স্বৰণ লতা (কণ্ঠশিল্পী)এই প্ৰবন্ধটোক স্বৰ্ণলতা নামৰ প্ৰবন্ধৰ সৈতে খেলি-মেলি নকৰে যেন।
স্বৰণ লতা বা স্বৰণলতা (পঞ্জাবী: ਸਵਰਨ ਲਤਾ, জন্ম: ১৯ নৱেম্বৰ, ১৯৩৮) হ'ল ভাৰতৰ পঞ্জাবৰ এগৰাকী পঞ্জাবী কণ্ঠশিল্পী।[1][2] লাই দে মাহে কালয়ান বাগান ডি মেহন্দি, মুহ বিচ ভাবি দে, নন্দ বুৰকিয়া পাৱে আদি গীতৰ বাবে তেওঁক জনা যায়। হৰচৰণ গাৰেৱাল, কৰমজিত ধুৰি,[3] কৰ্নেইল গিল,[4] মহম্মদ চাদিক, দিদাৰ সন্ধু, গুৰচৰণ পহ্লি, ৰমেশ ৰংগিলা, জগত সিং জগ্গা, দলীপ সিং দীপ[5] আৰু মদেন্দ্ৰ কাপুৰ আদি তেওঁৰ সময়ৰ প্ৰায় সকলোখিনি পঞ্জাবী কণ্ঠশিল্পীৰ সৈতে তেওঁ গাইছিল। তেওঁৰ বেছিভাগ ৰেকৰ্ডিঙেই কৰমজিত ধুৰিৰ সৈতে পোৱা যায় যাৰ সৈতে তেওঁ বেছিভাগ মঞ্চ অনুষ্ঠান পৰিৱেশন কৰিছিল।[1] পঞ্জাবৰ ৰাজনৈতিক বাতাবৰণৰ বাবে ১৯৮৮ চনত[1] তেওঁ মঞ্চ অনুষ্ঠান কৰিবলৈ এৰি দিয়ে। ধিলৱানত তেওঁ শেষৰটো অনুষ্ঠান কৰিছিল। তথ্য সংগ্ৰহ
|