| এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ।
|
ড॰ ভগৱান মৰল অসমীয়া ভাষা বিজ্ঞান চৰ্চাৰ ক্ষেত্ৰখনৰ এটা অতি চিনাকি নাম। প্ৰচলিত চিন্তা-চৰ্চা তথা মতবাদৰ বিপৰীতে ব্যতিক্ৰমী চিন্তা-চৰ্চাৰে অসমৰ ভাষা বিজ্ঞান অধ্যয়নৰ ক্ষেত্ৰখনক এক নতুন ৰূপ দিবলৈ চেষ্টা কৰা ড॰ ভগৱান মৰল যথাৰ্থতে এগৰাকী সফল ভাষা বিজ্ঞানী। অসমীয়া ভাষাৰ বিভিন্ন দিশ সামৰি কেইবাখনো গ্ৰন্থ ৰচনা আৰু সম্পাদনা কৰা ভগৱান মৰলে অসমীয়া ভাষাৰ শব্দাৰ্থ তত্ত্ব সম্পৰ্কে গৱেষণা কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰে।
জন্ম
ভাষাবিদ ভগৱান মৰলৰ জন্ম হৈছিল ১৯৩৪ চনৰ ৬ নৱেম্বৰ তাৰিখে শুৱালকুছিত। তেখেতৰ পিতৃৰ নাম আছিল সিদ্ধিনাথ মৰল আৰু মাতৃৰ নাম আছিল যমুনা মৰল।[1]
শিক্ষা
১) নিজৰ ওপজা গাঁৱখনত থকা প্ৰাথমিক বিদ্যালয়তেই প্ৰাথমিক শিক্ষা আৰম্ভ।
২) ১৯৫১ চনত শুৱালকুছি হাইস্কুলৰ পৰা উচ্চ গণিত আৰু সংস্কৃত বিষয়ত লেটাৰমাৰ্ক সহ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ।
৩) ১৯৫৩ চনত কটন কলেজৰ পৰা ইণ্টাৰমিডিয়েট বিজ্ঞান শাখাত(ISC) উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ।
৪) ১৯৫৫ চনত কটন কলেজৰ পৰাই অসমীয়া বিষয়ত অনাৰ্চসহ স্নাতক ডিগ্ৰী লাভ।
৫) ১৯৫৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা অসমীয়া ভাষা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
৬) ১৯৮৬ চনত "Semantics of Assamese" শীৰ্ষক গৱেষণা কৰ্মৰ বাবে গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰে।[2]
কৰ্মজীৱন
বৃত্তিগত কৰ্ম
১) ১৯৫৩ চনত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা দি উঠিয়েই কিছুদিনৰ বাবে শুৱালকুছি হাইস্কুলত শিক্ষকতা কৰিছিল। একেটা বৰ্ষতে নৱপ্ৰতিষ্ঠিত শুৱালকুছি বালিকা হাইস্কুলৰ প্ৰধান শিক্ষক হিচাপে শিক্ষকতা কৰিছিল।
২) ১৯৫৮ চনত স্নাতকোত্তৰ পৰীক্ষা দি শেষ কৰি কিছুদিনৰ বাবে গুৱাহাটীৰ ডনবস্ক' হাইস্কুলত শিক্ষকতা কৰিছিল।
৩) ১৯৫৯ চনৰ ১৩ আগষ্টত তেখেতে গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা হিচাবে যোগদান কৰে। ১৯৬১ চনৰ ২২ আগষ্টলৈকে তেখেত সেই মহাবিদ্যালয়ত প্ৰবক্তা হিচাবে কৰ্মৰত হৈ আছিল।
৪) ১৯৬১ চনৰ ২৩ আগষ্ট তাৰিখে তেখেতে গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অসমীয়া বিভাগত যোগদান কৰে। ১৯৮২ চনত তেখেতে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপকৰ পদ লাভ কৰে আৰু ১৯৯৪ চনৰ ১ মাৰ্চ তাৰিখে এই মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে।
সামাজিক/সাংগঠনিক কৰ্ম
১)১৯৫৫ চনত শুৱালকুছিত গঠিত "জ্যোতি সাহিত্য সভা"ৰ প্ৰতিষ্ঠাপক সম্পাদকৰ দায়িত্ব গ্ৰহণ।
১৯৬৬ চনত গুৱাহাটীৰ ফটাশিলত গঠিত "প্ৰাগজ্যোতিষ সাহিত্য সভা" ৰ প্ৰতিষ্ঠাপক সম্পাদকৰ দায়িত্ব গ্ৰহণ।
৩)কামৰূপ সাহিত্য পৰিষদ(পিছত কামৰূপ সাহিত্য সভা)ৰ সৈতে ওতপ্ৰোতভাৱে জড়িত।
৪)১৯৭৯ চনত অসম ভাষা বিজ্ঞান সমিতিৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আগভাগ লোৱাৰ লগতে সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে।
ভাষা-সাহিত্যলৈ অৱদান
সাহিত্য
ক) কবিতা পুথি: প্ৰেমাঞ্জলি(নৱম শ্ৰেণীত থাকোঁতেই লিখা), সুৰ নিজৰা
খ)উপন্যাস:
জয় আই অসম
মুৰ্খনায়ক(নাট্যোপন্যাস)
ৰত্নগৰ্ভা কামৰূপ(ৰহস্য উপন্যাস)
গ)পাৰিজাত আৰু কক্ষচ্যুত(নাট্যচিত্ৰ)
ভাষা বিষয়ক গ্ৰন্থ
ক)অসমীয়া ব্যাকৰণ জ্যোতি (১৯৭৪)[3]
খ)আধুনিক ভাষা বিজ্ঞান
গ)ভাষাৰ্থ বিজ্ঞান
ঘ)অসমীয়া ভাষাৰ স্বতন্ত্ৰতা
ঙ)নানাৰ্থ অভিধান
চ)Assamese: Its Origin and Substratum
৩)গৱেষণা গ্ৰন্থ:
"Semantics of Assamese"(1986 Guwahati University)
সম্পাদনা গ্ৰন্থ
ক)নৱজাগৰণ(শুৱালকুছি হাইস্কুলৰ মুখপত্ৰ)
খ)অসমীয়া সাহিত্যঃ ন ৰূপ ন-ৰেখা(সুশীল শৰ্মাৰ সৈতে যুটীয়া ভাৱে সম্পাদিত)।
গ) Glimpses of Assam: Through the Ages
অন্যান্য
ক)শুৱালকুছি
খ)সাহিত্যজ্যোতি
গ)মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱঃ এক সত্য অন্বেষণ
সন্মান
ক)১৯৯৪ চনত অসম চৰকাৰৰ সাহিত্যিক পেন্সন লাভ।
খ)২০০৭-০৯ বৰ্ষৰ কামৰূপ জিলা সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান "কামৰূপ ৰত্ন" লাভ।
গ)২০০৯ চনত তেখেতৰ ৭০ সংখ্যক জন্মদিনত অসম ভাষা বিজ্ঞান সমিতিৰ তৰফৰ পৰা ড॰ নবীন চন্দ্ৰ শৰ্মা, প্ৰভাত চন্দ্ৰ দাস আৰু ড॰ ৰজিতা কলিতাৰ সম্পাদনাত "জ্ঞান-বিজ্ঞান বিমৰ্শন" শীৰ্ষক অভিনন্দন গ্ৰন্থৰ প্ৰকাশ।
ঘ)২০১৩ চনত বৰপেটাৰোডত অনুষ্ঠিত অসম সাহিত্য সভাৰ ৭২ সংখ্যক অধিৱেশনত সম্বৰ্ধনা জ্ঞাপন।
মৃত্যু
এইজনা খ্যাতিমান অধ্যাপক, সাহিত্যিক, ভাষাবিদৰ ২০১৩ চনৰ ২৯ এপ্ৰিল তাৰিখে ৮০বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে।
প্ৰসংগ পুথি
ক) নিজৰাৰ সুৰৰ সন্ধানত
পৃষ্ঠা- ৯
খ) শৰ্মা, ড॰ নবীন চন্দ্ৰ,দাস, প্ৰভাত চন্দ্ৰ, কলিতা, ড॰ ৰজিতা(সম্পাদক)ঃ- জ্ঞান-বিজ্ঞান বিমৰ্শন(অভিনন্দন গ্ৰন্থ, অসম বিজ্ঞান সমিতি) ২০০৯
পৃষ্ঠা-৫
গ) শৰ্মা, কুমাৰ দীপকঃ- "অসমৰ ভাষা বিজ্ঞানী আৰু ভাষা বিজ্ঞান চৰ্চা"
প্ৰথম প্ৰকাশ- ২০১৭
প্ৰকাশক- বনলতা
পৃষ্ঠা- ৮৩-৯১
তথ্যসূত্ৰ
- ↑ শৰ্মা, দীপক কুুুমাৰ,:- অসমৰ ভাষা বিজ্ঞানী আৰু ভাষা বিজ্ঞান চৰ্চা।
- ↑ অসমৰ ভাষা বিজ্ঞানী আৰু ভাষা বিজ্ঞান চৰ্চা: দীপক কুমাৰ শৰ্মা
- ↑ স্মৃতি ডেকা খাউণ্ড. "অসমীয়া ভাষাৰ ব্যাকৰণ চৰ্চাৰ ইতিহাস". SLTD, Assam. Archived from the original on 21 June 2020. https://web.archive.org/web/20200621032006/https://sltdassam.com/sltdresource/?p=69। আহৰণ কৰা হৈছে: 9 September 2019. অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ একান্ত সেৱক, প্ৰচাৰ বিমুখ, নিৰৱ সাধক। ভাষাবিজ্ঞানৰ একনিষ্ঠ সেৱক ড° ভগৱান মৰল ।
ভাষাবিজ্ঞানৰ চিন্তা-চৰ্চা কৰা লোকসকলৰ ভিতৰত ভাষাবিদ ড° ভগবান মৰল আছিল অন্যতম। প্রাগজ্যোতিষ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, ধুবুৰীৰ হালাকুড়া মহাবিদ্যালয়ৰ প্রতিষ্ঠাপক অধ্যক্ষ, ভাষাবিজ্ঞান সমিতিৰ প্রতিষ্ঠাতা ড° ভগবান মৰল আছিল একাধাবে ভাষাবিজ্ঞানী, গল্পকাৰ, নাট্যকাৰ, ঔপন্যাসিক, কবি আৰু পাঠ্যপুথি ৰচোঁতা। তেখেত আছিল অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ একান্ত সেৱক, প্ৰচাৰ বিমুখ, নিৰৱ সাধক। তেখেত আছিল নিজস্ব ভাবধাৰাত বিশ্বাসী। বর্ণাশুদ্ধিব ক্ষেত্ৰত কাৰো লগত কেতিয়াও আপোচ কৰিব নিবিচাৰিছিল। শুদ্ধ ভাষা প্রতিষ্ঠাৰ বাবে তেওঁ আপ্রাণ চেষ্টা কৰিছিল। কিন্তু অসমীয়া ভাষাটোক ৰক্ষা কৰাৰ যি একক প্রচেষ্টা সেয়া জীবিত কালত ফলপ্রসূ নহ'ল। বিদ্বৎ সমাজত এই বিষয়ে চিন্তা-চৰ্চা কৰাৰ প্ৰয়োজন নুই কৰিব নোৱাৰি।
শুৱালকুচিৰ নাম অলংকৃত কৰা স্বনামধন্য লোকসকলৰ ভিতৰত বুদৰাম মহন্ত, প্রথম উকীল সোণাৰাম দাস ৰাজমেধি, বৈষ্ণৱাচার্য শ্রীশ্রীকৃষ্ণপুৰী পৰিব্রাজক, প্রথম অসমীয়া ছার্জন ডাঃ জ্যোতিষ দাস, সমাজকর্মী ডাঃ গণেশ দাস, প্রয়াত পুণ্যৰাম মহাজন, প্রয়াত লোহিত দেৱান, প্রয়াত গোৱৰ্দ্ধন দেৱান, প্রয়াত কালিৰাম কাৰিকৰ, হৃষিকেশ দেবান, ডাঃ নাৰায়ণ চন্দ্ৰ কাকতি, প্রমদা কান্ত শর্মা, পদ্মৰাম কাকতি, ঘনশ্যাম চৌধুৰী, স্ত্রী শিক্ষাৰ বাট কাটোতা শুৱালকুচিৰ বোৱাৰী ৰাজাবালা দাস, বিহাৰীলাল চৌধুৰী, লক্ষ্যহীৰা বৈশ্য সাউদ, কমল কৃষ্ণ দাস, ৰমেশ কলিতা, পাণ্ডু মহাবিদ্যালয়ৰ উপাধ্যক্ষ নাৰায়ণ দাস, পাণ্ডু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক প্রসন্ন ৰাম দাস, তেজপুৰ কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ চন্দ্রমোহন মেধি, শুৱালকুচি কলেজৰ প্ৰাক্তন অধ্যক্ষ ড° প্রবীণ দাস, গণেশ দাস হাইস্কুলৰ প্ৰধান শিক্ষক ৰজনীকান্ত দাস, বিশিষ্ট শিক্ষাবিদ বিদগ্ধ পণ্ডিত গাজিৰাম দাস, হৰমোহন কাকতি শৰৎ মেধি, চিকিৎসক ডাঃ ভবানন্দ দাস, ভাষাবিদ ড° ভগবান মৰল অন্যতম।
সিদ্ধিনাথ পণ্ডিত আৰু যমুনা মৰলৰ ছটি পুত্র সন্তান আৰু তিনিটি কন্যা সন্তানৰ ভিতৰত দ্বিতীয় সন্তান ড° মৰলে ইং ১৯৩৪ চনত শুৱালকুচিত জন্ম গ্রহণ কৰে। ইং ১৯৫১ চনত শুৱালকুচি হাইস্কুলৰ পৰা হাইস্কুল শেষান্ত পৰীক্ষাত উত্তীর্ণ হৈ ইং ১৯৫৩ চনত কটন কলেজত আই. এ. চি-ত নাম ভর্তি কৰে। ১৯৫৫ চনত অসমীয়া সন্মান বিষয় হিচাপে লৈ কটন কলেজৰ পৰা বি. এ.-ত উত্তীর্ণ হয় আৰু ইং ১৯৫৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া ভাষা বিষয়ত এম. এ. উত্তীর্ণ হয়। ৰোহিণী মহন্তৰ তত্ত্বাৱধানত Semantics of Assamese শীর্ষক গৱেষণাৰ বাবে ১৯৮৬ চনত পি. এইছ. ডি. উপাধি লাভ কৰে। ড° মৰলে চাকৰি জীৱনৰ শুভাৰম্ভ কৰে ইং ১৯৫৩ চনত শুৱালকুচি বয়জ হাইস্কুলত। ইং ১৯৫৩ চনত তেওঁ শুৱালকুচি বালিকা হাইস্কুলৰ প্ৰতিষ্ঠাপক প্রধান শিক্ষক হিচাপে সেরা আগবঢ়াই আছিল। ড° মৰলৰ ঘৰুৱা অৱস্থা টনকিয়াল নাছিল, ইং ১৯৫৫ চনত ড° প্রমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ উৎসাহত এম. এত নাম ভর্তি কৰে, পিতাক অসুখীয়া আছিল বাবে নিজে শিক্ষকতা কৰি ঘৰত খৰচ দিবলগীয়া হৈছিল। সেইবাবে গুৱাহাটী ডনব'স্ক হাইস্কুলত ইং ১৯৫৮ চনত শিক্ষকতা কৰিছিল আৰু তিনিচুকীয়াত আসাম চিল্ক হাউচ নামেৰে দোকান এখনো চলাবলগীয়া হৈছিল। ইং ১৯৫৯ চনৰ ১৩ আগষ্টৰপৰা ১৯৬১ চনৰ ২২ আগষ্টলৈ গোলাঘাটৰ দেৱৰাজ বয় মহাবিদ্যালয়ত অধ্যাপনা কৰে। ইং ১৯৬১ চনৰ ২৩ আগষ্টত প্রাগজ্যোতিষ মহাবিদ্যালয়ত প্রবক্তা হিচাপে যোগদান কৰে। ইং ১৯৮২ চনত মুৰব্বী অধ্যাপক হয় আৰু ইং ১৯৯৩ চনত অধ্যক্ষ হিচাপে উক্ত মহাবিদ্যালয়ত কার্যনির্বাহ কৰে। ইং ১৯৯৪ চনৰ ২৮ ফেব্ৰুৱাৰীত তেওঁ চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। অধ্যক্ষ হৈ থকা কালছোৱাত মহাবিদ্যালয়ৰ শৈক্ষিক বাতাৱৰণৰ যথেষ্ট উন্নতি কৰিছিল। সম্মুখৰ পুখুৰীৰ পাৰ বন্ধ কৰি ফিচাৰী কৰিছিল আৰু নৃতত্ত্ব, পৰিসংখ্যা আদি বিভাগ খুলিছিল।
সাহিত্যিক পেঞ্চনাৰ ড° মৰল কামৰূপ জিলা পৰিষদ, ভাষাবিজ্ঞান সমিতি, শঙ্কৰদেৱ সচেতন মঞ্চ, শুৱালকুছি জ্যোতি সাহিত্য সভা আদিৰ লগত ওতপ্রোতভাবে জড়িত আছিল। তেওঁ ভাষাবিজ্ঞান সমিতিৰ মূল হোতা আছিল। মৰল আছিল প্রতিষ্ঠাপক সম্পাদক। কামৰূপ জিলা সাহিত্য সভাই ইং ২০০৯ বৰ্ষৰ বাবে তেওঁক “কামৰূপ ৰত্ন “ উপাধি প্রদান কৰিছিল। ২০১৩ বৰ্ষত বৰপেটাত অনুষ্ঠিত অসম সাহিত্য সভাৰ দ্বিসপ্ততিতম অধিবেশনত তেওঁক সম্বর্ধনা জ্ঞাপন কৰা হয়। ড° মৰলে ১৮ খন গ্রন্থ ৰচনা কৰিছিল।
গ্রন্থসমূহ হ'ল:
(ক) মৌলিক গ্রন্থ-
অসমীয়া ভাষা বিষয়ক:
১। অসমীয়া ব্যাকৰণ জ্যোতি- প্রথম প্রকাশ, ১৯৭৪
২। ভাষার্থ বিজ্ঞান- প্রথম প্রকাশ, ১৯৮৬
৩। আধুনিক ভাষা বিজ্ঞান- প্রথম প্রকাশ, ১৯৯৮, ৩০ অক্টোবৰ
8৷ Assamese its Origin and Substratum - First Edition 2008, (ডি লিট উপাধিৰ বাবে লিখিছিল যদিও উপাধি লোৱা নহ'ল। সেইবাবে ২০০৮ চনত প্রকাশ কৰি উলিয়ায়।)
৫। অসমীয়া ভাষাৰ স্বতন্ত্রতা, প্রথম প্রকাশ, ২০১৩
৬। Semantics of Assamese (অপ্রকাশিত গবেষণা গ্রন্থ)
অসমীয়া সাহিত্য বিষয়ক:
১। অসম চিন্তা (প্রথম খণ্ড)- দ্বিতীয় প্রকাশ, ১৯৮৮
২। কক্ষচ্যুত (নাট্যচিত্র)- প্রথম প্রকাশ, ১৯৮০
৩। জয় আই অসম (সামাজিক নাট্যচিত্র) প্রথম প্রকাশ, ১৯৮০
৪। প্রেমাঞ্জলি (কবিতা পুথি)- প্রথম প্রকাশ, ১৯৮০
৫। পাৰিজাত (নাট্যগল্প)- দ্বিতীয় প্রকাশ, জানুৱাৰী ১৯৭১
৬। মূর্খ নায়ক (নাট্যোপন্যাস)- দ্বিতীয় প্রকাশ, ১৯৮৯, এপ্রিল এজীনি।
৭। মহাপুৰুষ শ্রীশ্রীহৰিদেৱ, এক সত্য অন্বেষণ- প্রথম প্রকাশ, ২০০৩
৮। ৰত্নগর্ভা কামৰূপ (ডিতেক্তিভ উপন্যাস)- প্রথম প্রকাশ, ১৯৮০
৯। সুৱালকুচি (ঐতিহাসিক আলোচনা)- প্রথম প্রকাশ, ১৯৭৯
১০। সাহিত্য-জ্যোতি (ষষ্ঠ শ্ৰেণীৰ বাবে)
১১। সুৰ নিজৰা (কবিতা পুথি)- প্রথম প্রকাশ, ১৯৯৪
১২। Glimpses of Assam (through the Ages) First Edition 1999
(খ) সম্পাদনা গ্রন্থ-
১। সাম্প্রতিক অসমীয়া সাহিত্যৰ ন-ৰূপ ন-ৰেখা, সম্পাদনা ভগৱান মৰল আৰু সুশীল শর্মা, প্রথম প্রকাশ, ১৯৭৯, ১০ ফেব্ৰুৱাৰী
২। নৱজাগৰণ, সুৱালকুচি হাইস্কুলৰ আলোচনী, ১৯৪৮
৩। নানার্থক অভিধান- (আজিলৈকে প্রকাশৰ মুখ দেখা নাই)
সম্পাদক মণ্ডলী আছিল:
১। ড° ভগবান মৰল ২। ড° নবীন চন্দ্র শর্মা
৩। অধ্যাপক ৰজনীকান্ত দেবশর্মা ৪। ড° মুকুন্দ মাধব শর্মা ৫। শ্রীসুৰেণ ঠাকুৰীয়া
৪। শিক্ষা জেউতি, প্রথম বছৰ, ২০০০ চন, বাতৰি কাকত (বর্তমান প্রকাশ বন্ধ)।
(গ) অভিভাষণ, আদৰণি ভাষণ
অভিভাষণ- কামৰূপ সাহিত্য পৰিষদ দশম বার্ষিক পুঠিমাৰী অধিবেশন, শিঙিমাৰী, ১৯৭৯ আদৰণি ভাষণ- কামৰূপ জিলা সাহিত্য সভাৰ অষ্টবিংশতিতম্ শুৱালকুছি অধিবেশনৰ অভ্যর্থনা সমিতি।
(ঘ) পাতনি:
১। অসমীয়া সাহিত্যৰ বুৰঞ্জী- যতীন্দ্র নাথ গোস্বামী
২। মহাপুৰুষ শঙ্কৰদেৱ আৰু হৰিদেৱ- বদন চন্দ্র শইকীয়া, শঙ্কৰদেৱ সচেতন মঞ্চ, ২০০৫
৩। মহাপুৰুষৰ কথা-কথা গুৰুচৰিতৰ সন্ত-মহন্ত কথা- ভবানন্দ ডেকা, ২০০২
৪। মহাপুৰুষ শ্রীশ্রীহৰিদেৱ-কমলাবাৰী সত্ৰাধিকাৰ শ্ৰীনাৰায়ণ চন্দ্র গোস্বামী
৫। তীর্থনাথ শৰ্মাদেৱৰ কামসেন্দুৰ কাব্যগ্ৰন্থৰ যুটীয়া পাতনি লেখক, অন্যতম অধ্যাপক নবীন চন্দ্র শর্মা
(ঙ) অভিননন্দন গ্রন্থ:
২ / জ্ঞান-বিজ্ঞান বিমর্ষণ, ডিচেম্বৰ, ২০০৯ (অসম ভাষাবিজ্ঞান সমিতিৰ তৰফৰ পৰা ড" মৰলক ৰাজহুৱাভাবে অভিনন্দন জনোৱা হৈছিল। গ্রন্থখনিৰ মুখ্য সম্পাদক আছিল ড° নবীন চন্দ্র শর্মা, সম্পাদকদ্বয়: প্রভাত দাস, ড° ৰজিতা কলিতা মৰল।।
(চ) বিভিন্ন বাতৰি কাকত্ৰ আলোচনীত প্রকাশিত প্রবন্ধৰাজি (অসমীয়া)
১। ভাষাতত্ত্ব গবেষক কালিৰাম মেধি ২। ৰাজ্যভাষা সহজীকৰণ বিধি ৩। কামৰূপৰ চৌধাৰী হোৱাৰ কাকত ৪। প্রাক্ আর্যৰ লীলাভূমি প্রাগজ্যোতিষ ৫। বৈষ্ণবাচার্য স্বামীকৃষ্ণপুৰী ব্রহ্মচাৰী ৬। মৌচুমীৰ আলেখ-লেখ ৭। আত্মোপলব্ধিৰ পটভূমিতঃ ব্যক্তিগত অনুভব
৮। মোৰ জীৱনৰ স্মৰণীয় ঘটনা ৯। সাম্প্রতিক অসমীয়া সাহিত্যৰ ন-ৰূপ ন-ৰেখা ১০। গুৰু দুজনাৰ আর্বিভাব আৰু পৰমায় কাল-এক অবাঞ্ছিত বিচাৰ ১১। চল আই যাই বৃন্দাবনে
১২। অসমীয়া ব্যাকৰণ আৰু নতুন দৃষ্টি ১৩। বাতৰি কাকতৰ সংবাদ মাধ্যমৰ ভুল-শুদ্ধ ১৪। বৰগীত: ভক্তিৰসৰ অনবদ্য ভাণ্ডাৰ, ইত্যাদি।
ইংৰাজী:
i) The Substratum of the Asamiya Language
ii) Basic Kinds of Verbs
iii) Assamese Culture in the context of Indian Culture
iv) Indianization of Assameese Civilisation
v) The Sun, The Supreme God
(চ) অল ইণ্ডিয়া অৰিয়েন্টেল কনফাৰেন্সত পঠিত প্ৰৱন্ধৰাজি
i) Relational Markers in Assamese
ii) Pre-Aryan Toponyms of Assam
iii) Few Dravidian Toponyms of Assam
iv) Linguistic Approach the Sun, The Supreme
v) The Conjectural View of Magadhi Origion of Assamese
vi) Modal Functors in Assamese
vii) Assamese Linguistic
ix) Pre-Aryan Toponyms and River names of Assam
ইয়াৰ উপৰিও অপ্রকাশিত গ্রন্থ:
১। আন্ধাৰু বালিৰ স্বপ্ন (কবিতা পুথি)
২। সফুৰা (কবিতা পুথি)
৩। আধুনিকা (নাটক)
৪। অবুজ সাথৰ-গল্প
৫। ভাষাবিজ্ঞান সম্মত আধুনিক অসমীয়া ব্যাকৰণ, যুটীয়াভাবে ড° ভগৱান মবল, ড° ৰজিতা কলিতা মৰল (এই গ্রন্থখনি প্রকাশৰ পথত)।
অপ্রকাশিত প্রবন্ধ:
১। বিহুৰ অন্য নাম যৌবন
২। অসম অসমীয়াৰ শ্মশান যাত্রা
৩। অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ- ব কথা উল্লেখ কৰিব পৰা যায়।
অসমীয়া ভাষাৰ স্বতন্ত্রতা পুথিখনি লেখকে ভাষাৰ সংকটৰ সময়ত ৰচনা কৰিছে।
এইখন লেখকৰ শেহতীয়া প্রকাশ। এইখনত অসমীয়া ভাষাৰ সমস্যা, উচ্চাৰণৰ বিভ্রাটসমূহ সুন্দৰভাবে দেখুৱাইছে। অন্ধ অনুকৰণে যে অসমীয়া ভাষাৰ ভাষিক বৈশিষ্ট্যবোৰ অর্থাৎ ভাষিক স্বতন্ত্রতাবোৰ লুপ্ত কৰি সম্পূর্ণ সাধু বঙলা ভাষাটোকেই সৰল, সহজ, সাবলীল স্বতন্ত্র অসমীয়া ভাষাটোৰ ওপৰত ইচ্ছাকৃত আৰু সচেতনভাবে জাপি দি অসমীয়া ভাষাৰ স্বকীয় প্রাচীন ঐতিহ্য ধ্বংস কৰি গৈছে, এইবোৰ দিশ চালি-জাৰি চাই পুংখানুপুংখভারে বিশ্লেষণ আগবঢ়াইছে। এই পুথিখনিৰ জৰিয়তে বাতৰিকাকত, পুথি-পাঁজিত শুদ্ধ ভাষা প্রয়োগ কৰিবলৈ বাৰে বাৰে অসমীয়া লিখকসকলক আহ্বান জনাইছিল। তেখেতে ৰচনা কৰা পাৰিজাত নাটখনিত তেখেতৰ সংস্কৃতিৰ প্ৰতি থকা দখলৰ কথা জানিব পৰা যায়। গ্রন্থখনিৰ আৰম্ভণিত লিখিছে এইদৰে-
ঔৰে গছতে অ' পকা বিলাহী
মৌৱে বাহা ললে বনে আজিলৈকে নাহিলি। (পৃঃ ১)
অ' পকা বিলাহীন নটকচার
আমাক পাৰি দিয়া খাওঁহে
অ' পকা বিলাহী
বিকসীণে পৰহিয়েই আহো বুলি
পাৰিজাত নাট্য-গল্পৰ অন্যতম চৰিত্ৰ মাধৱৰ মুখত বিহুগীতৰ কলিও শুনিবলৈ পোৱা গৈছে-
ঘৰতো নপৰে মন সমনীয়া
পথাৰতো নপৰে মন কমোৱা তুলাবোৰ যেনেকৈ উৰিছে তেনেকৈ উৰিবৰ মন। ৰৈ নো ৰৈ পীৰিতি কৰিম ঐ লাহৰি
ৰৈ নো ৰৈ পীৰিতি কৰিম
সুন্দৰভাবে দেখুৱাইছে। অন্ধ অনুকৰণে যে অসমীয়া ভাষাৰ ভাষিক বৈশিষ্ট্যবোৰ অথাৎ ভাষিক স্বতন্ত্রতাবোৰ লুপ্ত কৰি সম্পূর্ণ সাধু বঙলা ভাষাটোকেই সৰল, সহজ, সাবলীল স্বতন্ত্র অসমীয়া ভাষাটোৰ ওপৰত ইচ্ছাকৃত আৰু সচেতনভাবে জাপি দি অসমীয়া ভাষাৰ স্বকীয় প্রাচীন ঐতিহ্য ধ্বংস কৰি গৈছে, এইবোৰ দিশ চালি-জাবি চাই পুংখানুপুংখভারে বিশ্লেষণ আগবঢ়াইছে। এই পুথিখনিৰ জৰিয়তে বাতৰিকাকত, পুথি-পাঁজিত শুদ্ধ ভাষা প্রয়োগ কৰিবলৈ বাৰে বাৰে অসমীয়া লিখকসকলক আহ্বান জনাইছিল। তেখেতে ৰচনা কৰা পাৰিজাত নাটখনিত তেখেতৰ সংস্কৃতিৰ প্ৰতি থকা দখলৰ কথা জানিব পৰা যায়। গ্ৰন্থখনিৰ আৰম্ভণিত লিখিছে এইদৰে-
ঔৰে গছতে অ' পকা বিলাহী মৌৱে বাহা ললে
অ' পকা বিলাহী
আমাক পাৰি দিয়া খাওঁহে
অ' পকা বিলাহী
পৰহিয়েই আহো বুলি
আজিলৈকে নাহিলি।
পাৰিজাত নাট্য-গল্পৰ অন্যতম চৰিত্ৰ মাধৱৰ মুখত বিহুগীতৰ কলিও শুনিবলৈ পোৱা গৈছে
ঘৰতো নপৰে মন সমনীয়া পথাৰতো নপৰে মন কমোৱা তুলাবোৰ যেনেকৈ উৰিছে তেনেকৈ উৰিবৰ মন। ৰৈ নো ৰৈ পীৰিতি কৰিম ঐ লাহৰি ৰৈ নো ৰৈ পীৰিতি কৰিম
জিয়াই থাকো মানে পীৰিতি কৰিম ঐ
মৰিলে কাহানি কৰিম। (পৃঃ২)
ইয়াৰ উপৰিও কণা বিধাতাই মখনা লগোৱা, কেৰ্কেটুবাৰ বাহপাত দিয়া, এদিনেই এযুগ, নিকিনা গোলাম, বিনামেঘে বজ্রপাত, বব কাপোৰ, বৰমটা ইত্যাদি শব্দৰ প্রয়োগ দেখিবলৈ পোৱা যায়।