শিশুৰ খেল-ধেমালি
সাধাৰণতে সকলো জাতি-জনগোষ্ঠীৰেই নিজৰ নিজৰ থলুৱা খেল-ধেমালি থকাটো দেখা যায়। শিশুসকলৰ মাজতো বহুতো খেল-ধেমালি দেখা যায়, শিশুৰ এই খেল-ধেমালিবোৰ স্বভাৱতেই গীত সমৃদ্ধ হয়। ঠাই বিশেষে শিশুৰ খেল-ধেমালিৰ লগত জড়িত গীতবোৰ সুকীয়া সুকীয়া। অসমত প্ৰচলিত কিছুমান শিশুৰ খেল-ধেমালি জনপ্ৰিয় খেল তলত উল্লেখ কৰা হ'ল :- কপটি বা হৈ গুদুকপটি বা হৈ গুদু খেলটো অসমৰ গ্ৰামাঞ্চলত শিশু সকলৰ মাজত জনপ্ৰিয়। সাধাৰণতে মুকলি খেলপথাৰত হৈ গুদু খেলা হয়।
মাটিত মাজতে এডাল আঁক পাৰি দুফালে দুটা দল হৈ এদলৰ এটাই আন দলটোৰ যিকোনো এজনক একে উশাহতে চুবলৈ যায়। খেদি যোৱা জনৰ মুখত উশাহ নসলোৱাকৈ গীত গাই যায় :- মাগুৰ কি মাগুৰ জালি, এনেকৈ গীত গাই হাতেৰে চুই সাৰি আহিব পাৰিলেই চুই অহাজন খেলৰ পৰা বাহিৰ হৈ যাব লাগে। লগে লগে আনটো দলৰ এটাই উশাহ নসলোৱাকৈ মুখত আন এটা গীত গাই গাই বিপৰীত দলৰ খেলুৱৈ বোৰক খেদি আহে। এইদৰেই খেল চলি থাকে। যিদলৰে আটাইকেজন খেলুৱৈ মৰি মৰি খেলৰ পৰা বাহিৰ হ’ব, সেইদলটো হাৰিব আৰু আনটো দল জিকিল বুলি ধৰা হয়। কুকুৰা যুঁজপ্ৰধান প্ৰবন্ধ: কুকুৰা যুঁজ
সৰু লৰা-ছোৱালীৰ মাজত কুকুৰা যুঁজ খেলবিধ খেলা দেখা যায়। সাধাৰণতে ল'ৰাবোৰেহে এই খেলত অংশ লয়। কুকুৰা যুঁজ খেলৰ বাবে কোনো আহিলাৰ প্ৰয়োজন নহয়। নিয়মাৱলীসাধাৰণতে খেলুৱৈসমূহ দুটা দলত ভাগ হয়। দুই দলৰ একো একোজন খেলুৱৈয়ে বাওঁহাত সোঁকান্ধত থৈ সোঁহাতেৰে সোঁভৰি ডাঙি ধৰি ইটোৱে সিটোক খুন্দা মাৰে, এইদৰে খুন্দিয়া খুন্দি লাগি থাকে যেতিয়ালৈকে কোনো এজনৰ হাত সুলকি নপৰে বা বাগৰি নপৰে। যিজনৰ প্ৰথমেই হাত সুলকিব বা বাগৰি পৰিব সেইজন হাৰিল বুলি ধৰা হয় আৰু আনজন জিকিল বুলি ধৰা হয়। এইদৰে দুই দলৰে প্ৰতিজনে এজন এজনকৈ যুঁজ লাগে। এটা সময়ত যি দলে বিপক্ষ দলৰ সকলো খেলুৱৈক হৰুৱাবলৈ সক্ষম হ’ব সেই দলেই বিজয়ী হ’ল বুলি ধৰা হয়। ৰজা ৰাণী খেলগ্ৰামাঞ্চলৰ শিশু সকলৰ মাজত আন এবিধ জনপ্ৰিয় খেল হ'ল ৰজা ৰাণী খেল।
ৰজা-ৰাণী খেলটি-শিশু সকল এইখেলত দুটা দলহৈ খেলা কোনো খেলৰ বাবে প্ৰথমতে লৰা বা ছোৱালীবোৰ দুভাগ কৰি 'লবলৈ খেলুৱৈ বোৰৰ মাজৰ দুজন ৰজা-ৰাণী হয়। জাকটোৰ বাকীবোৰে দুজন দুজনকৈযোৰ পাতি প্ৰত্যেকেই মনে মনে সোণ-ৰূপ, ফলু-পাত, আদি বিভিন্ন ধৰণৰ নাম লৈ আহি ৰজা-ৰাণীক সোধেহি যে- সোণ লাগে নে ৰূপ লাগে বা ফুল লাগে নে পাত লাগে। ডাকে ডাক সিকে ডাক বুলি কোনো কোনোৱে আকৌ গীত বা যোজনা এফাকি গাই আহে। ৰজাই যদি সোণ লাগে বুলি কয় সোণ নামলৈ অহাজন ৰজাৰ ফালে আৰু ৰূপ নামলৈ অহাজন ৰাণীৰ ফালৰ দলত ভৰ্তি হয়। এইদৰে আটাইকেইটা যোৰা আহি সোধোতে সোধোতে গোটেই খেলুৱৈৰ দলটো দুভাগ হৈ যায়। দুভাগহৈ যোৱাৰ পাছত যি কোনো খেল খেলিবলৈ সুবিধা হয় আৰু দলৰ খেলুৱৈ সকলৰ মাজত কোনো আপত্তি ও নাথাকে। এতিয়া তেওঁলোকে হৈ গুদু, বৌ-গুদু যিকোনো খেল নিজৰ পচন্দ মতে খেলে। চেংগুটি
পাঁচটা গুটি (শিলগুটি হ’লে ভাল), খেলুৱৈ দুজন বা ততোধিক।
এই খেলত কিছুমান নিৰ্দিষ্ট ঢাপ (Step) আছে। প্ৰত্যেকটো ঢাপৰ কৌশল বেলেগ বেলেগ। খেলখনত প্ৰায় পাঁচ-ছটা মান ঢাপ থাকে। স্থানভেদে, ঢাপৰ সংখ্যা ভিন ভিন হোৱা দেখা যায়। খেলৰ মাজতে যদি কোনো এটা ঢাপত খেলুৱৈজনে ভুল কৰে, তেতিয়া পৰৱৰ্তী খেলুৱৈজনে খেলিবলৈ সুবিধা পায়। আটাইকেইটা ঢাপ শেষ কৰাৰ পাছত খেলুৱৈজনে একোটা নম্বৰ লাভ কৰে আৰু পুনৰ প্ৰথমটো ঢাপৰ পৰা খেল আৰম্ভ কৰে। এনেদৰেই খেলখন আগবাঢ়ি গৈ থাকে। খলিগুটি
পঞ্চাশটা শিলগুটি, দহটা সৰু সৰু গাঁত, দুজন খেলুৱৈ
দুটা শাৰীত পাঁচোটাকৈ মুঠ দহটা সৰু সৰু গাঁত মাটিত খান্দি লোৱা হয়। প্ৰথমতে, প্ৰত্যেকটো গাঁততে পাঁচটাকৈ গুটি ৰখা হয়। এজন খেলুৱৈয়ে নিজৰ ফালে থকা যিকোনো এটা গাঁতৰ পৰা পাঁচোটা শিলগুটি লৈ খেল আৰম্ভ কৰে। খেলুৱৈজনে এই গুটিখিনি পৰৱৰ্তী গাঁতসমূহত বিলাই যায়। এই কাৰ্য তেতিয়ালৈকে চলি থাকে, যেতিয়ালৈকে গুটি বিলাই শেষ হোৱাৰ পিছত পৰৱৰ্তী গাঁতটো খালি থাকে। তেতিয়া খেলুৱৈজনে খালি গাঁতটোৰ পৰৱৰ্তী গাঁতটোৰ গুটিখিনি লাভ কৰে। ইয়াৰ পিছত পিছৰ খেলুৱৈজনে খেল আৰম্ভ কৰে। এনেদৰেই খেলখন আগবাঢ়ি গৈ থাকে। অন্যান্য খেলসমূহ
ফুটকলি বা বাঁহৰ খজা বন্দুকই শিশুৰ এবিধ থলুৱা খেলৰ সামগ্ৰী। গাওঁ বা চাহ বাগিছা অধ্যুষিত অঞ্চলসমূহত সৰু লৰা-ছোৱালীৰ ই এক খেলনা সামগ্ৰী। প্ৰস্তুত প্ৰণালীবাঁহৰ জেংৰপৰা প্ৰথমে সৰু নলিচা এডাল (নলিচাটোৰ দৈঘ্য প্ৰায় ৪/৯ ইঞ্চি আৰু নলিচাটোৰ মাজৰ ফুটাটোৰ ব্যাসাৰ্ধ প্ৰায় .৫ ছে.মি.) কাটি ল’ব লাগে। তাৰ পাছত নলিচাটোৰ মাজেৰে সুমাবপৰাকৈ এডাল খোচা মাৰি তৈয়াৰ কৰি ল’ব লাগে। খোচা মাৰিডালৰ নলিচাটোত সোমাবপৰা অংশটোৰ দৈঘ্য নলিচাটোতকৈ ১ ইঞ্চি কম হ’ব লাগে। ফুটোৱাৰ প্ৰণালীপ্ৰথমে কাগজ তিয়াই লৈ চেপি ল’ব লাগে। এই কাগজৰপৰা অকণমান কাগজ নলিচাটোত খাজি লৈ খোচা মাৰিডালেৰে নলিচাটোৰ এটা মূৰত স্থাপন কৰিব লাগে। আকৌ অকণমান কাগজ খাজি লৈ খোচা মাৰিডালেৰে নলিচাটোৰ ইটো মূৰলৈ থেলি দিলে ইটো মূৰত থকা কাগজখিনি জোৰেৰে শব্দ কৰি ওলাই গৈ দূৰত পৰেগৈ। এই শব্দটোৱেই ল’ৰাহঁতৰ মনত আনন্দ দিয়ে। এই শব্দটোৰ উপৰিও লক্ষ্যস্থিৰৰ বাবেও ইয়াক ব্যৱহাৰ কৰে। শৈশৱৰ খেলৰ লগত জড়িত কেইটিমান গীত বা যোজনা
চতুৰতাৰ পৰিচায়ক গীত বা যোজনাকোনোৱাই কি কথা বুলি সুধিলেই পোনচাতেই এটাই আনটোক কয় :- কি কথা? তথ্য সংগ্ৰহ
|