লিট্ লাই পেঞ কা কাতাঈ আহোমৰ আদি শাস্ত্ৰ সমূহৰ ভিতৰত ' লিৎ লাই পেঞ্ কা কা '[1][2][3][4]হ'ল এখন মূল শাস্ত্ৰ। অসমীয়াত এইখনক বিৱৰ্ত্তন শাস্ত্ৰ বুলি আখ্যা দিব পাৰি। মলুং চাও বাণী দেও বাণী দেওধাই বৰুৱাৰ মতে 'লিৎ লাই পেঞ্ কা কা'ৰ অৰ্থ হ'ল -'সৃ্ষ্টি পুনৰ অৱতাৰণা বা প্ৰত্যাগমন বিৱৰণ সম্বলিত খোদিত ফলি বা শাস্ত্ৰ ' (লিৎ লাই= সৃষ্টি পুনৰ অৱতাৰণা, পেঞ্=ক্ষুদিত ফলি বা শাস্ত্ৰ, কা কা= প্ৰত্যাৱৰ্তন)। ' সৃষ্টিৰ পুনৰ অৱতাৰণা ' আৰু ' প্ৰত্যাগমন' বিষয় দুটাৰ সংযোগ ঘটাই দাৰ্শনিক দৃষ্টি ভঙ্গীৰে বিশ্লেষণ কৰি চালে দেখা যায় যে এই শাস্ত্ৰখনত বিৱৰ্তন(evolution) সম্পৰ্কে গাঢ় দাৰ্শনিক তত্ত্ব আছে। সেয়েহে এইখনক বিৱৰ্তন সম্পৰ্কীয় তাঈ আহোমৰ দৰ্শন শাস্ত্ৰহে বুলিব পাৰি। এই শাস্ত্ৰখনৰ বিষয় বস্তুক তিনিটা ভাগত ভগাব পাৰি। প্ৰথমটো হ'ল আই ছিং লাও অৰ্থাৎ শব্দৰ অধিস্থাত্ৰী আইৰ বন্দনা। দ্বিতীয় ভাগত বিশ্ব ব্ৰহ্মাণ্ডৰ উৎপত্তি আৰু বিৱৰ্ত্তনৰ বৰ্ণনা আৰু তৃতীয় ভাগটোত তাঈ আহোমৰ উৎপত্তি সম্পৰ্কে বৰ্ণনা সম্বলিত কৰা হৈছে। আদি পেঞ কা কাবৃহৎ আকাৰৰ আদি পেঞ কা কা এখন লিখা হৈছিল আৰু সেইখনৰ অতি ক্ষুদ্ৰ অংশ এটা হ'ল এই প্ৰবন্ধত উল্লিখিত ' লিৎ লাই পেঞ কা কা'[5] খন। ই তাঈ আহোম সংস্কৃতিৰ এটা উজ্জ্বল নিদৰ্শন। সাহিত্যলিৎ লাই পেঞ্ কা কাৰ প্ৰথম ভাগত থকা আই ছিং লাও লিৎ মুৎটো অতি উচ্চ খাপৰ গীতি কবিতা আৰু শাস্ত্ৰখন নিজেই এক অতি উচ্চমান বিশিষ্ট সু সাহিত্য। এইখন ৫৬৫-৫৭০ খৃষ্টাব্দৰ ভিতৰত মুং ৰি মূং ৰামত লিখা হৈছিল বুলি অনুমান দৰ্শন আৰু বিজ্ঞানবিশ্ব ব্ৰহ্মাণ্ডৰ উৎপত্তি সম্পৰ্কে দাৰ্শনিক তত্ত্ব সমূহে দিয়া ব্যাখ্যা মতে ভগবানে কোনো এক মুহূৰ্ত্তত প্ৰয়োজন বোধ কৰি বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিলে আৰু নিৰ্ধাৰিত নীতি নিয়ম মতে চলি থাকিবলৈ এৰি দি নিজেই আত্মগোপন কৰি থাকিল। অন্য হাতেদি বৈজ্ঞানিক তত্ত্ব[6] মতে যান্ত্ৰিক প্ৰক্ৰিয়াৰ ফল স্বৰূপে বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছে আৰু তাত ভগবানৰ কৰিব লগা একো নাই। কিন্তু লিৎ লাই পেঞ কা কাই এটা নতুন তত্ত্ব দাঙি ধৰি কৈছে যে সে ভগবানৰ কামনাৰ ফলস্বৰূপেহে বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল। আজি বিজ্ঞানে কয় যে সূৰ্য্যৰ কাষেদি অন্য এটা নক্ষত্ৰ পাৰ হৈ যাওঁতে আন্তঃআকৰ্ষণৰ ফলত পৃথিৱীকে ধৰি অন্য গ্ৰহ সমূহৰ সৃষ্টি হৈছিল। পেঞ কা কা মতে এটা গোলাকাৰ entity ৰ ভিতৰত হোৱা উদগীৰণৰ ফল স্বৰূপে বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছে। তাৰ পাছত পোহৰ - ফুট নোট নং (১) শক্তিৰ উৎপত্তি, (২) মধ্যাকৰ্ষণ, (৩) প্ৰতিধ্বনি, (৪) শব্দ, (৫) পানী, (৬) জলবায়ু, ৬-ক) মাটি আদিৰ সৃষ্টি হৈছে। প্ৰথমে পানী তাৰ পাছতহে জীৱৰ সৃষ্টি বুলি পেঞ কা কাৰ সূত্ৰই কয়। সেয়েহে পেঞ কাকা এখন উচ্চখাপৰ দৰ্শন শাস্ত্ৰ তথা বিজ্ঞান পুথি। দ্বৈতবাদলিৎ লাই পেঞ কা কাই ভগৱানক দুটা entity হিচাবে ব্যাখ্যা কৰিছে। প্ৰথমটো হ'ল 'ফা তু চি ফ্ৰং হুম' যিজন নিৰাকাৰ, নিগুৰ্ণ বা 'ৰাও' আৰু সৰ্বব্যাপী। দ্বিতীয়টো হ'ল সৃষ্টি কৰ্ত্তা ভগৱান যিজনক কুঞ্ ইংকা ফ্ৰা নামেৰে অভিহীত কৰা হৈছে। এইজনৰ এটা আকাৰ আছে। সেয়েহে পেঞ্ কা কাই দ্বৈতবাদ(dualism) মত পোষণ কৰে। সভ্যতা -সংস্কৃতিৰ বুৰঞ্জীপেঞ্ কা কাৰ তৃতীয় ভাগটোত তাই সকলৰ সভ্যতাৰ বিকাশ আৰু আদি বুৰঞ্জী নিহিত আছে। ইয়াত তাঈ আহোম খ্ৰিং বা ধ্বজা ( ফুট নোট নং ৭) , মে-দাম-মে-ফি (৮ আৰু ৯) তাই সকলে পৃথিৱীৰ প্ৰথম সভ্যতাৰ পোহৰ বিস্তাৰ কৰাৰ কথা (১০) সোনৰ জখলাৰে নামি অহাৰ কথা (১১) উল্লিখিত। তদুপৰি তাই সকলে[7] যে সৰ্ব্ব প্ৰথমে ধান খেতি (১২) জলসিঞ্চন পদ্ধতি (১৩) জ্যোতি-বিদ্যা (১৪) পঞ্জিকা লিখাৰ পদ্ধতি (১৫)ঔষধ (১৬) বৰতোপ (১৭) আদি আবিষ্কাৰ কৰিছিল সেই কথা পেঞ্ কাকাই স্পষ্টকৈ ব্যক্ত কৰে। ৰাজনীতি বিজ্ঞানৰ পুথিপেঞ কাকাত ধৰ্ম্ম আৰু ৰাজনীতিৰ স্পষ্ট পৰিসৰৰ নিৰ্ধাৰণ কৰাৰ উপৰিও ৰজাই প্ৰজাক মৰমেৰে পালন কৰাৰ উপদেশ সমূহ লিখা আছে। সেয়েহে ইয়াক এখন ৰাজনীতি বিজ্ঞানৰ পুথি বুলিও গণ্য কৰা যায়। সেয়েহে লিৎ লাই পেঞ কা কা তাঈ আহোমৰ friend, philosopher আৰু guide য়েই নহয়, এটা জীৱন্ত পৰম্পৰাও। অসমীয়া অনুবাদফা তু চিং ফ্ৰং হুম্লিৎ লাই পেঞ্ কা কাৰ[8][9] মতে সূষ্টিৰ পূৰ্ববত মাত্ৰ মহাশূন্য(Space) বিৰাজমান আছিল। তাত দেৱ-দেৱী,চন্দ্ৰ,সূৰ্য্য,পৃথিৱী,গ্ৰহ,নক্ষত্ৰ দৃশ্যমান বলয় বলয়, দিশ বা বতাহ একো নাছিল। চাৰিওফালে অন্ধকাৰ,নিস্তব্ধতা আৰু অৰাজকতা (Chaos) বিদ্যমান আছিল। তেতিয়ালৈকে ফা তু চিং ফ্ৰং হুম্ অৰ্থাৎ আদি উৎস, বা শক্তিটো নিস্কৰ্ম্মা হৈয়ে আছিল। বহুকালৰ পাছত তেওঁৰ গতি স্থিৰ হবলৈ ধৰিলে আৰু কোনো এক ৰূপ ধাৰণ কৰিবলৈ ধৰিলে। সেই ৰূপ ধাৰী জনেই হ'ল কূঞ্ ইংকা ফ্ৰা বা সৃষ্টিকৰ্তা ভগৱান। তেওঁ গভীৰ নিদ্ৰাত ঘামিবলৈ ধৰাত সৃষ্টিৰ পাতনি মেলিবলৈ কামনা জাগিল। তেওঁৰেই ছায়া মূৰ্তিটোৱে এটা গোলাকাৰ জড় পিণ্ডৰ ৰূপ ধাৰণ কৰিলে। এই গোলাকাৰ জড় পিণ্ডটোৰ অন্তস্থলত কম্পনৰ সৃষ্টি হ'ল আৰু ভীষণ শব্দ কৰি উদগীৰণ হৈ বিস্ফোৰণৰ জুইৰ নিচিনা অপূৰ্ব্ব জ্যোতি ওলাই মহাকাশ জিলমিলাই তুলিলে। কুঞ ইংকা ফ্ৰাই সেই সময়ত নিজ গাৰ ভৰতে মকৰাৰৰ ৰূপ ধৰি কক্ষপথ সহ এখন অপূৰ্ব্ব মকৰাৰ জাল(কাও মকজং) সৃষ্টি কৰিলে আৰু নিজৰ স্বৰূপ ঢাকি কেন্দ্ৰত বাহ সাজি সোমাই থাকিল। তেওঁ চকু মেলি ভালকৈ চাই নিজৰ স্বৰূপ ঘোপ মাৰি ঢাকি লৈ ৰাজহাঁহৰ দৰে উমাবলৈ ধৰিলে ইয়াৰ পাছত তেওঁ জ্বৰত চাটি ফুটি কৰা মানুহৰ দৰে টকালি পাৰিবলৈ ধৰিলে আৰু লগে লগে খুন্ খেউ খামক উকলিয়াই জন্ম দিলে। খুন্ থেউ খামে খ্ৰুপতাং কৰি জয় জয়তে গ্ৰহ ৰাজ্যৰ বাতৰি সুধিলে। ইয়াৰ পাছত সূৰ্য্যৰ সূষ্টিৰ দৰে অসংখ্য গোলাকাৰ দেৱতাৰ সৃষ্টি হ'ল। তাৰে কিছুমান অত্যন্ত বেগী সময় নিৰূপক দেৱতা ৰূপে আৰু কিছুমান লাতুম আকৃতিৰ হাতেৰে ধৰিব পৰা আৰু মাতিব পৰা অসংখ্য দেৱতাৰ সৃষ্টি হ'ল। এই সকলোবোৰ দেৱতাই জ্যোৰ্তিমান ৰূপত তেওঁৰ সন্মুখত 'দণ্ডমান' হৈ পৰিল। তাৰে কিছুমান বিকৰ্ষিত কাৰণত বেগেৰে তললৈ পৰি গৈ মহাকাশৰ বিভিন্ন দিশত জিল মিলাবলৈ ধৰিলে। বয়োজেষ্ঠ্য জ্ঞান অৰ্থাৎ খুন্ থেউ খাম্ মনৰ দুখত উচাৎ মাৰি তললৈ গুচি আহিল আৰু গুণ গুণাই ধ্যানস্থ হ'ল। তেওঁ আকাশতে স্থিতি প্ৰতিষ্টা কৰি(গাৰ ভৰতে) ওপৰলৈ মুখ কৰি ৰসযুক্ত অৰ্থাৎ বিজলুৱা সৰুপানী ৫ চুলে। তাৰ পৰাই কিছুমান তাপ ৬ বা জলীয় কণা সৃষ্টি হৈ আকাশত জিলমিলাই থাকিল আৰু ধনুভিৰিয়া আকঁ ওলাই ৰামধনুৰ সৃষ্টি কৰিলে। লগতে জলীয় বাষ্পই চানি ধৰি গধূলি যেন ধুৱলী-কুঁৱলী কৰি পেলালে। তাৰে বেছি হোৱা পানীভাগ সোঁত আকাৰে বৈ গ'ল আৰু এজন দেৱতাই কেকোৰা ৰূপ ধাৰণ কৰি লৈ বাধা দিলেহি। তাৰ পাছত কাছৰ ৰূপ ধাৰণ কৰি পু তাও খাং আহি সোঁত বন্ধ কৰিবলৈ চেষ্টা কৰিলেহি। তাৰ পাছত অন্য এজন দেৱতাই ভয়ংকৰ ৰূপ ধাৰণ কৰি বোৱতী পানীক বাধা দিলেহি। কিন্তু ফলৱতী নোহোৱাত কেকোৰা ৰূপী স্থিতি বা ফলিত সংযোগ ঘটাই জলস্ৰোতক নিয়ন্ত্ৰণ কৰিলে। এইদৰে তেওঁ ইহকাল আৰু পৰকালৰ সংযোগ ঘটালে আৰু ইয়াতেই ধৰণী বা স্থিতি ৬ ক নিৰ্ম্মাণৰ সপোন আৰম্ভ হ'ল। কালক্ৰমত ঠাহ খাই গঢ় লোৱা পলসুৱা মাটি ভাগৰ পৰা পৃথিৱীৰ আদিম সজাটো সৃষ্টি হৈ স্তৰ গঠন হবলৈ ধৰিলে। ইতিমধ্যে ঠাহ খাবলৈ ধৰা পলসুৱা মাটি ভাগৰ পৰাও গঢ় লব নোখোজা মাটি এভাগ বেগেৰে পৰিবলৈ আৰম্ভ কৰিলে আৰু এজন দেৱতাই বগা হাতী ৰূপে দাতেৰে গোটাই দ'ম কৰিলে। নিতাল মাটি গঢ় লোৱা মাটি ভাগৰ পৰাও কিছুমান মাটি বাগৰি আহি সেমেকা এখন অৰাজক ৰাজ্যৰ সৃষ্টি হ'ল আৰু তাতেই এখন পাহাৰীয়া সেমেকা ৰাজ্য প্ৰতিষ্ঠিত হ'ল। ৰামধেনুৰ জিলিকনি পৰি পোহৰৰ সমাবেশ ঘটা সেইখন ৰাজ্য পৰিচালনা কৰিবলৈ বা গঢ় দি তুলিবলৈ তেনে কোনো ৰজা বা পুৰোহিত নাছিল। ফু কাও খাম্ নামৰ পূৰ্ব্বতে সৃষ্টি কৰা এজন দেৱতাক তালৈ প্ৰেৰণ কৰা হ'ল। তেওঁ আছিল বাঘ মকৰা বা বাঘ বিড়ালী আকৃতিৰ এজন ভয়ঙ্কৰ দেৱতা। তেওঁ তাৰ পৰা সৰু পৃথিৱীখনলৈ বিষ্ঠা ত্যাগ কৰিবলৈ ধৰিলে। হাজাৰ বেও ডাঠ পৃথিৱীখন হাজাৰ যোজনালৈ ভাগ কৰি তেওঁ ৰাজ্য বৃদ্ধি কৰিলে। তেওঁ আঠটা খুটা স্বৰ্গদেউলৈ টোৱাঁই আহেঁৰে এখন পৰঙি জাল তৈয়াৰ কৰিলে আৰু অস্বাস্থ্যকৰ পৰিবেশ ত্যাগ কৰি জালত থাকিবলৈ ললে। জালত বগাই ফুৰোতে বহুকাল পাৰ হ'ল তাতে তেওঁ আঠবাৰ মোট সলালে অৰ্থাৎ কল্প সলনি কৰিলে। এইদৰে লাখ লাখ বছৰ পাৰ হ'ল। উদগীৰণত উৎপত্তি হোৱা সোণৰ সিংহাসনৰ অধিস্থাত্ৰী আৰু মহাকাশত বিচৰণ কৰি ফুৰা ছেং ৰূপী কন্যা দুগৰাকী শূন্যত বিচৰণ কৰি ফুৰোতে এদিন মকৰা আকৃতি ধৰি ফু কাও খামৰ লগত মতা -তিৰোতাৰ সমন্ধ ঘটালে। তেওঁলোকৰ কেঁচা বীৰ্য্য স্খলিত হৈ পৰ্ব্বতত পৰাত পয়মাল ঘটিল। কাৰণ সদূৰ অজান ঠাইৰ পৰা কোনোবাই কলে - অধম হতঁ। তহঁতৰ পখৰা ওলাওক। তহঁতে এতিয়া স্খলিত বীৰ্য্যখিনি দুটা পাত্ৰত সমানে ভাগ কৰি প্ৰতিষ্ঠা কৰ আৰু মনে মনে তেওঁৰ (ভগৱানৰ) নাম ধ্যান কৰ। যেতিয়া তাৰ পৰা ৪টা সোণৰ কণী সৃষ্টি হব। তাৰে ৩টা দি দেৱাসন প্ৰতিষ্ঠা কৰি মন্ত্ৰৰে বাতৰি দি তেওঁক আহ্বান কৰিবি তেতিযাহে ভগবানে কণী কেইটা জগাৰ ব্যৱস্থা কৰিব। হুকুম পাই থাউ লু ঙামে সেই নিৰ্জীৱ কণী কেইটা উমাবলৈ আৰম্ভ কৰিলে। তেওঁ বছৰ, মাহ, দিন ধৰি উমালে কিন্তু কণী কেইটা জগাব নোৱাৰিলে আকু শেষত নিৰ্জীৱ কণী কেইটা এৰি থৈ ঞা পুলক (অমৃত) বিচাৰি যাত্ৰা কৰিলে। পাছত ঞা-পুলক চতিয়াই দিয়াত কণী কেইটা জগিল। কণীৰ পৰা জন্ম হোৱা বিশেষ দুজনক একোজনকৈ বাৰী পোৱাতী তিৰোতা দি স্বৰ্গত প্ৰতিষ্ঠা কৰিলে আৰু তাৰ ফলত বংশ বৃদ্ধি হবলৈ ধৰিলে। আই ক ফা ছাং দিন্শ্ৰেষ্ঠজন হ'ল আই ক ফা ছাং দিন্। তেওঁক পৃথিৱীৰ গৰাকী পাতি পৃথিৱীৰ দ্বায়িত্ব অৰ্পণ কৰা হ'ল। তেওঁ প্ৰথমে ছিং কয় মুং দেশত প্ৰজা পালন কৰাৰ উদ্দেশ্য জীৱ সৃষ্টিৰ সম্ভাৱনা দেখা পাই তাকেই প্ৰথম শাসক হিচাবে অৱতীৰ্ণ হ'ল। চিং চ ফা ফা খামদ্বিতীয় জন হ'ল চিং চ ফা ফা খাম। তেওঁক লাঞ্ছনা কৰি স্বৰ্গ বা পৃথিৱীৰ ৰজা পতা নহ'ল, বৰং আঠ লক্ষ পানী নাগৰ গৰাকী পাতি লৈ হ্ৰদৰ ডুবিত, গভীৰ সমুদ্ৰত বাসস্থান লবৰ নিৰ্দেশ দিলে। তৃতীয় জন ছিং কাম্ ফা-তেওঁক আঠ লাখ বজ্ৰ বিজুলীৰ গৰাকী পাতি শিলৰ বজ্ৰ সমূহৰ ভাগ-বটোৱাৰা কৰি দি স্বৰ্গত ৰজা হিচাবে প্ৰতিষ্ঠা কৰি সকলো দায়িত্ব অৰ্পণ কৰিলে। ড্ৰেগন ঙি ঙাও খাম্প্ৰধান প্ৰবন্ধ: ঙি ঙাও খাম
একেবাৰে সৰুজনাৰ নাম হ'ল ঙি ঙাও খাম। তেওঁক ফ্ৰাৰ স্বাক্ষৰ বহনকাৰী 'খ্ৰিং ফ্ৰা' বিশ্ব ব্ৰহ্মাণ্ডত মুকলি কৰি দিবৰ বাবে অৰ্পণ কৰা হ'ল। তেওঁক পেঞ্ কা কা[10]শাস্ত্ৰৰ পৰা এটি ক্ষুদ্ৰ অংশ ব্ৰহ্মাণ্ডত প্ৰচাৰ কৰি ফুৰা সমন্ধে জ্ঞান বিতৰণ কৰাৰ দ্বায়িত্ব দিয়া হ'। তেওঁ এইটোও প্ৰচাৰ কৰিবলৈ স্বীকৃতি প্ৰাপ্ত হ'ল যে উপলব্ধিৰে বিশ্বাসৰ সততাক নিৰূপন কৰিব পৰা যায়। তথ্য সংগ্ৰহ
|