ভাস্কৰ জ্যোতি মহন্ত
ভাস্কৰ জ্যোতি মহন্ত (ইংৰাজী: Bhaskar Jyoti Mahanta, জন্ম: ২৪ জানুৱাৰী ১৯৬৩) এগৰাকী ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া তথা প্ৰাক্তন অসম আৰক্ষীৰ সঞ্চালক-প্ৰধান।[1] তেওঁ ভাৰতীয় আৰক্ষী সেৱাৰ ১৯৮৮ বৰ্ষৰ অসম মেঘালয় কেডাৰৰ আৰক্ষী বিষয়া। অসম আৰক্ষীৰ বিভিন্ন পদত সেৱা আগবঢ়োৱা ভাস্কৰ জ্যোতি মহন্তই ২০১৯ চনৰ ৩০ নৱেম্বৰ তাৰিখে অসমৰ আৰক্ষী সঞ্চালক প্ৰধানৰ পদবী লাভ কৰে।[2] ইয়াৰ লগতে তেওঁ বহুতো ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত চুটি ছবি 'যুগদ্ৰষ্টা' নিৰ্মাণ কৰিছিল। প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা১৯৬৩ চনৰ ২৪ জানুৱাৰী তাৰিখে অসমৰ শিৱসাগৰত ভাস্কৰ জ্যোতি মহন্তৰ জন্ম হৈছিল। তেওঁৰ পিতৃ সত্ৰাধিকাৰ প্ৰয়াত লীলাকান্ত মহন্ত আৰু মাতৃ গুবাহাটী বিশ্ববিদ্যালয়ৰ অৰ্ৱসৰপ্ৰাপ্ত অধ্যাপক ড° নীৰুপমা মহন্ত। তেওঁৰ দুজন সৰু ভাইটি আছে, শ্যামকানু মহন্ত আৰু ড° সমৰ জ্যোতি মহন্ত। তেওঁ প্ৰাৰম্ভিক শিক্ষা শিৱসাগৰতে গ্ৰহণ কৰিছিল। ১৯৭৭ চনত তেওঁ শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তেওঁ ডিগবৈত অৱস্থিত বিবেকানন্দ বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিছিল আৰু অৰ্থনীতি বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰিছিল। তাৰপিছত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত ৰামযশ মহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ লগতে দিল্লী স্কুল অৱ ইকোন’মিক্সৰ পৰা সমাজ সেৱা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তেওঁ ১৯৮৬ চনত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ভাৰতীয় তথ্য সেৱা বিভাগ লাভ কৰিছিল। ১৯৮৭ চনত তেওঁ আকৌ পৰীক্ষাত অৱতীৰ্ণ হৈ ভাৰতীয় আৰক্ষী সেৱা লাভ কৰে।[3] আৰক্ষী সেৱাভাস্কৰ জ্যোতি মহন্ত ভাৰতীয় আৰক্ষী সেৱাৰ ১৯৮৮ বৰ্ষৰ অসম মেঘালয় কেডাৰৰ আৰক্ষী বিষয়া। তেওঁ অসম চৰকাৰৰ অন্তৰ্গত অসম আৰক্ষী আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পদবীত থাকি সেৱা আগবঢ়াইছে।[3] ইয়াৰ ভিতৰত উল্লেখযোগ্য পদবী সমূহ হ'ল:
চলচ্চিত্ৰভাস্কৰ জ্যোতি মহন্তয়ে 'যুগদ্ৰষ্টা: দ্য ভিজনেৰী' নামৰ চুটি ছবিখন নিৰ্মাণ কৰিছিল। এই ছবিখনৰ তেওঁ পৰিচালক আৰু চিত্ৰনাট্যকাৰ আছিল। মুক্তিযুঁজাৰু তথা সমাজ সংস্কাৰক পীতাম্বৰ দেৱগোস্বামীৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা চলচ্চিত্ৰখনে বহুতো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ লগতে কেইবাটাও বঁটা লাভ কৰিছিল।[4] তথ্য উৎস
|