মাতৃভাষামাতৃভাষা বা প্ৰথম ভাষা (ইংৰাজী: First language; Mother tongue বা Mother language) হৈছে সমাজৰ ল’ৰা-ছোৱালীয়ে শিশু অৱস্থাতে পিতৃ-মাতৃৰ মুখৰ পৰা আহৰণ কৰা ভাষা।[1] কিছুমান দেশত, স্থানীয় ভাষা বা মাতৃভাষা শব্দটোৱে নিজৰ প্ৰথম ভাষাৰ সলনি নিজৰ জাতিগোষ্ঠীৰ ভাষা বা উপভাষাক বুজায়।[2] শিশুৰ প্ৰথম ভাষাটোৱে ব্যক্তিত্ব, সামাজিক আৰু সাংস্কৃতিক পৰিচায়ক।[3] প্ৰথম ভাষাৰ আন এটা প্ৰভাৱ হ’ল এই যে, ই অভিনয় আৰু কথন আয়ত্ব কৰাত সফল সামাজিক আৰ্হিৰ প্ৰতিফলন ঘটায়।[স্পষ্টীকৰণৰ প্ৰয়োজন][4] গৱেষণাৰ পৰা দেখা গৈছে যে, এগৰাকী অনা-স্থানীয় ভাষী শিশু কোনো এটা ভাষা প্ৰায় দুবছৰত সাৱলীলতা গঢ়ি তুলিব পাৰে যদিও সেই শিশুটিয়ে তেওঁলোকৰ স্থানীয় ভাষী সমকক্ষসকলৰ সৈতে একে কৰ্মৰত স্তৰ পাবলৈ পাঁচৰ পৰা সাত বছৰ সময়ৰ প্ৰয়োজন হয়।[5] ১৯৯৯ চনৰ ১৭ নৱেম্বৰত ইউনেস্কোই ২১ ফেব্ৰুৱাৰী দিনটো আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে নিৰ্ধাৰণ কৰে। অৰ্থঅসমত এটা বৃহৎ সম্প্ৰদায়ৰ লোকে অসমীয়া ভাষাক মাতৃভাষা ৰূপে ব্যৱহাৰ কৰে।[1] অসমৰ বড়ো, কছাৰী, ৰাভা, তিৱা, মিছিং আদি ভাষাও সেই সেই জনজাতীয় লোকৰ মাতৃভাষা।[1] ভাষাবিদ ড° ৰমেশ পাঠকে “ভাষা-বিজ্ঞানৰ ভূমিকা”ত মাতৃভাষাৰ সম্বন্ধে লিখিছে যে,[6]
আৰু উদাহৰণ দি কৈছে যে,
তথ্যসূত্ৰ
|