হস্তান্তৰযোগ্য পত্ৰহস্তান্তৰযোগ্য পত্ৰ (ইংৰাজী: Negotiable instrument) হ’ল এখন লিখিত দলিল যাক এজনৰ পৰা আন এজনলৈ হস্তান্তৰ কৰিব পাৰি। হস্তান্তৰযোগ্য শব্দটিৰ অৰ্থ হ’ল হস্তান্তৰ কৰিব পৰা আৰু পত্ৰ শব্দটিৰ অৰ্থ হ’ল লিখিত দলিল বা নথি।[1] সংজ্ঞাহস্তান্তৰযোগ্য পত্ৰ আইন ১৮৮১ (Negotiable instrument Act 1881) ৰ ধাৰা ১৩ অনুযায়ী পত্ৰৰ বাহকক বা বাহকৰ নিৰ্দেশ ক্ৰমে পৰিশোধ কৰিব লগা প্ৰতিশ্ৰুতি পত্ৰ, বিনিময় পত্ৰ আৰু চেকক হস্তান্তৰযোগ্য পত্ৰ বোলা হয়।[1][2] ন্যায়াধীশ উইলচ (Justice Wills) ৰ মতে, হস্তান্তৰযোগ্য পত্ৰ বৈধভাৱে লাভ কৰা দলিল বা নথি, যাক গ্ৰহীতা বা প্ৰাপকে হস্তান্তৰকাৰী ত্ৰুটিপূৰ্ণ গৰাকীস্বত্বও ইয়াৰ উল্লেখ থকা সম্পত্তিৰ ওপৰত উচিত অধিকাৰ সাব্যস্ত কৰিব পাৰি।[2][1] ইতিহাসভাৰতত, খ্ৰীষ্টপূৰ্ব ৩য় শতিকাত মোৱামৰীয়া সময়ছোৱাত আদেশ নামৰ এখন নথি ব্যৱহাৰ কৰা হৈছিল, যিটো এজন বেংকাৰৰ ওপৰত এক আদেশ আছিল যে তেওঁ নোটৰ ধন তৃতীয় ব্যক্তিক পৰিশোধ কৰিব বিচাৰে, যাক আজি বুজি পোৱাৰ দৰে বিনিময় বিলৰ সংজ্ঞাৰ সৈতে সংযোজন কৰা হয়। প্ৰাচীন ৰোমানসকলে খ্ৰীষ্টপূৰ্ব ১ম শতিকাত প্ৰেস্ক্ৰিপ্টেচন বুলি জনা এক প্ৰাৰম্ভিক প্ৰকাৰৰ চেক ব্যৱহাৰ কৰিছিল বুলি বিশ্বাস কৰা হয়[3] আৰু ২০০০ বছৰীয়া ৰোমান প্ৰতিশ্ৰুতি পত্ৰ পোৱা গৈছে।[4] বিনিময় পত্ৰ আৰু প্ৰতিশ্ৰুতি পত্ৰৰ সাধাৰণ প্ৰ’টোটাইপচ্ (Common prototypes) চীনত উদ্ভৱ হৈছিল, য’ত ৮ম শতিকাত টাং ৰাজবংশৰ শাসনৰ সময়ত দীৰ্ঘ দূৰত্বত ধন সুৰক্ষিতভাৱে স্থানান্তৰ কৰিবলৈ ফেইটশ্যান (feitsyan) নামৰ বিশেষ সঁজুলি ব্যৱহাৰ কৰা হৈছিল।[5] বৈশিষ্ট্য[1]
হস্তান্তৰযোগ্য পত্ৰৰ প্ৰকাৰহস্তান্তৰযোগ্য পত্ৰক প্ৰধানতকৈ দুটা ভাগত ভাগ কৰা হয়।
প্ৰতিশ্ৰুতি পত্ৰ আৰু বিনিময় পত্ৰ হৈছে দুটা প্ৰাথমিক হস্তান্তৰযোগ্য পত্ৰ। প্ৰতিশ্ৰুতি পত্ৰপ্ৰধান প্ৰবন্ধ: প্ৰতিশ্ৰুতি পত্ৰ
ভাৰতীয় হস্তান্তৰযোগ্য পত্ৰ আইন ১৮৮১ৰ ধাৰা ৪ অনুযায়ী প্ৰতিশ্ৰুতি পত্ৰ হ’ল প্ৰতিশ্ৰুতি দাতাৰ স্বাক্ষৰিত এক লিখিত দলিল (বেংক নোট বা চলিত নোট নহয়), য’ত চৰ্তবিহীনভাৱে নিৰ্দিষ্ট পৰিমাণৰ টকা নিৰ্দিষ্ট ব্যক্তিক বা তেওঁৰ আদেশ মৰ্মে আন কোনো ব্যক্তিক বা বাহকক আদায় দিবলৈ প্ৰতিশ্ৰুতি দিয়া হয়। প্ৰতিশ্ৰুতি পত্ৰত দুটা পক্ষ থাকে। প্ৰস্তুতকাৰক (Maker) আৰু প্ৰাপক (Payee)। বিনিময় পত্ৰপ্ৰধান প্ৰবন্ধ: বিনিময় পত্ৰ
ভাৰতীয় হস্তান্তৰযোগ্য পত্ৰ আইন ১৮৮১ৰ ধাৰা ৫ অনুযায়ী প্ৰস্তুতকাৰক (লেখক) ৰ দ্বাৰা স্বাক্ষৰিত যি লিখিত দলিলত কোনো এক নিৰ্দিষ্ট ব্যক্তিক নিৰ্দিষ্ট পৰিমাণৰ টকা আন নিৰ্দিষ্ট ব্যক্তি বা তেওঁৰ নিৰ্দেশ অনুসৰি বা দলিলৰ ধাৰকক চৰ্তবিহীনভাৱে আদায় দিবলৈ আদেশ দিয়া হয় তাকে বিনিময় পত্ৰ বা বিল বুলি কোৱা হয়। বিনিময় পত্ৰত তিনিটা পক্ষ থাকে। প্ৰস্তুতকাৰক বা লিখক, বিল গ্ৰহীতা বা স্বীকৃতি দাতা আৰু প্ৰাপক। তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|