ৱাজিদা তাবাচ্চুম
ৱাজিদা তাবাচ্চুম (উৰ্দু: واجدہ تبسم; ১৬ মাৰ্চ ১৯৩৫ – ৭ ডিচেম্বৰ ২০১১) এগৰাকী ভাৰতীয় উৰ্দু ভাষাৰ লেখিকা, কবি আৰু গীতিকাৰ। তেওঁৰ জীৱনকালত তেখেতে ২৭খন কিতাপ লিখিছিল। এইসমূহৰ কিছুমান চলচ্চিত্ৰ আৰু ভাৰতীয় দূৰদৰ্শনত ধাৰাবাহিক হিচাপে প্ৰদৰ্শিত হৈছে। তেওঁৰ ১৯৭৫ চনৰ বিতৰ্কিত কাহিনী উতৰনৰ পৰা ১৯৮৮ চনত এখন জনপ্ৰিয় ভাৰতীয় দূৰদৰ্শন ধাৰাবাহিক তৈয়াৰ কৰা হৈছিল।[1][2][3] উতৰনৰ এক ইংৰাজী অনুবাদ ১৯৯৪ চনত ছাচ ডিভোটেড চিষ্টাৰ্জ নামৰ ২০টা চুটি গল্পৰ এখন কিতাপত অন্তৰ্ভুক্ত কৰা হৈছিল। মীৰা নায়াৰ আৰু হেলেনা ক্ৰীলৰে ১৯৯৬ চনৰ চলচ্চিত্ৰ কামসূত্ৰ: এ টেল অফ লাভত এই কাহিনীৰ আধাৰত চিত্ৰ-নাট্য ৰচনা কৰিছিল।[4][5] জীৱনীৱাজিদা তাবাচ্চুমৰ জন্ম মহাৰাষ্ট্ৰৰ অমৰাৱতীত হৈছিল। তেওঁ ওচমানিয়া বিশ্ৱবিদ্য়ালয়ৰ পৰা উৰ্দু ভাষাত স্নাতক ডিগ্ৰী লাভ কৰিছে। স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত তেওঁলোকৰ পৰিয়াল অমৰাৱতীৰ পৰা হাইদৰাবাদলৈ স্থানান্তৰিত হয়, য'ত তেওঁ এক অভিজাত সামাজিক জীৱনৰ পটভূমিত ১৯৪০-ৰ দশকৰ পৰা উৰ্দু ভাষাত গল্প লিখিবলৈ আৰম্ভ কৰে।[3][6][7] তেওঁ ১৯৬০ চনত ভাৰতীয় ৰেল বিভাগত কাম কৰা তেওঁৰ সম্পৰ্কীয় ভাই আছফাক আহমেদৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। অৱসৰৰ পিছত, তেওঁৰ স্বামীয়ে তেওঁৰ সকলো কাহিনী প্ৰকাশ কৰিছিল। ৱাজিদা তেওঁলোকৰ চাৰিজন পুত্ৰ আৰু এজনী ছোৱালীৰ সৈতে মুম্বাইত থিতাপি লৈছিল।[6] ৱাজিদা তাবাচ্চুমৰ কাহিনী বিচুই চাদীত প্ৰকাশ হৈছে। এই কাহিনীবোৰ তেতিয়াৰ হাইদৰাবাদী নৱাবসকলৰ জীৱনৰ ওপৰত আধাৰিত আছিল যাক সুখী আৰু ৰোমাণ্টিক বুলি গণ্য কৰা হৈছিল। ১৯৬০ চনত ছহৰ-ই-মামনু নামেৰে প্ৰকাশিত গ্ৰন্থৰ বাবে তেওঁলোকে যথেষ্ট প্ৰশংসা আৰু ইতিবাচক সঁহাৰি লাভ কৰিছিল। সাহিত্য সমালোচক মুজতাবা হোছেইনৰ মতে চুগতাইৰ পিছত তেওঁ প্ৰথম গৰাকী লেখিকা যাক চাহেব-ই-আসলুব বুলি কোৱা হয়। আনহাতে তেওঁ তেওঁৰ কাহিনীত শালীনতাৰ অভাৱৰ বাবে দুখ প্ৰকাশ কৰিছে। উতৰন আছিল তাবাচ্চুমৰ সাহিত্যিক সাফল্য। নথ কা ব'ঝ, হৰ উপাৰ আৰু নথ উতৰৱাইৰ তেওঁৰ কাহিনীবোৰ যাদৃচ্ছিক আছিল বাবে বিতৰ্কিত হৈছিল। ১৯৬০ ৰ দশকৰ পৰা ১৯৭০ ৰ দশকলৈকে, তেওঁৰ ৰোমাণ্টিক কাহিনীবোৰ শ্বামা আলোচনীত প্ৰকাশ হৈছিল। এয়া তেওঁৰ উপাৰ্জনৰ মুখ্য উৎস আছিল। অৱশ্যে, ৰিউমেটইড আৰ্থ্ৰাইটিছত আক্ৰান্ত হোৱাৰ পিছত, তেওঁ মুম্বাইৰ ঘৰত এক বিচ্ছিন্ন জীৱন যাপন কৰিছিল। ২০১১ চনৰ ৭ ডিচেম্বৰত মুম্বাইত তেওঁৰ মৃত্যু হয়।[6][7] লিখক
তথ্যসূত্ৰ
বহিঃসংযোগ
|