল্লেখযোগ্য ৰচনৱলী সমূহ হ'ল:
তথ্যসূত্ৰ
|