মৈত্ৰেয়ী দেৱী
মৈত্ৰেয়ী দেৱী (ইংৰাজী: Maitreyi Devi, ১৯১৪ - ১৯৯০) হৈছে বঙালী ভাষাৰ কবি তথা ঔপন্যাসিক। তেওঁ দাৰ্শনিক সুৰেন্দ্ৰনাথ দাসগুপ্তৰ জীয়াৰী আছিল। সাহিত্যত ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা বিশেষভাৱে শিক্ষাপ্ৰাপ্ত আছিল। শিক্ষাতেওঁ কলিকতাৰ যোগমায়া দেৱী কলেজৰ পৰা দৰ্শনত স্নাতক ডিগ্ৰী লাভ কৰিছিল।[2] কৰ্ম তথা সাহিত্য জীৱনমাত্ৰ ষোল্ল বছৰ বয়সত ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভূমিকা সন্বলিত তেখেতৰ প্ৰথম কাব্যগ্ৰন্থ প্ৰকাশিত হৈছিল। ৰবীন্দ্ৰনাথৰ জীৱনৰ শেষ পোন্ধৰ বছৰত তেওঁ আছিল ৰবীন্দ্ৰনাথৰ ঘনিষ্ঠ সহযোগী। "Rabindranath - the man behind his poetry"[3] নামৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ জীৱনীমূলক গ্ৰন্থ লিখা মৈত্ৰেয়ী দেৱীয়ে ছোভিয়েট ইউনিয়ন, ইউৰোপ আৰু আমেৰিকাত তেওঁ ৰবীন্দ্ৰনাথৰ ওপৰত আৰু শান্তিৰ সমস্যা বিষয়ক বহুতো ভাষণ দিছিল। মৈত্ৰেয়ী দেৱীৰ "ন হন্যতে" উপন্যাসখনৰ ভিত্তিতে বলিউডৰ বিখ্যাত চলচ্চিত্ৰ "হম দিল দে চুকে সনম" নিৰ্মাণ কৰা হৈছিল। তেখেতে কলিকতাৰ পৰা ২৪ মাইল নিলগৰ বাদু নামৰ গাঁও এখনত ৯ বিঘা মাটিজোৰা কৃষি, মীন পালন, মৌ পালন, গো পালন, হাঁহ কুকুৰা পামৰে সৈতে "খেলাঘৰ" নামৰ শিশু নিবাস তথা অনাথ আশ্ৰম আৰু প্ৰশিক্ষণ কেন্দ্ৰ গঢ়ি তুলিছিল। পুৰস্কাৰ১৯৬১ চনত ৰবীন্দ্ৰ শতবাৰ্ষিকীত আমন্ত্ৰিত হৈ তেওঁ বুলগেৰিয়া, হাংগেৰী আৰু ছোভিয়েট ইউনিয়নলৈ গৈছিল। ছোভিয়েট ইউনিয়নে তেওঁক ৰবীন্দ্ৰ শতবাৰ্ষিকী পদকেৰে ভূষিত কৰে। ১৯৭৫ চনত ভাৰতীয় লেখিকা সংঘই "ন হন্যতে" ঊপন্যাসৰ বাবে সন্মানসূচক পদক আগবঢ়ায়। ১৯৭৬ চনত "ন হন্যতে" পুথিখনৰ বাবেই তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে[4]। তথ্য সংগ্ৰহ
|