মহম্মদ চালেহ আকবৰ হাইদৰী
ছাৰ মহম্মদ চালেহ আকবৰ হাইদৰী, (১২ অক্টোবৰ ১৮৯৪ – ২৮ ডিচেম্বৰ ১৯৪৮) এজন ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আৰু ৰাজনৈতিক নেতা। তেওঁ ব্ৰিটিছ চৰকাৰে শেষ নিযুক্তি দিয়া আৰু প্ৰথম ভাৰতীয় অসমপ্ৰদেশৰ ৰাজ্যপাল। তেওঁ স্বাধীন ভাৰতত অসম প্ৰদেশৰ প্ৰথম ৰাজ্যপাল হিচাপে কৰ্মৰত হয়। প্ৰাৰম্ভিক জীৱন১৮৯৪ চনৰ ১২ অক্টোবৰ তাৰিখে মহম্মদ হাইদৰীৰ জন্ম হয়। তেওঁৰ পিতৃ আকবৰ হাইদৰী আৰু মাতৃ আমিনা হাইদৰী।[1] তেওঁলোকৰ ১১ জন সন্তান আছিল।[2] বিখ্যাত ভাৰতীয় কংগ্ৰেছৰ নেতা আৰু অধিবক্তা বদৰুদ্দিন তৈবাজী তেওঁৰ খুড়াককা আছিল। মহম্মদ হাইদৰীয়ে বোম্বে আৰু অক্সফোৰ্ডত শিক্ষাগ্ৰহণ কৰে। তাৰপিছত তেওঁ ভাৰতীয় অসামৰিক সেৱাত যোগদান কৰে। ১৯১৯ চনত তেওঁ মাদ্ৰাজ প্ৰেচিডেন্সীত যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলে। কৰ্মজীৱনতথ্যসূত্ৰ
|