মৃদুলা সাৰাভাইমৃদুলা সাৰাভাই (ইংৰাজী: Mridula Sarabhai) (৬ মে', ১৯১১ – ২৬ অক্টোবৰ, ১৯৭৪) হৈছে এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ। তেওঁ আহমেদাবাদৰ সাৰাভাই পৰিয়ালৰ এজন সদস্য। প্ৰাৰম্ভিক জীৱনমৃদুলা সাৰাভাই ভাৰতৰ আহমেদাবাদত এক সমৃদ্ধ ব্যৱসায়িক পৰিয়ালত জন্মলাভ কৰিছিল। আম্বালা সাৰাভাই আৰু সৰলা দেৱীৰ আঠজন সন্তানৰ এজন আছিল মৃদুলা সাৰাভাই। তেওঁ বিক্ৰম সাৰাভাইৰ ভগ্নী।[1]তেওঁক তেওঁৰ পিতৃ-মাতৃৰ তত্ত্বাৱধানত ব্ৰিটিছ আৰু ভাৰতীয় শিক্ষকৰ দ্বাৰা ঘৰতে পঢ়া-শুনাৰ ব্যৱস্থা কৰা হৈছিল। ১৯২৮ চনত গুজৰাট বিদ্যাপীঠত[2] তেওঁ নামভৰ্তি কৰে যদিও লোণ সত্যাগ্ৰহত অংশগ্ৰহণ কৰি পিছৰ বছৰ এৰি দিয়ে। কম বয়সতে, তেওঁ গান্ধীৰ বিদেশী সামগ্ৰী আৰু প্ৰতিষ্ঠান বয়কট কৰাৰ আহ্বানক মানি লৈছিল, আৰু এই কাৰণতে তেওঁ বিদেশলৈ পঢ়িবলৈ যাবলৈ অস্বীকাৰ কৰিছিল বুলি কোৱা হয়। কংগ্ৰেছী মহিলা আৰু স্বাধীনতা যুঁজাৰুকম বয়সতে মৃদুলা মহাত্মা গান্ধীৰ দ্বাৰা প্ৰভাৱিত হৈছিল। দহবছৰীয়া হৈ থাকোঁতে মৃদুলাই ভানাৰা সেনাৰ("মাঙ্কি আৰ্মি" - ইন্দিৰা গান্ধী দ্বাৰা আয়োজিত শিশু কৰ্মীসকলৰ এটা গোট) সৈতে কাম কৰিছিল আৰু সত্যাগ্ৰহীসকলৰ বাবে বাৰ্তা আৰু পানী যোগান ধৰিছিল। জৱাহৰলাল নেহৰুৰ দ্বাৰা প্ৰভাৱিত হৈ মৃদুলাই ১৯২৭ চনত ৰাজকোটত অনুষ্ঠিত যুৱ সন্মিলন আয়োজন কৰাত সহায় কৰিছিল। জৱাহৰলাল নেহৰু মৃদুলাৰ আজীৱন বন্ধু আৰু পৰামৰ্শদাতা হৈ পৰিছিল। তেওঁ লোণ সত্যাগ্ৰহৰ সময়ত কংগ্ৰেছ সেৱা দলত যোগদান কৰি বিদেশী কাপোৰ আৰু ব্ৰিটিছ সামগ্ৰী বৰ্জনৰ আয়োজন কৰিছিল। লোণ সত্যাগ্ৰহত তেওঁৰ ভূমিকাৰ বাবে তেওঁক ব্ৰিটিছে কাৰাবাস দিছিল।[3] ১৯৩৪ চনত তেওঁ সৰ্বভাৰতীয় কংগ্ৰেছ সমিতিলৈ গুজৰাটৰ পৰা প্ৰতিনিধি হিচাপে নিৰ্বাচিত হয়। অৱশ্যে, পৰৱৰ্তী বছৰবোৰত তেওঁৰ স্বতন্ত্ৰ স্থিতিয়ে ৰাজ্যখনৰ আন নেতাসকলৰ সৈতে বিবাদ সৃষ্টি কৰিছিল। পিছত দলটোৱে তেওঁক মনোনীত কৰিবলৈ অস্বীকাৰ কৰাত নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ সৰ্বাধিক ভোটৰ ব্যৱধানত জয়ী হৈছিল। তেওঁ কংগ্ৰেছৰ সাংগঠনিক দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল য'ত তেওঁ মহিলা শাখাৰ নেতৃত্ব দিছিল। ৰাষ্ট্ৰীয় পৰিকল্পনা পৰিষদৰ পৰিকল্পিত অৰ্থনীতিত তেওঁক মহিলাৰ ভূমিকা সম্পৰ্কীয় উপ সমিতিৰ সচিব হিচাপে নিযুক্ত কৰা হৈছিল। সেই প্ৰতিবেদনখন পিছত সংবিধানৰ খচৰা প্ৰস্তুত কৰোঁতে আৰু প্ৰথম কেইটামান বাজেটৰ সময়ত প্ৰাৰম্ভিক বিধায়কসকলে ব্যৱহাৰ কৰিছিল। ১৯৪৬ চনত পণ্ডিত নেহৰুয়ে তেওঁক কংগ্ৰেছ দলৰ এজন সাধাৰণ সম্পাদক আৰু কংগ্ৰেছ ৱৰ্কিং কমিটিৰ এজন সদস্য হিচাপে নিযুক্তি দিয়ে। কিন্তু তেওঁ পদত্যাগ কৰিছিল আৰু গান্ধীজীক অনুসৰণ কৰি নোৱাখালিলৈ গৈছিল। ভাৰত বিভাজনৰ অশান্ত বছৰত তেওঁ সাম্প্ৰদায়িক সৌহাৰ্দ্য আৰু সম্প্ৰীতি পুনৰুদ্ধাৰত সক্ৰিয় নেতৃত্ব লৈছিল আৰু প্ৰথমতে পাটনাত আৰম্ভ কৰিছিল, য'ত তেওঁ গান্ধীজীৰ অনুমতিত ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে পতাকা উত্তোলন অনুষ্ঠানত উপস্থিত আছিল। পঞ্জাৱত ৰায়ত ভংগ হোৱাৰ কথা শুনি তেওঁ লগে লগে নেহৰুৰ সৈতে যোগাযোগ কৰে আৰু পিছত শান্তি ৰক্ষাত সক্ৰিয় ভূমিকা ল'বলৈ তালৈ দৌৰি যায়।[1] বিভাজনৰ হিংসাৰ সময়ত সাম্প্ৰদায়িক সম্প্ৰীতি সংৰক্ষণত মৃদুলাৰ ভূমিকাক ভাৰত আৰু পাকিস্তানৰ নেতাসকলে প্ৰশংসা কৰিছিল। অৱশ্যে, ভাৰতৰ স্বাধীনতাৰ কিছু বছৰ পিছত, তেওঁৰ কংগ্ৰেছৰ প্ৰতি মোহভঙ্গ হৈছিল। পিছলৈ তেওঁ কাশ্মীৰৰ বাহিৰত শ্বেখ আব্দুল্লাহৰ এগৰাকী উৎসাহী আৰু কণ্ঠস্বৰ সমৰ্থক[1] আৰু দীৰ্ঘদিনীয়া বন্ধু হৈ পৰিছিল। আনকি মৃদুলাই কাশ্মীৰ ষড়যন্ত্ৰ গোচৰত যুঁজ দিয়াত,যাৰ বাবে আব্দুল্লাই কাৰাবাস খাটিছিল, তেওঁৰ খৰচৰ বাবে পুঁজি যোগান ধৰিছিল।[4] পিছলৈ কাশ্মীৰ গোচৰৰ বিচাৰ নোহোৱাকৈয়ে মৃদুলাই তেওঁৰ ওপৰত কেতিয়াও ষড়যন্ত্ৰৰ অভিযোগ আৰোপ নোহোৱা সত্ত্বেও কেইবা মাহ কাৰাবাস খাটিছিল।[5] তথ্যউৎস
|