সোণম কাপুৰ
ব্যক্তিগত জীৱনঅনিল কাপুৰ আৰু সুনীতা কাপুৰৰ কন্যা সোণম কাপুৰ। চলচ্চিত্ৰ নিৰ্মাতা সুৰিন্দৰ কাপুৰৰ নাতিনী। প্ৰযোজক বনী কাপুৰ, অভিনেতা সঞ্জয় কাপুৰ আৰু সন্দীপ সন্দীপ মাৰৱাহৰ ভতিজী। তিনিজন ভাই-ভনীৰ ভিতৰত সোণম ডাঙৰ; তেওঁৰ পিছতে ভগ্নী ৰিয়া আৰু ভাতৃ হৰ্ষবৰ্ধন। ইষ্ট লণ্ডন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি ইউনাইটেড ৱৰ্ল্ড কলেজ অৱ চাউথ ইষ্ট এছিয়াত আন্তঃৰাষ্ট্ৰীয় স্নাতক ডিগ্ৰী লাভৰ বাবে নামভৰ্তি কৰে। পিছত সোণমে মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁৰ মেজৰ আছিল ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি। ইংৰাজী, হিন্দী আৰু পাঞ্জাবী ভাষাত তেওঁ পাকৈত। ভাৰতীয় শাস্ত্ৰীয় নৃত্য আৰু বিভিন্ন লেটিন নৃত্যৰ প্ৰশিক্ষণ লাভ কৰিছে। ২০১৮ চনৰ ৮ মে’ত ব্যৱসায়ী আনন্দ আহুজাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[1] তথ্য সংগ্ৰহ |