ৰিছা

ৰিছা বা ৰিচা অসমৰ এক অন্যতম জনগোষ্ঠী ডিমাছাসকলৰ অতি আদৰৰ বস্ত্ৰ। ৰিছা মানে গামোছা। ভৈয়ামবাসী অসমীয়াসকলৰ গামোছাৰ প্ৰতি যি আদৰ; সেই একে আদৰ পাৰ্বত্য জনগোষ্ঠী ডিমাছাসকলৰ মাজত দেখা যায়, কাৰণ নামটো বেলেগ যদিও ৰিছা আৰু গামোছাৰ স্থান একেই। ’ডিমাছা গ্ৰাউৰেন’ নামৰ অভিধানমতে ৰিছা মানে, সৰু কাপোৰ, গা-পা মচা কাপোৰ, কাম-বন কৰোঁতে পুৰুষে পিন্ধা কাপোৰ।[1]হ’লেও বিহু, বিবাহ আৰু আন শুভ কামত ৰিছা এক অত্যাৱশ্যকীয় বস্ত্ৰ হিচাপে পৰিগণিত হৈ আহিছে। আজিকালি ইয়াক মান্যজনক মান দিয়াৰ বাবেও ব্যৱহাৰ কৰা হয়।

পুৰুষৰ বস্ত্ৰ

ডিমাছা জনজাতিৰ পুৰুষসকলে সাধাৰণতে চুৰিয়া আৰু কামিজকেই পিন্ধে যদিও কৃষিজীৱী ডিমাছা পুৰুষসকলে খেতি-বাতিৰ কাম আৰু ঘৰুৱা কামত বেছিকৈ ৰিছা পৰিধান কৰে। পুৰণিকালত পুৰুষসকলে হুলাহুলাউ(ওভাৰকোট) পিন্ধি মূৰত প্ৰায় ত্ৰিশহতীয়া কাপোৰৰ পাগুৰি মাৰিছিল যদিও, আজিকালি তেনে সাজ-পোছাক পিন্ধা লোকৰ সংখ্যা কমি গৈছে। অৱশ্যে বৃদ্ধসকলে পাগুৰী মৰাটো এতিয়াও সন্মানীয় প্ৰথা।[2]

ৰিছাৰ প্ৰকাৰ

ডিমাছাসকলৰ মাজত ৰিছা দুবিধ। এবিধ বিচুডিমা, বিবাহ আদি শুভ কামত ব্যৱহৃত হয়, এইবিধক ’ৰিমাই’ বোলে আৰু আনবিধ ৰিছা সাধাৰণভাৱে ব্যৱহৃত হয়। ৰিমাই প্ৰস্তুত কৰোঁতে বিশেষ ধৰণৰ ফুলবিশিষ্ট পাৰি দিয়া থাকে।

ৰিছাৰ প্ৰস্তুতকৰণ

সাধাৰণতে ডিমাছা নাৰী বোৱা-কটাত পাকৈত হয়। তেওঁলোকে আন পাহাৰীয়া জনগোষ্ঠীৰ শিপিনীৰ দৰে মাটিত বহি বোৱা তাঁত নবয়। ডিমাছাসকলে ভৈয়ামৰ অসমীয়া তাঁতৰ দৰে একে তাঁত কাপোৰ প্ৰস্তুত কৰাত ব্যৱহাৰ কৰে। ঝুম খেতিত উৎপন্ন হোৱা কপাহৰ পৰা সূতা কাটি, তাত প্ৰাকৃতিক পদ্ধতিৰে নানা ৰং তৈয়াৰ কৰি, সূতা ৰঙীন কৰি লয় আৰু বাতি কাঢ়ি তাঁতত তৰি লয়। ৰিছা দীঘলে ছয়ফুট হ’ব লাগে। অৱশ্যে আজিকালি মান্যজনক দিবলৈ বা ব্যৱসায়িক ভিত্তিত তৈয়াৰ কৰা ৰিছা কিছু চুটি কৰা হয়। নামনি অসমৰ বৰপেটা অঞ্চলৰ ’আনাকাটা’ কাপোৰৰ দৰে ৰিমাই নামৰ ৰিছাবিধ বিশেষ ফুলবিশিষ্ট পাৰি দি বোৱা হয়। হালধীয়া বা সেউজীয়া ৰঙৰ সূতা দীঘ আৰু বাণিত ব্যৱহাৰ কৰি পাৰিত ৰঙা ৰঙৰ সূতা দিয়া হয়। ৰিছাৰ আঁচু সূতা থাকিবই লাগে। এই আঁচুসূতাক ’ৰিঠাই’ বোলা হয়।

ফুলৰ চানেকিৰ নাম

ডিমাছাসকলৰ বস্ত্ৰত কিছুমান বিশেষ ৰং যেনে ৰঙা, হালধীয়া অৰু সেউজীয়া আৰু কিছুমান বিশেষ ফুলৰ চানেকি থাকে, যাৰ দ্বাৰা অতি সহজে জনগোষ্ঠীটোৰ সাজ-পাৰ চিনি পাব পাৰি। ৰিছাত ১) থুৰিচামিন, ২) চাইনয়াদেৰ, ৩) মুৰুছায়া গাইন’ আদি নামৰ ফুলৰ চানেকি থাকে। ’থুৰিচামিন আকৌ চাৰিপ্ৰকাৰৰ:- থৰিচামিন, গংবোৱা, গংচিনি, গংজিথাম।[2]

তথ্য সংগ্ৰহ

  1. ডিমাছা গ্ৰাউৰেন, পৃঃ নং ২১৭, নিৰুপমা হাগজেৰ
  2. 2.0 2.1 উত্তৰ কাছাৰ পাহাৰৰ লোকসংস্কৃতি, ধৰ্মেশ্বৰ দুৱৰা