উড়ল গছ
উড়ল গছ (বৈজ্ঞানিক নাম: Sterculia villosa) মালভেচিয়া (Malvaceae) পৰিয়ালৰ অন্তৰ্গত ষ্টাৰকুলিয়া (Sterculia) গণৰ এবিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি। ইংৰাজীত এই উদ্ভিদক হেয়াৰি ষ্টাৰকুলিয়া (hairy sterculia), এলিফেণ্ট ৰোপ ট্ৰি (elephant rope tree) বুলি কোৱা হয়। উত্তৰ-পূব ভাৰতত স্থানীয় ভাষাত ইয়াক চাৰ্ডল, উড়াল বা উদাৰ বুলি জনা যায়। ই এবিধ মজলীয়া আকাৰৰ উদ্ভিদ। এই উদ্ভিদৰ এটা বৈশিষ্ট্য হৈছে ইয়াৰ পাতবোৰৰ প্ৰায় ২৫–৪০ চে.মি. দীঘল এডাল ঠাৰি থাকে আৰু পাতৰ ফলক প্ৰায় ৫-৭ খণ্ডযুক্ত, প্ৰায় ২০–৪০ চে.মি. দীঘল আৰু বহল। পাতবোৰ ওপৰ ফালে নোমহীন কিন্তু তল ফালে নোম থাকে। ইয়াৰ ফুলবোৰ একলিংগ আৰু ফুলৰ পাহিবোৰ প্ৰায় ৪–৮ মিলিমিটাৰ দীঘল; ফুলবোৰ সহজে সৰি পৰে আৰু প্ৰাৰম্ভিক পৰ্যায়ত ছিগি যোৱাৰ প্ৰৱণতা থাকে। ইয়াৰ গুটিবোৰ দীঘলীয়া, মসৃণ আৰু ক’লা। সমগ্ৰ ভাৰত আৰু বাংলাদেশত ইয়াৰ বিস্তৃতি দেখা পোৱা যায় আৰু দ্ৰুতগতিত বিয়পি পৰা স্বভাৱৰ বাবে অন্য ঠাইতো ইয়াৰ খেতি কৰা হয়।[1] উড়ল গছৰ কাঠৰ কাগজ নিৰ্মাণৰ বৈশিষ্ট্য আছে। উত্তৰ-পূব ভাৰত আৰু বাংলাদেশত এই উদ্ভিদৰ বাকলি সাধাৰণতে চাহৰ বাকচ আৰু লঘু পেকিং কেচ তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়, ইয়াৰ উপৰিও কিছুমান বিশেষ গ্ৰাম্য অঞ্চলত খৰি হিচাপেও ব্যৱহাৰ কৰা হয়।[2] তথ্য সংগ্ৰহ
|