বামুণ বগলী
বামুণ বগলী[2] (ইংৰাজী: Little Egret, বৈজ্ঞানিক নাম-Egretta garzetta) এটা সৰু আকাৰৰ বগলীৰ প্ৰজাতি৷ ই বহুলভাৱে বিস্তৃত জলচৰ চৰাই৷ বিৱৰণপূৰ্ণবয়স্ক বামুণ বগলীৰ দেহৰ দৈৰ্ঘ্য ৫৫-৬৫ ছে:মি: আৰু ওজন প্ৰায় ৩৫০-৫৫০ গ্ৰাম হয়৷ ইয়াৰ সমগ্ৰ দেহটো ধকধকীয়া বগা৷ উপ-প্ৰজাতি garzetta ৰ ঠেং দীঘল আৰু ক'লা বৰণৰ, ঠৌঁট ঠেক, ক'লা৷ প্ৰজননৰ সময়ত ইয়াৰ মূৰৰ কিছু তলৰ পৰা দুডাল আৰু বুকুৰ পৰা একাধিক দীঘল বিশেষ ধৰণৰ পাখি (plumes) ওলায়৷ তাৰোপৰি ইয়াৰ ঠোঁট আৰু চকুৰ মাজৰ অংশটো ৰঙচুৱা হৈ উঠে৷ পোৱালি বামুণ বগলীৰ বাহ্যিক গঠন প্ৰজনন নকৰা পূৰ্ণবয়স্ক বগলীৰ সৈতে একে হয়৷ ই সাধাৰণতে নীৰৱে থাকে যদিও ভয় খালে ই বিভিন্ন শব্দ কৰিব পাৰে৷ টেক্স'নমিবৰ্তমানলৈকে বামুণ বগলীৰ তিনিবিধ উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে[3]-
বিতৰণবামুণ বগলী প্ৰধানকৈ ইউৰোপ, আফ্ৰিকা, এছিয়া তথা অষ্ট্ৰেলিয়াত বিস্তৃত হৈ আছে৷ বিষুৱীয় অঞ্চলসমূহত ই স্থানীয়ভাৱে বিস্তৃত৷ কিন্তু ইউৰোপৰ পৰা ইহঁতে শীতকালত আফ্ৰিকা তথা দক্ষিণ এছিয়ালৈ প্ৰব্ৰজন কৰে৷ আচৰণখাদ্যবামুণ বগলীয়ে সাধাৰণতে মাছ, পোক-পতংগ, উভচৰ প্ৰাণী, কেকোঁৰা আৰু বিভিন্ন সৰীসৃপ আদি খাই জীয়াই থাকে৷ ই সাধাৰণতে অগভীৰ পানীত চোপ লৈ থাকি খাদ্যৰ চিকাৰ কৰে৷ প্ৰজননবামুণ বগলীয়ে জাক-পাতি বাস কৰে৷ ই গছ বা জোপোহা আদিত ডালিৰে বাহ সাজে৷ এবাৰত ই ৩-৫ টাকৈ কণী পাৰে৷ মতা-মাইকী উভয়ে উমনি দিয়া আৰু পোৱালিৰ যত্ন লয়৷ কণীৰ আকাৰ ডিম্বাকৃতিৰ আৰু নীল-সেউজীয়া বৰণৰ৷ ২১-২৫ দিনৰ উমনিৰ অন্তত কণি ফুটি পোৱালি জগে৷ ৪০-৪৫ দিনৰ ভিতৰত পোৱালিৰ পাখি গজিবলৈ আৰম্ভ কৰে৷ স্থিতি তথা সংৰক্ষণবামুণ বগলীৰ জনসংখ্যা বৰ্তমান বিশেষ সমস্যাৰ সন্মুখীন হোৱা নাই বাবে বৰ্তমান ইয়াক সংকটৰ পৰা মুক্ত বুলি স্বীকৃতি দিয়া হৈছে৷ তথ্যসূত্ৰ
বাহ্যিক সংযোগ |