এদিনৰ সংবাদ

এদিনৰ সংবাদ
প্ৰকাৰ দৈনিক বাতৰিকাকত
ফৰমেট ডাঙৰ পৃষ্ঠা
সম্পাদক প্ৰধান অদীপ কুমাৰ ফুকন[1]
প্ৰতিষ্ঠা ২৯ অক্টোবৰ, ২০০৬
ভাষা অসমীয়া
মুখ্য কাৰ্যালয় গুৱাহাটী, অসম

এদিনৰ সংবাদ হ'ল অসমৰ গুৱাহাটীৰপৰা প্ৰকাশিত এখন অসমীয়া ভাষাৰ দৈনিক বাতৰি কাকত। ২০০৬ চনৰ ২৯ অক্টোবৰ তাৰিখে কাকতখন প্ৰথম প্ৰকাশ পায়।[2] অদীপ কুমাৰ ফুকন কাকতখনৰ সম্পাদক। বৰ্তমান এইখন কাকত উপলব্ধ নহয়।

সমল

বিভিন্ন পৃষ্ঠা আৰু শিতানেৰে সৈতে কাকতখনে কিতাপৰ খবৰেৰে 'গ্ৰন্থ পৃষ্ঠা', হাস্য-ব্যংগ শিতান 'ব্ৰেকফাষ্ট', সাক্ষাৎকাৰ ভিত্তিক 'মনৰ খিৰিকী', অসমৰ বিভিন্ন স্থান বিষয়ক 'পৰিক্ৰমা', জনজাতীয় জীৱন বিষয়ক 'সমাজ' আৰু তথ্য আৰু মনোৰঞ্জন বিষয়ক পৃষ্ঠা 'তথ্যৰঞ্জন' প্ৰকাশ কৰে। [2]

লগতে চাওক

তথ্যসূত্ৰ

  1. Adinor Sambad[সংযোগবিহীন উৎস], আহৰণ: ২৮-০৯-২০১২
  2. 2.0 2.1 শান্তনু কৌশিক বৰুৱা (ডিচেম্বৰ, ২০২০). অসম ইয়েৰ বুক, ২০২১. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৬৪৪. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮.