মাই কো চুম ফাই


মাই কো চুম ফাই
আৰম্ভ মাঘ মাহৰ পূৰ্ণিমা তিথি
শেষ মাঘ মাহৰ কৃষ্ণ প্ৰতিপদ তথি
অন্তৰ বাৰ্ষিক
ঠাই অসম, ভাৰত
অংশগ্ৰহণকাৰী তাই জনগোষ্ঠীয় লোকসকল

মাই কো চুম ফাই অসমত বসবাস কৰা অহোমসকলক বাদ দি বাকী তাইমূলীয় বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে মাঘ মাহৰ পূৰ্ণিমাৰ দিনা উদযাপন কৰা এক জাতীয় অনুষ্ঠান। এই অনুষ্ঠানৰ লগত অসমৰ ভোগালী বিহুৰ যথেষ্ট সাদৃশ্য দেখা যায়। অসমলৈ বিভিন্ন সময়ত তাইসকলৰ আগমন ঘটিছিল। অসমলৈ বেলেগ বেলেগ সময়ত অহা তাইসকলক বেলেগ বেলেগ নামেৰে জনা যায়। পোন-প্ৰথমে অসমলৈ অহা তাই লোকসকলক অহোম নামে জনা যায় আৰু পিছত পৰ্যায়ক্ৰমে প্ৰব্ৰজিত লোকসকলক ক্ৰমে খামতি, ফাকে, আইতন, তুৰুং আদি নামেৰে জনা যায়। এওঁলোক আটায়ে বৌদ্ধ ধৰ্মাৱলম্বী। এওঁলোকে বছৰটোৰ বিভিন্ন সময়ত বিভিন্ন পয় পাতে। ’পয়’ মানে উৎসৱ। ’মাই কো চুম ফাই’ তেনে এটি জাতীয় উৎসৱ।[1]

’মাই কো চুম ফাই’ৰ অৰ্থ

তাই ভাষাত মাই মানে কাঠ, কো মানে তৰপে তৰপে আৰু ’চুম ফাই’ মানে জ্বলোৱা; গতিকে তৰপে তৰপে কাঠ জাপি জ্বলোৱা উছৱেই হ’ল, মাই কো চুম ফাই। এয়া বৌদ্ধ ধৰ্মাৱলম্বী অসমত বসবাস কৰা তাইসকলৰ মাঘ বিহু, যি মাঘ মাহৰ পূৰ্ণিমাৰ দিনা পালন কৰা হয়।[2]

প্ৰস্তুতি

মাই কো চুম ফাই উছৱৰ কেইদিনমান আগৰে পৰাই ইয়াৰ প্ৰস্তুতি চলে। উছৱৰ কিছুদিন আগৰে পৰা ডেকাসকলে হাবিলৈ গৈ কাঠ কাটি আনি মুকলি ঠাইত দ’মাই থয়। গাঁৱৰ জীয়ৰী-বোৱাৰীয়ে ঢেঁকীত পিঠাগুড়ি খুন্দি বিভিন্ন পিঠা, আখৈ (খাওঁতেক), চুঙা পিঠা (খাওলাম) আদি প্ৰস্তুত কৰে। ঘৰ-দুৱাৰ চাফ-চিকুণ কৰে। উছৱৰ দিনা পুৱাৰে পৰা বৌদ্ধ বিহাৰৰ ওচৰতে শুকান কাঠেৰে এটি মেজি সাজে। মেজিটো কলডিলীয়া আকৃতিৰ। তলছোৱা সৰু, মাজৰছোৱা বহল আৰু ওপৰৰছোৱা সৰু। মেজিটো প্ৰায় ১০-১২ মিটাৰ ওখ কৰি সজা হয়। মেজিৰ একেবাৰে তলৰ অংশ আঠকোণীয়া। বহুতে পদুম ফুলৰ আৰ্হিতো কৰা দেখা যায়। ডেকাহঁতে মেজি সাজি থাকোঁতে জীয়ৰী বোৱাৰীহঁতে কপাহ, ফুল আৰু পাতেৰে আমডালি সাজে। এই আমডালি মেজিটোৰ ওপৰৰ পৰা তললৈ আঁৰি দিয়া হয়। মেজিৰ ওপৰৰ টুপ অংশত নানা বৰণীয়া কাগজ কাটি সু-সজ্জিত কৰা হয়।

উছৱৰ বিধি

গধূলি সকলোৱে বিহাৰৰ সম্মুখলৈ আহে আৰু হাতে হাতে ধূপ, মম, ৰঙা-নীলা সৰু পতাকা(চাকু তানখন)ৰ লগতে ভিক্ষুক দান দিবলৈ বিভিন্ন সামগ্ৰী লৈ আহে। মেজিৰ সম্মুখত ভিক্ষুৰ বাবে আসন পতা থাকে আৰু তাত উপৱিষ্ট হৈ ভিক্ষুগৰাকীয়ে সকলো কাম পৰিচালনা কৰে। ভিক্ষুলৈ অনা বস্তুবোৰ তেওঁৰ সম্মুখত থৈ ধূপ, মমবাতি আদি মেজিৰ সম্মুখত জ্বলাই ঘৰলৈ আহে। দোভাগ নিশা বিহাৰত ঘণ্টা কোবোৱা হয় আৰু সেই ঘণ্টাৰ ধ্বনি শুনি সকলো মেজিৰ কাষ পায়হি। এজন বয়সস্থ লোকে এডাল বাঁহৰ সহায়ত মাই কো চুম ফাইত জুই দিয়ে। মাঘবিহুৰ মেজিত মেজিৰ তলৰ পৰা জুই দিয়া নিয়ম, কিন্তু মাই কো চুম ফাইত জুই ওপৰৰ টুপত দিয়ে। জুই জ্বলি উঠাৰ পিছত সকলোৱে জুই দেৱতাক ফুল, আখৈ আদি দি সেৱা কৰে। মেজি জ্বলোৱাৰ পিছত জুই দেৱতাৰ প্ৰতিকৃতি হিচাপে কোনো ডেকাই বাঁহেৰে সজা সঁজাত চিৰিলি চিৰিলি কলপাত লগাই চূণেৰে চকু নাক কাণ আদি আঁকি লৈ পিন্ধি নৃত্য কৰে। ইয়াৰ পিছত পুৱা পোহৰ হ’লে সকলো ঘৰাঘৰি যায় আৰু পিঠা-পনা আদি প্ৰথমে ভিক্ষুলৈ দান দি পিছত ইঘৰে সিঘৰে আদান-প্ৰদান কৰি খায়।

ভোজ আৰু জনবিশ্বাস

মাই কো চুম ফাই জ্বলোৱাৰ পিছত দুপৰীয়া সকলোৱে মিলি ভোজভাত খায়। এই ভোজৰ মূল আহাৰ ’খাও-ৱা-কূপ’। এই কাও-ৱা-কূপ তিল, আলু, কচু, শাক-পাচলি আদি একেলগ কৰি ৰন্ধা হয়। তিল আৰু বিভিন্ন শাক-পাত দিয়াৰ বাবে এই খাদ্য ক“লা ৰঙৰ হয়। ইয়াৰ মূলতে প্ৰচলিত এক জনবিশ্বাস। তাইসকলে বিশ্বাস কৰে বুদ্ধদেৱে এবাৰ গছৰ ঠাৰিৰে দাঁতত ক’লা ৰং কৰি লৈছিল। পিছত এই ক’লা ৰং নাইকিয়া হৈ যোৱাত শিষ্যসকলে ক’লা খাদ্য খাবলৈ দিছিল, যাতে বুদ্ধদেৱৰ দাঁতত পুনৰ ক’লা ৰং ধৰে। এই জনবিশ্বাসমতে, মাই কো চুম ফাইৰ ভোজত ক’লা আহাৰ ৰন্ধা হয়।[3]

তথ্য সংগ্ৰহ

  1. অসমৰ বৌদ্ধ ধৰ্মাৱলম্বী টাইসকলৰ জনজীৱনত এভূমুকি, ড° বন্তিৰাণী গগৈ ফুকন
  2. অসমৰ লোকসংস্কৃতি ২, পৃ: নং, ৩২৭ চাও লোকেশ্বৰ গগৈ
  3. অসমৰ বৌদ্ধ ধৰ্মাৱলম্বী টাইসকলৰ জনজীৱনত এভূমুকি, ড° বন্তিৰাণী গগৈ ফুকন