আত্মকথা
আত্মকথা হ’ল অসমৰ নৱপ্ৰজন্মৰ সাহিত্যিক শৰ্মিষ্ঠা প্ৰীতমৰ আত্মজীৱনী।[1][2] ২০১১ চনৰ ডিচেম্বৰ মাহত কিতাপখন প্ৰথম প্ৰকাশ হয়। আলিবাট প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখনৰ মুঠ পৃষ্ঠা ১৮১ আৰু মূল্য ১৭০ টকা। ২০১৭ চনৰ নৱেম্বৰ মাহলৈকে কিতাপখনৰ পাঁচটা সংস্কৰণ প্ৰকাশ হৈছে। লেখিকাই কিতাপখন আগবঢ়াইছে, "শাৰীৰিক প্ৰত্যাহ্বান নেওচি মহাজীৱনৰ সাধনাত ব্ৰতী হোৱা প্ৰতিজন ব্যক্তিৰ হাতত।"[1] এক দুৰাৰোগ্য ৰোগৰ বিৰুদ্ধে অহৰহ যুঁজি অহা প্ৰীতমৰ জীৱন গাথাৰ বিৱৰণ কঢ়িওৱা “আত্মকথা”ই ২০১২ বৰ্ষৰ মুনীন বৰকটকী বঁটা লাভ কৰে।[3][4] লেখকৰ চমু পৰিচয়প্ৰধান প্ৰবন্ধ: শৰ্মিষ্ঠা প্ৰীতম
নগাঁও জিলাৰ ফুলগুৰিত জন্ম লাভ কৰা শৰ্মিষ্ঠা প্ৰীতম পিতৃৰ নাম অভয় বৰুৱা আৰু মাতৃ ৰেণু বৰুৱা।[1] ফুলগুৰি প্ৰাথমিক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা আৰম্ভ কৰি ফুলগুৰি হাইস্কুলৰ পৰা মেট্ৰিকৰ দেওনা পাৰ কৰে। তেওঁ ৰহা হাইস্কুলৰ পৰা সুখ্যাতিৰে উচ্চতৰ মাধ্যমিক পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হৈ ৰহা মহাবিদ্যালয়ৰ পৰা স্নাতক শিক্ষা লাভ কৰে।[5] সৰুৰে পৰা সাহিত্যত ৰাপ থকা শৰ্মিষ্ঠাৰ নানা প্ৰবন্ধ অসমৰ কেইবাখনো বাতৰি কাকতত প্ৰকাশ হৈছে। তেওঁৰ প্ৰথম গ্ৰন্থ আছিল "ডাৱৰীয়া আকাশৰ বেলি" নামৰ এখন প্ৰবন্ধ সংকলন[6]। "দোকমোকালি" তেওঁৰ প্ৰথম কবিতা পুথি[6]। "আলফুলৰ সপোন" তেওঁৰ শিশু উপন্যাস। শৰ্মিষ্ঠা প্ৰীতম সৰুৰে পৰা "স্পাইনেল মাছ্কুলাৰ এট্ৰ'ফী" (Spinal muscular Atrophy) নামৰ ৰোগত আক্ৰান্ত[6]। সাৰাংশ১৯৮৫ চনৰ ১৮ ডিচেম্বৰত শৰ্মিষ্ঠা প্ৰীতমৰ জন্ম হয়। এক সুস্থ সৱল শিশু হিচাপে জন্ম লাভ কৰিলেও লাহে লাহে তেওঁ চলা ফুৰা কৰাত অসুবিধা পাবলৈ ধৰে আৰু তেওঁ স্পাইনো মাস্কুলাৰ এট্ৰফী নামৰ এবিধ দুৰাৰোগ্য ৰোগত আক্ৰান্ত বুলি ধৰা পৰে। উঠি দৌৰি ফুৰিবৰ প্ৰচণ্ড হেপাঁহ মনত থাকিলেও সেয়া সুদূৰ পৰাহত বুলি জনা সত্ত্বেও মনোবল আৰু ধৈৰ্যৰে তেওঁ কেনেকৈ জীৱন পথত সগৌৰৱে খোজ দি আছে তাৰ এক উপন্যাসোপম ধাৰা এই আত্মজীৱনীখনত প্ৰৱাহমান।[1] কেতিয়াও কোনো ক্ষেত্ৰত প্ৰতিবন্ধী,বাধাগ্ৰস্ত আদি শব্দৰ শিকলি পিন্ধি সুবিধা আদায় কৰাৰ ঘোৰ বিৰোধী প্ৰীতমৰ এই আত্মজীৱনীখনত তেওঁৰ শৈশৱৰ পৰা যুৱাৱস্থাৰ কালছোৱা বৰ্ণিত। প্ৰাতঃকৰ্মৰ পৰা ৰাতি শোৱালৈকে সকলো ক্ষেত্ৰতে মাক-দেউতাক,বায়েক বা বৌৱেকৰ সহায়ৰ প্ৰয়োজন হ’লেও তেওঁ কিতাপৰ ৰসাল তথা জ্ঞানদায়ী অনন্ত ভৰাঁলৰ প্ৰতি আকৰ্ষিত হৈ নিজেও লিখিবলৈ প্ৰেৰিত হয়। তদুপৰি গোটেই কিতাপখনতে বিশ্বৰ বিভিন্ন লোকে কিদৰে বাধাগ্ৰস্ত হৈও অসামান্য কাম কৰি নিজৰ ইচ্ছাশক্তিৰ প্ৰমাণ ডাঙি ধৰিছে তাৰ বহুতো উদাহৰণ ইয়াত দিয়া হৈছে। হুইল চেয়াৰত বহি থাকিবলগীয়া হ’লেও,বহুতো মানুহৰ অবাঞ্ছিত সহানুভূতিশীল বাক্যশেলৰ সন্মুখীন হ’বলগীয়া হ’লেও এই "সহি আছো সহি যাম" মনোভাৱেৰে তেওঁ আগবাঢ়ি যাবলৈ দৃঢ়প্ৰতিজ্ঞ। [2] [1] লেখিকাৰ নিজৰ ভাষাত[1]
মতামতড° অমৰজ্যোতি চৌধুৰীয়ে কৈছে "বিশ্বত বহুলভাৱে সমাদৃত এন ফ্ৰাঙ্কৰ ডায়েৰীতকৈ শৰ্মিষ্ঠা প্ৰীতমৰ আত্মকথা সহস্ৰগুণে উজলি উঠিছে। এই গ্ৰন্থ বিশুদ্ধ ৰূপত ইংৰাজীলৈ অনুবাদ হলে বিশ্বৰ মানুহৰ সৈতে হৃদয়ৰ সাঁকো গঢ় লৈ উঠিব। শৰ্মিষ্ঠাৰ গ্ৰন্থখন বিশ্বজনীন সাহসৰ অদম্য প্ৰতীক। আগতে শমিষ্ঠাৰ গদ্যৰ দৰে ইমান বিশুদ্ধ ৰূপত অসমীয়া লেখা পঢ়া মোৰ মনত নপৰে। তেওঁৰ লেখাত আছে লোক সংস্কৃতিৰ আধাৰ আৰু সমগ্ৰ ইচ্ছা আকাংক্ষা"।[7] হোমেন বৰগোহাঞিয়ে কৈছে “সন্দেহাতীত প্ৰতিভাৰ অধিকাৰিণী শৰ্মিষ্ঠাই তেওঁৰ ভিন্ন লেখা বিশেষকৈ তেওঁৰ আত্মজীৱনীখনৰ যোগেদি প্ৰমাণ কৰি দেখুৱাইছে যে পৰাজিত হ'বৰ কাৰণে জন্ম হোৱা নাই মানুহৰ। মানুহৰ অপৰাজেয় ইচ্ছাশক্তি আৰু আধ্যাত্মিক শক্তিৰ অবিস্মৰণীয় দলিল হৈ ৰ'ব শৰ্মিষ্ঠাৰ আত্মজীৱনী।“[8] বঁটা আৰু সন্মানশৰ্মিষ্ঠা প্ৰীতমৰ “আত্মকথা”ই ২০১২ বৰ্ষৰ মুনীন বৰকটকী বঁটা লাভ কৰে।[3][4] লগতে চাওকতথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|