বিজয় (অভিনেতা)
জোচেফ বিজয় চন্দ্ৰশেখৰ (ইংৰাজী: Joseph Vijay Chandrasekhar;[2] জন্ম ২২ জুন ১৯৭৪), চমুকৈ বিজয় নামেৰে পৰিচিত ভাৰতীয় অভিনেতা গৰাকী তামিল ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ অভিনেতাৰ লগতে একাধাৰে নৃত্যশিল্পী, নেপথ্য গায়ক আৰু সমাজ সেৱক। ফেন তথা মিডিয়াসকলৰ মাজত তেওঁ “থালাপাথি” (কমাণ্ডাৰ) নামে বেচি পৰিচিত। বিজয় তামিল চলচ্চিত্ৰৰ সৰ্বাধিক বেতনৰ অভিনেতা।[3] ২০১৭ চনত তেওঁ অভিজ্ঞ ৰজনীকান্তৰ পিছত তামিল চলচ্চিত্ৰৰ ইতিহাসত দ্বিতীয় শীৰ্ষস্থানীয় অভিনেতা হয়।[4] বিজয়ে ৬৪খন চলচ্চিত্ৰত মুখ্য ভূমিকা পালন কৰাৰ লগতে তেওঁ বিভিন্ন পুৰস্কাৰেৰে সন্মানিত হয়, তাৰ ভিতৰত বিজয় এৱাৰ্ডচ্ (৮টা), তামিলনাডু ষ্টেট ফিল্ম এৱাৰ্ডচ্ (৩টা) আৰু এচ.আই.আই.এম.এ এৱাৰ্ড। তেওঁ ভাৰতীয় চেলেব্ৰিটিসকলে সৰ্বাধিক উপাৰ্জন কৰা ফৰবেচ্ ইণ্ডিয়া চেলেব্ৰিটি ১০০ লিষ্টত সাতবাৰকৈ আছিল। জন্ম পৰিচয়বিজয় ১৯৭৪ চনৰ ২২ জুনত তামিলনাডুৰ মাদ্ৰাজত (বৰ্তমানৰ চেন্নাই) জন্মগ্ৰহণ কৰে। তেওঁৰ পিতৃ এস. এ. চন্দ্ৰশেখৰ তামিল ছবিৰ পৰিচালক আছিল। তেওঁৰ মাক সভা চন্দ্ৰশেখৰ এগৰাকী স্বনামধন্য গায়িকা আছিল। বিজয়ে ১৯৯৯ চনত ফেন সংগীতা সৰ্ণালিংগমৰ সৈতে বিবাহ পাশত আবদ্ধ হয়।[5][6] সংগীতা সৰ্ণালিংগম আছিল শ্ৰীলঙ্কাৰ তামিল যাৰ সৈতে তেওঁৰ প্ৰথম সাক্ষাৎ হয় ১৯৯৯ চনৰ ২৫ আগষ্টত যুক্তৰাষ্ট্ৰত।[7] তেওঁৰ দুটা সন্তান- সঞ্জয় (জন্ম ২০০০, লণ্ডন)[8] আৰু দিব্যা (জন্ম ২০০৫, চেন্নাই)।[9] তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|