মেঠোন
মেঠোন (ইংৰাজী: Gaur, Indian bison, বৈজ্ঞানিক নাম-Bos gaurus) দক্ষিণ-পূব এছিয়াৰ এবিধ বৃহৎ আকাৰৰ স্থানীয় প্ৰজাতি৷ এই প্ৰজাতিবিধ আই ইউ চি এন ৰঙা তালিকাত অসুৰক্ষিত হিচাপে স্বীকৃতি দিয়া হৈছে৷[1]৷ মেঠোনৰ দেহৰ উচ্চতা বনৰীয়া Cattle সমূহৰ ভিতৰত সৰ্বাধিক৷[2] দৈহিক গঠনমেঠোনৰ দেহটো অতি শক্তিশালী৷ ইয়াৰ কপালত শিঙদুটাৰ মাজেৰে এডাল উত্তল ওখ অংশ (high convex ridge) সন্মুখলৈ আছে আৰু ইয়াৰ বাবে মেঠোনৰ মূৰৰ সন্মুখ অংশত গাঁতৰ দৰে দেখা যায়৷ ইয়াৰ কাণ দুখন বৃহৎ, নেজ চুটি৷ মতা মেঠোনৰ গাৰ বৰণ গাঢ় মটিয়া, বুঢ়া মেঠোনৰ ছাল প্ৰায় ক'লা বৰণীয়া৷ অৱশ্যে মূৰৰ চকুৰ ওপৰৰ অংশ প্ৰায় গাঢ় মুগা বা কেতিয়াবা বগা যেন দেখা যায়৷ ইয়াৰ ঠেঙৰ তলৰ অংশ শুদ্ধ বগা বৰণৰ৷ ইয়াৰ বাহুৰ পৰা পিছফালৰ অংশলৈকে পিঠিয়েদি এডাল থিয় আঁচ (ridge) আছে৷ মেঠোনৰ গাৰ নোম চুটি৷[2] মেঠোনৰ মূৰৰ পৰা দেহৰ দৈৰ্ঘ্য প্ৰাব ২৫০-৩৩০ ছে:মি: আৰু নেজৰ দৈৰ্ঘ্য ৭০-১০৫ ছে:মি: হয়৷ ইয়াৰ দেহৰ উচ্চতা বাহুৰ ওচৰত ১৬৫-২২০ ছে:মি:৷ মেঠোনৰ গড় ওজন প্ৰায় ৬৫০-১০০০ কিলোগ্ৰাম৷[3] মতা মেঠোন মাইকীতকৈ প্ৰায় এক-চতুথাংশ ডাঙৰ আৰু ইয়াৰ ওজনো অধিক৷[4] মেঠোনৰ মতা আৰু মাইকী উভয়ৰে শিং থাকে৷ শিংযোৰ মূৰৰ দুয়োকাষে বাঢ়ি ওপৰলৈ ঘোৰ খোৱা হয়৷ শিঙৰ মাজত উত্তল অংশ এটা থাকে৷ শিঙৰ বৰণ শেঁতা সেউজীয়া বা হালধীয়া আৰু জোঙা অংশটো ক'লা হয়৷[2] শিঙৰ গড় দৈৰ্ঘ্য প্ৰায় ৬০-১১৫ ছে:মি: পৰ্যন্ত হয়৷[4][5] মেঠোন বৰ্তমান জীৱিত অৱস্থাত থকা স্থলচৰ প্ৰাণীবোৰৰ ভিতৰতে অন্যতম বৃহৎ আকাৰৰ প্ৰাণী৷ ইয়াৰ বাহিৰে কেৱল হাতী, গঁড় আৰু হিপ্পপটেমাছৰ ওজন অধিক বুলি জনা যায়৷[উদ্ধৃতিৰ প্ৰয়োজন] বিস্তৃতিঐতিহাসিকভাৱে মেঠোন সমগ্ৰ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াতে পোৱা গৈছিল৷ ইয়াৰ ভিতৰত ভিয়াটনাম, কম্বোডিয়া, লাওছ, চীন, থাইলেণ্ড, মালয়েছিয়া, ম্যানমাৰ, ভাৰত, বাংলাদেশ, ভূটান, নেপাল আদিয়ে প্ৰধান৷ বৰ্ত্মান এই প্ৰজাতিটো কেইটামান বিভক্ত অঞ্চল (fragmented)ত হে বিস্তৃত হৈ আছে৷ ই শ্ৰীলংকাৰ পৰা সম্পূৰ্ণকৈ নিশ্চিহ্ন হৈ পৰিল৷ [1] বাসস্থানমেঠোন ঘাইকৈ অৰ্ধ সেউজীয়া, সেউজীয়া আৰু সেমেকা পৰ্ণপাতী অৰণ্যত দেখা পোৱা যায়৷ ইয়াক সাগৰপৃষ্ঠৰ পৰা ৫০০০-৬০০০ মিটাৰ উচ্চতাৰ বনাঞ্চল সমূহত দেখা যায়৷ পৰ্যাপ্ত পানী, ঘাঁহ, বাঁহজাতীয় উদ্ভিদ, গুল্ম আৰু বৃক্ষজাতীয়া উদ্ভিদ থকা বনাঞ্চল মেঠোনে অধিক পছন্দ কৰে৷[6] ভাৰতবৰ্ষত মেঠোনৰ জনসংখ্যা নব্বৈৰ দশকত প্ৰায় ১২,০০০-২২,০০০ বুলি ঠাৱৰ কৰা হৈছিল৷ দাক্ষিণাত্যৰ পৰ্বতীয়া অঞ্চলত ইয়াৰ এটা বৃহৎ গোট বাস কৰে বুলি জনা যায়৷ বিশেষকৈ নাগাৰহোলে ৰাষ্ট্ৰীয় উদ্যান, মুডুমালাই ৰাষ্ট্ৰীয় উদ্যান, বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যান আদিত মেঠোনৰ বসতি অধিক৷[7] ভাৰত,ভূটান, বাংলাদেশত ইয়াৰ জনসংখ্যা প্ৰায় ২৩,০০০-৩৪,০০০ বুলি অনুমান কৰা হৈছে৷ [6][1] [8] আচৰণমেঠোন সাধাৰণতে দিনৰ ভাগত অধিক সক্ৰিয় হৈ থাকে৷ কিন্তু মানুহৰ বসতিৰ আশে পাশে ই নিশাচৰ স্বভাৱো লয়৷ খৰালি কালত ই গোট গঠন কৰি সৰু এলেকাত কটায় বাৰিষা অহাৰ লগে লগে পৰ্বতীয়া অঞ্চললৈ প্ৰব্ৰজন কৰে৷ জানুৱাৰী-ফেব্ৰুৱাৰী মাহত মেঠোনে ৮-১১ টা জন্তু লগ হৈ গোটত বাস কৰে৷ এপ্ৰিল মে মাহত অধিক মতা মাহে প্ৰজননৰ বাবে গোটত লগ হয়৷ মে-জুন মাহত ইহঁতে এই ডাঙৰ গোট এৰি কেৱল মতা মেঠোনৰ গোট গঠন কৰে৷ এনে গোট সমূহে দিনে ২-৫ কিলোমিটাৰ কৈ অঞ্চলত চৰি ফুৰে৷[9] মেঠোনৰ দল সাধাৰণতে পূৰ্ণবয়স্ক মাইকী মেঠোনে নেতৃত্ব দিয়ে৷ পূৰ্ণবয়স্ক মতা মেঠোন প্ৰায়ে অকলশৰীয়াকৈ থাকে৷ শত্ৰুৰ উপস্থিতিত ই এক বিশেষ ধৰণৰ এলাৰ্ম দিয়ে৷[10] খাদ্যমেঠোনে ঘাইকৈ বিভিন্ন উদ্ভিদ খাই জীয়াই থাকে৷ ই গছৰ ওপৰৰ অংশ অৰ্থাৎ পাতৰ আগ, কাণ্ড, গুটি আৰু ফুল আদি খাই জীয়াই থাকে৷ [11] প্ৰজননমেঠোনৰ প্ৰজনন সমগ্ৰ বছৰ জুৰি হয়৷ জুনমাহৰ পৰা ডিচেম্বৰৰ ভিতৰত সৰ্বাধিক প্ৰজনন হয়৷ প্ৰায় ২৭৫ দিনৰ গৰ্ভধাৰণৰ অন্তত মেঠোনে এটাকৈ পোৱালিৰ জন্ম দিয়ে৷ দ্বিতীয় বা তৃতীয় বছৰৰ ভিতৰত মেঠোন পূৰ্নবয়স্ক হৈ উঠে৷ মেঠোনৰ গড়ৱ আয়ুস প্ৰায় ৩০ বছৰ৷[9] স্থিতিলাওছত চোৰাংচিকাৰৰ বাবে মেঠোনৰ জনসংখ্যা ঘোৰ সংকটৰ মুখামুখি হৈছে৷[12] তেনেদৰে থাইলেণ্ডতো ইয়াৰ মাংসৰ বৰ্ধিত বজাৰমূল্যৰ বাবে হোৱা চোৰাংচিকাৰে জনসংখ্যাৰ ক্ষতি কৰিছে৷ সংৰক্ষণমেঠোনক ইতিমধ্যে CITES Appendix I ত স্থান দিয়া হৈছে৷ ই বিস্তৃত হৈ থকা প্ৰায়বোৰ অম্চলতে ইয়াৰ প্ৰতিৰক্ষাৰ বাবে ব্যৱস্থা হাতত লোৱা হৈছে৷[1] লগতে চাওক
তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|