মাল পহাড়িয়া ভাষা
মাল পাহাড়িয়া ভাৰতৰ ঝাৰখণ্ড আৰু পশ্চিমবংগত তথা বাংলাদেশত কথিত এটি ভাষা যি ৫১০০০ৰ পৰা ১১০০০০ লোকে ব্যৱহাৰ কৰে। ভিন ভিন সূত্ৰই এই ভাষাক ভিন ভিন ভাষাগোষ্ঠীৰ অন্তৰ্গত বুলি দাবী কৰে। কোনো কোনোৰ মতে, ই অসমীয়া-বাঙালী ভাষাগোষ্ঠীৰ অন্তৰ্গত, আনৰ মতে ই মালটো ভাষাৰ উপভাষা। অন্য এক গোটৰ মতে ই দ্ৰাৱিড় আৰু ভাৰতীয়-আৰ্য পৰিয়ালদ্বয়ৰ মিশ্ৰ ভাষা। মাল পাহাড়িয়া সাধাৰণতে দেৱনাগৰী বা পূৰ্বী নাগৰী ব্যৱহাৰ কৰি লিখা হয়। ইতিহাসএই ভাষা কোৱা লোক মূলতঃ ঝাৰখণ্ডৰ, যাৰ কথা অন্ততঃ ১৮৮১ৰ পৰা জনা যায়। তেতিয়াৰে পৰা এই ভাষা কোৱা লোকৰ সংখ্যা কমি আহিছে। ১৯২১ চনৰ জনগণনাৰ মতে, অঞ্চলটোত ৫০০জন ভাৰতীয়-আৰ্য ভাষা ভাষী লোক আছিল।[2] উদ্যোগৰ বৃদ্ধি হোৱাৰ লগতে ভাৰতীয়-আৰ্য ভাষা কোৱা লোক স্থানান্তৰিত হ'বলৈ ধৰিলে আৰু মাল পাহাড়িয়া ভাষাৰ সুকীয়া ভাষা ৰূপে বিকাশ ঘটিল।[3] ভৌগোলিক বিতৰণমাল পাহাড়িয়াক এটি দ্ৰাৱিড় ভাষাও গণ্য কৰা হয়।[4] ই ভাৰতৰ পূব দিশে ব্যৱহৃত। আনুষ্ঠানিক স্থিতিঝাৰখণ্ড, পশ্চিমবংগ আৰু বাংলাদেশৰ কিছু কিছু অঞ্চলত মাল পাহাড়িয়া ব্যৱহাৰ কৰা হয় যদিও আনুষ্ঠানিকভাৱে ই ব্যৱহৃত নহয়।[5] উপভাষা/ প্ৰকাৰমাল পাহাড়িয়াক কেতিয়াবা কেতিয়াবা মালটো বা বাংলা ভাষাৰ উপভাষাও জ্ঞান কৰা হয়। পিচে ইয়াক এক সুকীয়া ভাষা হিচাপেও শ্ৰেণীভুক্ত কৰা হয়। এই ভাষাক অনেকে দ্ৰাৱিড় ভাষাও জ্ঞান কৰে যি ঝাৰঝণ্ড আৰু বাংলাদেশ আদিত কথিত।[5] উৎপত্তি হোৱা ভাষাসমূহমাল পাহাড়িয়াৰ পৰা অহা আন কোনো ভাষা জ্ঞাত নহয় যদিও ইয়াৰ অনেক নিকটৱৰ্তী ভাষা আছে, যেনে কুমাৰভাগ পাহাড়িয়া আৰু সৌৰীয় পাহাড়িয়া।[6] লিপিমাল পাহাড়িয়া লিখিবলৈ সাধাৰণতে দেৱনাগৰী লিপি ব্যৱহাৰ কৰা হয়।[7] এই লিপিত ১১টা স্বৰবৰ্ণ আৰু ৩৩টা ব্যঞ্জনবৰ্ণ আছে।[8] লিপিটো বাওঁৰ পৰা সোঁ দিশে লিখা হয়। কোনো কোনো বৰ্ণ লিখাৰ বিশেষ নিয়ম আছে।[9] তথ্য সংগ্ৰহ
|