মলয় ৰায়চৌধুৰী
মলয় ৰায়চৌধুৰী একেধাৰে কবি, উপন্যাসিক, নাট্যকাৰ, জীৱনীকাৰ, প্ৰবন্ধকাৰ আৰু বঙালী ভাষাত হাংৰি আন্দোলনৰ গুৰি ধৰোঁতা। জন্ম আৰু বংশ পৰিচয়১৯৩৯ চনৰ ২৯ অক্টোবৰ তাৰিখে পাটনাৰ ইমলিতলাত মলয় ৰায়চৌধুৰীৰ জন্ম হয়। তেওঁৰ পিতাৰ নাম ৰঞ্জিত ৰায়চৌধুৰী আৰু মাকৰ নাম অমিতা বন্দোপাধ্যায়। তেওঁলোকৰ আদি নিবাস আছিল পশ্চিমবংগৰ হুগলি জিলাৰ উত্তৰপাৰাত। মলয় ৰায়চৌধুৰী বিখ্যাত সাবৰ্ণ ৰায়চৌধুৰীৰ বংশধৰ। এই সাবৰ্ণ ৰায়চৌধুৰী তেতিয়াৰ কলিকতা, গোবিন্দপুৰ আৰু সুতানুটিৰ মালিক আছিল। একান্নবৰ্তী পৰিয়ালৰ দেওতা আৰু বৰ-দেউতাক একমাত্ৰ উপাৰ্জনকাৰী আছিল। সেই কাৰণে শৈশব অতিবাহিত হৈছিল অভাৱৰ মাজেদি। মলয় ৰায়চৌধুৰী ছয় বছৰ পঢ়িছিল মিচনেৰী স্কুলত। ব্ৰাহ্ম স্কুলৰ পাৰা মাধ্যমিক পাছ কৰি পাটনা বিশ্ববিদ্যালয়ৰ পৰা ১৯৬০ চনত অৰ্থনীতি বিষয়ত কৃতিত্ব সহকাৰে স্নাতকোত্তৰ উত্তীৰ্ণ হৈ বিশ্ববিদ্যালয়ৰ গণ্ডি পাৰ কৰি আহে। সাহিত্যকৃতিকাব্যগ্ৰন্থ
উপন্যাস(১)ডুবজলে যেটুকু প্ৰশ্বাস; (২)জলাঞ্জলি; (৩)নামগন্ধ; (৪)তিনটি উপন্যাস; (৫)অৰূপ তোমাৰ এঁটোকাঁটা। চুটিগল্প(১)ভেন্নগল্প; (২)অপ্ৰকাশিত ছোটগল্প; (৩)অতিবাস্তব গল্পগাছা। প্ৰৱন্ধ সংকলন(১)মাৰ্কসবাদেৰ উত্তৰাধিকাৰ; (২)আমাৰ জেনাৰেশানেৰ কাব্যদৰ্শন বা মৃত্যুমেধী শাস্ত্ৰ; (৩)ইশতাহাৰ সংকলন; (৪)হাংৰি কিংবদন্তি; (৫)পোস্টমডাৰ্নিজম; (৬)পৰাবাস্তববাদ; (৭)আধুনিকতাৰ বিৰুদ্ধে কথাবাত্ৰা; (৮)মতান্তৰ; (৯)পোস্টমডাৰ্ন কালখন্ড ও বাঙালিৰ পতন; (১০)উত্তৰঔপনিবেশিক পোস্টমডাৰ্নিজম; (১১)পোস্টমডাৰ্ন জীবনানন্দ; (১৩)শাৰ্ল বদল্যাৰ; (১৪)অ্যালেন গিন্সবাৰ্গ; (১৫)জঁ আৰ্তুৰৰ্য অঁবো; (১৬)প্ৰবন্ধসমগ্ৰ; (১৭) হাংৰি আন্দোলনেৰ ইশতাহাৰ। সাক্ষাৎকাৰ সংকলন(১)হাংৰি সাক্ষাৎকাৰমালা; (২)প্ৰতিস্ব পৰিসৰেৰ অবিনিৰ্মাণ; (৩)বিষয় পোস্তমডাৰ্নিটি। আত্মজীৱনী(১)ছোটোলোকেৰ ছোটোবেলা; (২)এই অধম ওই অধম; (৩)অভিমুখেৰ উপজীব্য। নাটকনাটকসমগ্ৰ। অনুবাদ(১)জাঁ ককতো: ক্ৰুসিফিকেশান; (২)মাৰিও ভাৰগাস য়োসা: আগন্তুক; (৩)অ্যালেন গিন্সবাৰ্গ: ক্যাডিশ; (৪)ত্ৰিস্তান জাৰা: কবিতা; (৫)অ্যালেন গিন্সবাৰ্গ:হাউল ও অন্যান্য কবিতা: (৬)ব্লাইজি সঁদৰা: ট্ৰান্সসাইবেৰিয়ান এক্সপ্ৰেস; (৭)উইলিয়াম ব্লেক: স্বৰ্গ ও নৰকেৰ বিবাহ; (৮) পল গঙগা: আত্মজীবনী; (৯)সাভাদৰ দালি: আমাৰ আত্মকথা; (১০)ডাডা ইশতাহাৰ। ইংৰাজী গ্ৰন্থ(১) সেলেকড পোয়েমস; (২) স্টাৰ্ক ইলেকট্ৰিক জেশাস; (৩)অটোবায়োগ্ৰাফি। সম্পাদিত পত্ৰিকা(১)হাংৰি বুলেটিন; (২)জেব্ৰা। লগতে চাওক
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|