বাধকানুনিষ্ক্ৰিয়কাৰী পদাৰ্থবাধকানুনিষ্ক্ৰিয়কাৰী পদাৰ্থ (ইংৰাজী: Checkpoint inhibitor)-বোৰ কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহৃত হবলৈ ধৰা নতুন ঔষধিয় গুণাগুণ সমৃদ্ধ পদাৰ্থ যি বৰ্তমানেও ব্যৱহাৰ হৈ থকা শৰীৰৰ ভাল কোষ সমূহকো আক্ৰান্ত কৰা ৰাসায়ণিক আৰু তেজস্ক্ৰীয় চিকিৎসা পদ্ধতিৰ বিকল্প। পলমকৈ ধৰা পৰা কৰ্কট ৰোগৰ তৃতীয় মাৰকাৱস্থাতো তাৰ বিলম্বিত চিকিৎসাৰ বাবে এই ঔষধবোৰ ৰোগীক দিব পৰা যায়। প্ৰতিৰোধ ষড়যন্ত্ৰকৰ্কটৰ টেমুনাবোৰত মানবীয় ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাক বাধা (Check) দিয়াৰ বাবে এক ব্যৱস্থা থাকে। এই টেমুনাবোৰক জীৱিত মানব দেহৰ ভিতৰতে কোনো অংশত সৃষ্টি হোৱা অসম্পূৰ্ণ জীৱিত পদাৰ্থ বুলিব পাৰি। কৰ্কট ৰোগত মূল আক্ৰান্ত ৰোগী জনৰ ৰোগ প্ৰতিৰোধী ক্ষমতাৰে সৃষ্ট দুষ্টকোষবিনাশী-বিষানু (CD8+ T cells) সমূহক টেমুনাৰ কোষ সমূহৰ পৰা নিঃসৃত বাধক-অনু (Checkpoint) বোৰে নিষ্ক্ৰিয় কৰি পেলায় যাৰ ফলত ৰোগী জনৰ ৰোগ প্ৰতিৰোধ ক্ষমতা টেমুনাবোৰৰ আগত নিঃসহায় হৈ পৰে। সাধাৰণ ৰোগ সৃষ্টিকাৰী ভাইৰাছ বা বেক্টেৰিয়াসমূহক ধংস কৰাৰ দৰে টেমুনাৰ কোষ সমূহক ধংস কৰিবলৈ অপাৰগ হোৱা মানুহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা-সৃষ্ট দুষ্টকোষবিনাশী-বিষানু সমূহৰ সাহায্যাৰ্থে টেমুনা-কোষৰ বাধক-অনু বোৰকে এই বাধকানুনিষ্ক্ৰিয়কাৰী পদাৰ্থবোৰেৰে নিষ্ক্ৰিয় কৰি পেলোৱা হয়।
শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতায়ে কৰ্কটৰ দৰে অস্বাভাবিক অৱস্থা নিৰ্মূল কৰিব নোৱাৰে। এই ৰোগ হলে প্ৰথমাৱস্থাত শৰীৰৰ কোনো এক বিশেষ ধৰণৰ কোষৰ অস্বাভাৱিক ভাৱে কোষ-বিভাজন ঘটিবলৈ আৰম্ভ কৰে আৰু যাৰ ফলত সেই কোষৰ দ্বাৰা গঠিত কলাৰ আকাৰ, আয়তন বা পৰিমাণ বৃদ্ধি পাবলৈ ধৰে। এটা সময়ত সেই কলা সমূহৰ পৰা কিছুমান কোষ বিচ্ছিন্ন হৈ পৰে আৰু শৰীৰৰ ভিতৰত থকা সঞ্চালন মাধ্যমৰ দ্বাৰা প্ৰৱাহিত হৈ দেহৰ আন কিছুমান অংশ পাইগৈ। বিচ্ছিন্ন হোৱা কোষ বোৰে নিজৰ লগতে বিভাজন হব পৰা অস্বাভাবিক ক্ষমতাও কঢিয়াই লৈ যায় আৰু দেহৰ আন কোনো ঠাইত নতুন কোষৰ লগত মিলি সেই সমূহকো বিভাজন হবলৈ উত্তেজিত কৰে আৰু যাৰ ফলত সেই কোষসমূহৰ দ্বাৰা গঠিত কলা সমূহৰো আকাৰ, আয়তন, পৰিমাণ বৃদ্ধি পায়। এনে অৱস্থাত দেহৰ বিভিন্ন আক্ৰান্ত অংশবোৰত বিৰূপ প্ৰভাৱ পৰে আৰু আক্ৰান্ত লোক জনে বিষ-বেদনাৰ দৰে নানা সমস্যাত পৰি মৃত্যুবৰণ কৰিবলগীয়া হয়। বাধকানুনিষ্ক্ৰিয়কাৰী ঔষধবোৰে শৰীৰৰ বিভিন্ন অংশলৈ গৈ তাৰ কৰ্কটৰ টেমুনাবোৰৰ কোষবোৰক মানব দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা-সৃষ্ট দুষ্টকোষবিনাশী-বিষানু (CD8+ T cells) বোৰৰ আগত দুৰ্বল কৰি পেলাই দিয়ে। বাধক-অনু সমূহ দৰাচলতে মানৱ দেহৰ বাবে অপ্ৰয়োজনীয় নহয়। সাধাৰণ অৱস্থাত এইবোৰে মানৱীয় ৰোগপ্ৰতিৰোধী ক্ষমতাক আত্মঘাতী হোৱাতোত বাধা দিয়ে। সুস্থ কোষত প্ৰটিন-সংকেত গ্ৰহণকাৰী (Protein Receptor) হিচাপে এইবোৰে দুষ্টকোষবিনাশী-বিষানুবোৰ নিয়ন্ত্ৰণত ৰাখি সাধাৰণ বা আগতে সহ্য কৰিবলৈ সক্ষমিত হোৱা বাহ্যিক উত্তেজক পদাৰ্থসমূহৰ বিপক্ষে দেহৰ অনাকাংখিত অত্যধিক প্ৰতিক্ৰিয়া ৰোধ কৰি থাকে।[1] গতিকে বাধক-অনু সমূহ নিষ্ক্ৰিয় কৰি পেলোৱাতোতো পাৰ্শ্ব-প্ৰতিক্ৰিয়াৰ ক্ষতিসাম্ভাৱ্যতা আছে। কৰ্কট ৰোগৰ উচ্চ মাৰকাৱস্থাত বাধকানুনিষ্ক্ৰিয়কাৰী পদাৰ্থ বোৰৰ বহল প্ৰয়োগ কৰিলে (যেনে তেজত বেজী দি সুমুৱাই দিলে) এইবোৰে সুস্থ কোষবোৰতো প্ৰভাৱ পেলাব পাৰে। গতিকে প্ৰয়োজন অনুসৰি কৰ্কটৰ টেমুনাবোৰে নিজৰ সুবিধাৰ্থে সৃষ্টি কৰা স্থানীয় বাধকানু কৱচৰ ওচৰে-পাজৰে স্থানীয় ভাৱে প্ৰয়োগ কৰিলেই সুফল পোৱাৰ লগতে মানৱ দেহৰ সুস্থাংশবোৰত (যিবোৰ সাধাৰণতে প্ৰাকৃতিক আৰু বিবৰ্তনলব্ধভাৱেই ৰূঢ় আৰু কষ্টসহিষ্ণু) ৰোগপ্ৰতিৰোধী ক্ষমতাৰ বিৰূপ আত্মঘাতী প্ৰতিক্ৰিয়া এৰাই চলিব পাৰি বুলি জনা গৈছে।[2] চিকিৎসা বিজ্ঞানত নোবেল বঁটাৰ যোগ্য উদ্ভাৱন২০১৮ চনত বিজ্ঞানী জেমছ পি. এলিচনে আন এজন বিজ্ঞানী টাচুকু হঞ্জ'ৰ সৈতে যুটীয়াভাৱে কৰ্কট ৰোগৰ এই নতুন চিকিৎসা পদ্ধতিৰ ক্ষেত্ৰত কৰা উদ্ভাৱন আৰু অধ্যয়নৰ বাবে চিকিৎসা আৰু শৰীৰতত্ত্ব বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে। তথ্য সংগ্ৰহ
|