২০২০ দিল্লী বিধানসভা নিৰ্বাচন
২০২০ৰ দিল্লী বিধানসভা নিৰ্বাচন ৮ ফেব্ৰুৱাৰীৰ দিনা দিল্লী বিধানসভাৰ ৭০জন সদস্য নিৰ্বাচন কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হৈছিল৷ ভোটদানৰ হাৰ আছিল ৬২.৫৯%,[1] যি হাৰ ২০১৫ৰ দিল্লী বিধানসভাৰ নিৰ্বাচনকৈ ৪.৮৮% কম আছিল, কিন্তু ২০১৯ৰ দিল্লীৰ লোকসভা নিৰ্বাচনতকৈ ২% বেছি আছিল৷[2][3] ২০১৫ত গঠন হোৱা বিধানসভাৰ কাৰ্যকাল ২০২০ৰ ২২ ফেব্ৰুৱাৰীত সমাপ্ত হ'ব৷[4][5] অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টিয়ে ৬২থন আসনত জিকি নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে৷ প্ৰেক্ষাপটদিল্লী বিধানসভাৰ পূৰ্বৱৰ্তী নিৰ্বাচন ২০১৫ৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হৈছিল। এই নিৰ্বাচনত নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভ কৰি আম আদমী পাৰ্টীয়ে অৰবিন্দ কেজৰিৱালৰ মুখ্যমন্ত্ৰিত্বত চৰকাৰ গঠন কৰিছিল। সূচীভাৰতৰ নিৰ্বাচন আয়োগে দিল্লী নিৰ্বাচনৰ সূচী ২০২০ৰ ৬ জানুৱাৰীৰ দিনা দিনৰ ভাৰতীয় সময় অনুসৰি ৩-৩০ বজাত ঘোষণা কৰিছিল।[6]
অংশগ্ৰহণকাৰী দল আৰু মিত্ৰজোঁট
দলভিত্তিক ফলাফল
সমষ্টি ভিত্তিক ফলাফল
তথ্য সংগ্ৰহ
|