সঞ্জয় মালহোত্ৰা
সঞ্জয় মালহোত্ৰা (ইংৰাজী: Sanjay Malhotra, জন্ম ১৪ ফেব্ৰুৱাৰী ১৯৬৮) এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া আৰু বৰ্তমান ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৬তম গভৰ্নৰ। ৰিজাৰ্ভ বেংকৰ পদবীত অধিষ্ঠিত হোৱাৰ আগতে তেওঁ বিত্ত মন্ত্ৰালয়ৰ সচিব (ৰাজহ) পদত অধিষ্ঠিত আছিল। ১৯৯০ চনৰ ৰাজস্থান কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া সঞ্জয় মালহোত্ৰাই পূৰ্বতে ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ অধীনত বিত্তীয় সেৱা বিভাগত সচিব পদত অধিষ্ঠিত হৈছিল।[2] ইয়াৰ পূৰ্বে তেওঁ গ্ৰাম্য বিদ্যুৎ নিগমৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক আৰু শক্তি মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এই কাৰ্যকালৰ পূৰ্বে তেওঁ ৰাজস্থান চৰকাৰৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰিছিল। ২০২৪ চনৰ ডিচেম্বৰ মাহত তেওঁক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৬তম গভৰ্নৰ হিচাপে নিযুক্তি দিয়া হয়।[3][4][5] প্ৰাৰম্ভিক জীৱন১৯৬৮ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে ৰাজস্থানৰ বিকানেৰত সঞ্জয় মালহোত্ৰাই জন্ম গ্ৰহণ কৰিছিল। তেওঁ কানপুৰৰ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ পৰা কম্পিউটাৰ বিজ্ঞানত প্ৰযুক্তিবিদ্যাত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পৰা ৰাজহুৱা নীতিত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে।[6] তথ্য উৎস
|