ফুলগুৰি ধেৱা
ফুলগুৰি ধেৱা অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম কৃষক বিদ্ৰোহ। বিদেশী ইংৰাজ চৰকাৰৰ শোষণৰ বিৰুদ্ধে শোষিত কৃষক ৰাইজে কৰা অসমৰ প্ৰথম বিদ্ৰোহ। ১৮৬১ চনত (১৮ অক্টোবৰ) এই বিদ্ৰোহ সংঘটিত হৈছিল নগাঁও জিলাৰ কলং নৈৰ পাৰৰ ফুলগুৰিত। ফুলগুৰি আছিল তিৱা জনবসতিপূৰ্ণ এখন গাঁও য'ত অত্যাধিক পৰিমাণৰ আফু খেতি কৰা হৈছিল । এই বিদ্ৰোহ ফুলগুৰি ধেৱা নামেৰে খ্যাত। ইংৰাজ আৰু চিপাহীবোৰে তেতিয়া বিদ্ৰোহক ধাৱা বুলি অভিহিত কৰিছিল আৰু সেই ধাৱা অপভ্ৰংশ ৰূপত প্ৰচলিত হ’ল ধেৱা ৰূপে। উপযুক্ত নেতৃত্ব অবিহনেই জিলাখনৰ বিভিন্ন অঞ্চলৰপৰা কৃষকসকল স্বতঃস্ফূৰ্তভাৱে আহি সংঘটিত কৰা এই বিদ্ৰোহে অসমত কৃষক বিদ্ৰোহ, আন্দোলনৰ পাতনি মেলিছিল। ১৮৬১ চনত ব্ৰিটিছ চৰকাৰে আফু খেতি সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াত সমগ্ৰ তিৱা জাতিটোৰ লোকসকল অতিশয় অসন্তুষ্ট হৈ পৰে , কিয়নো চৰকাৰী কানি প্ৰচলন বন্ধ কৰা নাছিল। তদুপৰি তামোল পাণৰ ওপৰতো কৰ লগাব বুলি বাতৰি প্ৰকাশ পাইছিল। বিদ্ৰোহৰ পূৰ্বৰ ঘটনাৱলী১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰৰ ধনৰ ভঁৰাল টনকিয়াল কৰাৰ প্ৰয়োজন হোৱাত ১৮৫০ চনৰ জেমচ্ উইলচনৰ উপদেশমতে লগোৱা আয়কৰ অসমতো (নগাঁৱকে ধৰি) বলৱৎ কৰা হ’ল। সাধাৰণ কৃষকে কৰকাতলৰ হেঁচাত মূৰ দাঙিব নোৱাৰা অৱস্থাত ১৮৫৮ চনত গোচৰ আদিৰ সংখ্যা কম কৰাৰ অজুহাতত আদালতৰ নিষেধাজ্ঞা উলঙ্ঘন কৰি নগাঁৱতো ষ্টাম্প ডিউটী লগালে। কামৰূপ, দৰং আৰু নগাঁৱৰ সদৰত আবকাৰী কৰ লগালে। কৰ উঠাওঁতে কৰতকৈ অধিক খৰচ হ’ব বুলি জনজাতীয় এলেকা ইয়াৰপৰা বাদ পৰিল।[1] নদী- বিলত মাছ মাৰিবলৈ নিৰ্দিষ্ট মহল কৰি সৰ্বোচ্চ ডাক দিয়াজনৰ লগতে বন্দোৱস্তী দি জলকৰ লোৱাৰ ব্যৱস্থা কৰিলে। কঠৰ ওপৰত গড়মাটি কৰ, ইকৰা খাগৰিৰ ওপৰত বনকৰ আৰু চৰণীয়া পথাৰৰ বাবে খুচাৰীকৰ ধাৰ্য কৰে।[2] হাট- ঘাটত অধিক ডাকত বিক্ৰী কৰাৰ বাবে জমা স্থিৰ কৰে। ফলস্বৰূপে এনেয়ে ভাগি পৰা কৃষকৰ আৰ্থিক অৱস্থাত নতুন হেঁচা পৰে। বাৰী- চাপৰি মাটিত সৰহকৈ আফুখেতি কৰাত তাৰ ৰসেৰে কানি তৈয়াৰ কৰিবলৈ লোৱাত খাজনা সংগ্ৰহৰ পৰিমাণ কমিছে বুলি ১৮৫১- ৫২ত চৰকাৰে নিজে আবকাৰী কানি বেচা প্ৰথা অৱলম্বন কৰে। তেওঁলোকে ভাবিছিল মানুহে সৰহ পইচা দি কানি কিনিব লগা হ’লে কানি খোৱাটো কমাব। অভ্যস্ত কানিয়াই যিমানেই দাম হওক কানি কিনিব বুলি আৰু পইচাৰ বাবে চাহবাগানত কাম কৰিব বুলি চাহ খেতিয়কে ধৰি লৈছিল। কানিয়াক আবকাৰী কানিৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল হবলৈ ১৮৬১ চনত আফু খেতি কৰাটো বন্ধ কৰে। সৰহ দামত কানি কিনিব নোৱাৰি কৃষক, বিশেষকৈ জনজাতীয় এলেকাৰ মানুহ অতিকৈ বিতুষ্ট হয় (বেণুধৰ কলিতাই তেওঁৰ ফুলগুৰি ধেৱা নামৰ গ্ৰন্থখনত এনেদৰে লিখিছে- “ৰাইজে যেতিয়া দেখিলে যে জনসাধাৰণৰ উপকাৰৰ অৰ্থে চৰকাৰে কানি তুলিবলৈ ইচ্ছা কৰা নাই। কৰিছিল একমাত্ৰ কানি খেতি অসমীয়াৰ হাতৰপৰা নি চৰকাৰীভাৱে কৰি বেছি দামত বিক্ৰী কৰি সস্তীয়া দৰত বিলাতী চাহ বাগিচাত অসমীয়া কুলিৰ সৃষ্টি কৰাটোহে, তেতিয়া ৰাইজ অসন্তুস্ত হৈছিল। ”) বিভিন্ন কৰত জুৰুলা নগঞা মানুহৰ মাজত প্ৰচাৰ হ’ল যে চৰকাৰে ঘৰ, বাৰী আৰু পামৰ খেতিৰ ওপৰতো কৰ লগাব খুজিছে। এনে সময়ত লাইচেঞ্চ টেক্স আৰোপ কৰাত চৰকাৰে অসত্য বুলি প্ৰচাৰ কৰাটো ৰাইজে ধৰি ল’লে পাণ তামোলৰ ওপৰতো কৰ লগাব। উত্তপ্ত ৰাইজে নতুন কৰ আৰু আফু খেতি বন্ধ কৰাৰ বিৰুদ্ধে ৰাইজ মেল পাতিলে। ১৮৬১ চনৰ চনৰ ছেপ্টেম্বৰৰ ৭ তাৰিখে এহেজাৰ কৃষকে কৰ বৃদ্ধিৰ ফলত হোৱা দুখ- দুৰ্গতিৰ কথা জনাবলৈ নগাঁও সদৰত উপস্থিত হ’ল। চি. চি. হাৰবাৰ্ট স্বনচৰ কক্ষত সোমাই গ’ল। তেওঁ আন কামত ব্যস্ত থকাত ৰাইজৰ সমস্যা সম্পৰ্কে শুনি বুজনি দিয়াৰ পৰিবৰ্তে উচ্ছৃঙ্খল অৱস্থাৰ সৃষ্টি কৰা বুলি মিছা অভিযোগত তেওঁলোকক জৰিমনা কৰাৰ লগতে থানাত আৱদ্ধ কৰে।[3] কৃষক ৰাইজে ইংৰাজ চাহাবৰ অভদ্ৰাচৰণ আৰু দুব্যৱহাৰত বৰকৈ ক্ষুণ্ণ হয়। কোনোবা প্ৰভাৱশালী মানুহৰ হস্তক্ষেপত তেওঁলোকক গধূলালৈ মুকলি কৰি দিয়ে, তাত যেনিবা অন্য কোনো অস্বস্তিকৰ অৱস্থাৰ সৃষ্টি হবলৈ নাপালে। পুনৰ ৯ অক্টোবৰৰ দিনা গাঁওবুঢ়া আৰু মুখিয়াল কৃষকে আফুখেতি বন্ধ কৰাৰ প্ৰতিবাদত আৰু বাৰী আৰু পাণৰ ওপৰত লগোৱা সাম্ভাৱ্য কৰৰ বিৰোধিতা কৰি নিয়মমতে প্ৰতিবাদ জনায়। [4] কৃষকে তাৰ একো ফল নোপোৱাত তেওঁলোক পুনৰ কাছাৰীলৈ গৈ প্ৰতিবাদ কৰাৰ কথা বাদ দিয়ে।[5] তেওঁলোকে কৰ পৰিশোধ নকৰাৰ সিদ্ধান্ত কৰে আৰু চৰকাৰৰ কাণত দুখ- দুৰ্গতিৰ কথা সুমুৱাবৰ নতুন উপায় চিন্তা কৰে। শেষত এই বিষয়ত আলোচনা কৰিবলৈ পোন্ধৰ অক্টোবৰৰ পৰা একেলেঠাৰীয়ে পাঁচদিন জুৰি মেল পাতিবলৈ আৰু প্ৰতিটো চুকে কোণে থকা মানুহ জাতে সভালৈ আহে আৰু তাৰ ব্যৱস্থা ল’বলৈ সিদ্ধান্ত কৰে। ডেপুটি কমিচনাৰে চোৰাংচোৱাৰ মুখে সকলো জানি ১৪ অক্টোবৰত এজন দাৰোগা পঠিয়াই সভাস্থলীত গোটখোৱা মানুহবোৰ আঁতৰাই পঠাবলৈ আৰু মুখিয়াল কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। পোন্ধৰ অক্টোবৰৰ দিনা পুলিচে মানুহবোৰক আঁতৰি যাবলৈ কোৱাত তেওঁলোকক অকনো গুৰুত্ব নিদি তেওঁলোকৰ হুকুম অমান্য কৰে কাৰণ তেওঁলোকে সমূহীয়া স্বাৰ্থৰ কথা আলোচনা কৰিবলৈহে তাত গোট খাইছে। সৰহীয়া মানুহৰ সভা, তাৰে কিছুমানে লাঠীলৈ সু- সজ্জিত হৈ থকাত পুলিচ আঁতৰি গৈ ডেপুটি কমিচনাৰক সকলো জনালেগৈ। ১৫ অক্টোবৰৰ শেষ নিশা নগাঁও থানাৰ দাৰোগা হলধৰ বৰুৱা এজন মহৰী, জামাদাৰ আৰু ১০টা বৰকান্দাজ লৈ ১৬ তাৰিখে পুৱা ফুলগুৰি পায়। জন সমুদ্ৰক আঁতৰাই পঠোৱাত বিফল হয়। সেই দিনাৰ সন্ধিয়া চাৰিটা বৰকান্দাজ আৰু পল্টনীয়া সেনা লৈ কীৰ্ত্তীকান্ত মহৰী ফুলগুৰি পায়। ১৭ তাৰিখে আগবেলা ১০ বজাত মানুহবোৰ আকৌ গোট খাবলৈ ধৰিলে। ২ বজাত প্ৰায় ৩,০০০- ৪,৫০০ মান মানুহ গোট খালে। তাৰে প্ৰায় ৫০০- ৬০০ মানুহৰ হাতত লাঠী আছিল। ১৮৬১ চনৰ ২৯ নবেম্বৰত হাবাৰ্ট স্কঞ্চে দাৰোগা হলধৰ বৰুৱাৰ প্ৰতিবেদন কমিচনাৰলৈ পঠিয়াইছিল। দাৰোগাই কেইজনমানক ধৰিছিল যদিও মানুহে সেইবিলাকক মুক্ত কৰি নিয়ে। লেফটেনেণ্ট স্কনচ চাহেবে ১৮ তাৰিখে নিজে ফুলগুৰিত থাকিব বুলি খবৰ দিয়ে।[6] পিছত তেও নিজে নাহিল। বিদ্ৰোহৰ দিনা১৮ অক্টোবৰৰ দিনা এচিষ্টেণ্ট কমিচনাৰ লেফটেণ্ট চিংগাৰ এটা টাটু ঘোৰাত উঠি জেইল ডাৰোগা আৰু এদল পুলিচৰ সৈতে ১০ বাজি ২ মিনিটত ফুলগুৰি ওলালহি। [7] ২ বজাত লাঠি জাঠি লৈ বহুত মানুহ আহিছিল। তেওঁলোকে ধনুকাড়ো আনিছিল। ফুলগুৰি নামঘৰটোৰপৰা কেইশগজমান দূৰত থকা মানুহৰ জুমটোৰ ওচৰলৈ হৰনাথ বৰুৱা ডাৰোগা, জেইল দাৰোগা, মহৰী, ৪টা চিপাহী, যাঠীৰ সৈতে ১১টা বাৰাকান্দাজ সহ চিংগাৰ যায়। চিংগাৰে গৈ কলং নৈৰ পাৰৰ তিনিজোপা ডাঙৰ আঁহত গছৰ তলত আহল- বহল মুকলি ঠাইত তিনি জুমহৈ কমেও ৩,০০০ মানুহৰ সমাবেশ দেখা পায়। প্ৰায়বোৰ মানুহৰ মূৰ পাগুৰি আৰু হাত লাঠীৰে সু- সজ্জিত, কিছুমানৰ হাতত যাঠী আৰু ধনুকাঁড় আছে। কেইজনমান নেতাৰ লগত আলোচনা কৰি চিংগাৰে লাঠীবোৰ জমাদি ঘটনাস্থলীৰপৰা আঁতৰি যাবলৈ হুকুম কৰে। কিছুমানে তৎক্ষণাত হুকুম মান্য কৰিলে, বেছিভাগে কৰ্ণপাত নকৰিলে। কম বয়সীয়া অনভিজ্ঞ বিষয়াজনে জোৰকৈ প্ৰজাক নীৰস্ত কৰিবলৈ পুলিচক হুকুম কৰাৰ লগতে নিজেও গাৰ জোৰেৰে বিদ্ৰোহীসকলক নীৰস্ত্ৰ কৰিবলৈ লাগি যায়। সেই কথাত মানুহবোৰ খঙত জ্বলি উঠিল আৰু বহাৰ পৰা থিয় হ’ল। এটা বিৰাট হুলস্থূলীয়া পৰিবশৰ সৃষ্টি হ’ল। চাৰিওফালে ধৰধৰ মাৰমাৰ ধ্বনি হ’ল। চিংগাৰৰ হুকুমত দাৰোগাই ২ জন মানুহক বান্ধি আটক কৰিলে। এজনে আহি হঠাতে চিপাহী এজনক লাঠীৰে মাৰ মাৰি দিলে। পোনপ্ৰথমে মাৰটো সোধোৱা মানুহটো আছিল মৈৰাচিং। চিংগাৰে নিজেই মৈৰাচিং নামৰ লোকজনৰ লাঠীদাল জব্দ কৰিবলৈ টনা- আজোৰা কৰিলে আৰু লাঠীডাল কাঢ়ি আনিলে। দাৰোগাই গ্ৰেপ্তাৰ কৰা মানুহ দুজনে লগৰ মামুহবোৰক চিঞৰি চিঞৰি তেওঁলোকক অকলশৰীয়া কৰি এৰি থৈ যাবগৈ নেকি বুলি সুধিবলৈহে পালে, বচিগপুৰ মৌজাৰ (আচলতে হাতীগড় মৌজাৰ) বাহু কৈবৰ্ত্তই মূৰত মাৰ মাৰি একেকোবতে চিংগাৰক ধৰাশায়ী কৰিলে। ইয়াৰ লগতে আৰু তিনিজন চিপাহী নিহত হ’ল। ৰাইজৰ জুমৰ মাজলৈ চিপাহীয়ে গুলিয়ালে যদিও জংগী লোকসকলৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি চিপাহীবোৰ পলাই যাবলৈ বাধ্য হ’ল। হত্যা সক্ৰান্তত পুলিচ- মহৰীয়ে চিনাক্ত কৰা লোকসকল হ’ল বাহু কৈৱৰ্ত্ত, কাতি লালুং, থম্বা লালুং, জবালালুং কাটিয়া লালুং, মহিকোঁচ আৰু কলি ডেকা। (সদৰ থানাৰ দাৰোগা হলধৰ বৰুৱাৰ ১৮ অক্টোবৰ ১৮৬১ ৰ জৱানবন্দী, ফুলগুৰিত শিৱিৰ পাতি থাকোঁতে হাবাৰ্ট স্কঞ্চে ২৯ নবেম্বৰত কমিচনাৰলৈ পঠাইছিল। ) অনাদৰ মহৰীৰ জৱানবন্দীয়ে হৰনাথ বৰুৱাৰ জৱানবন্দী ডাঠকৈ সাৱ্যস্ত কৰিছে। চিংগাৰৰ শটো কলং নদীত উটুৱাই দিলে। তিনিজন চিপাহী হতাহত হ’ল। চিপাহী বিদ্ৰোহৰ আগৰেপৰা প্ৰশিক্ষণ লৈ থকা অথচ পিছত ঘৰা- ঘৰি যোৱা মেলত উপস্থিত থকা সৈন্যবোৰৰ কিছুমানে কলঙৰ দুয়োপাৰে সশস্ত্ৰে সদৰৰ খাৰঘৰ দখল কৰিবলৈ হৈচৈকৈ যাত্ৰা আৰম্ভ কৰে। এটা দলে ৰহা থানা দখল কৰি দাৰোগা গোলাপ সিঙকো আধামৰা কৰি কলঙত উটুৱাই দিয়ে।[8] শেনচোৱাৰ আগত ডিমৌ বিলৰ কাষত চিংগাৰৰ সাহায্যে যোৱা চিপাহীৰ লগত এটা দলৰ মুখামুখি হয় আৰু খণ্ডযুদ্ধত ববৰা আটিৰ চোৱাৰৰ লালুং চিপাহীৰ গুলিৰ আঘাতত মৃত্যু হয়। কৰঙৰ দক্ষিণপাৰে যোৱা দলটোৰ ঘাঁহি গাঁৱৰ ওচৰত মুখামুখি হয়। সেই ঠাইত দুয়ো পক্ষৰ এঘাৰজন লোকৰ মৃত্যু হয়। (জাগীয়াল মৌজাৰ মৌজাদাৰ মৃত পদ্ম সিং ডেকা বি এল ডাঙৰীয়াৰ তেখেতৰ পিতৃয়ে ধেৱাৰ বিষয়ে লেখিত তথ্যৰপৰা)। এজন হাবিলদাৰৰ নেতৃত্বত এটা পুলিচবাহিনী ফুলগুৰিলৈ পঠায়। অসম লাইট ইনফেনট্ৰিৰ ২৫টা চিপাহীৰে ডেপুটী কমিচনাৰে ট্ৰেজাৰী লুট আৰু সদৰ জ্বলাই দিব বুলি হাবাৰ্ট স্কঞ্চে) কিবা কৰাত নিৰুপায় হৈ দৰঙৰ ডেপুটী কমিচনাৰ ডব্লিউ ফেয়াৰৰপৰা সিদিনাই সৈন্যবল বিচাৰি পঠালে। লক্ষ্ণৌ নামৰ জাহাজত গুৱাহাটীৰপৰা ডিব্ৰুগড় অভিমুখে আহি থকা তদানীন্তন কমিচনাৰ হেনৰী হপকিঞ্চৰ ১৯ অক্টোবৰৰ দিনা বেলি ডুবাৰ সময়ত তেজপুৰ পায়। লেঃ ফেয়াৰে সৈন্যবলৰ প্ৰয়োজনীয়তাৰ কথা জনায়। লক্ষ্ণৌ জাহাজৰ সহযাত্ৰী চেকেণ্ড আছাম ইনফেণ্টীৰ ভাৰপ্ৰাপ্ত কামাণ্ডাৰ মেজৰ কেম্পবেলক তেজপুৰৰপৰা ৫০ জন মান সৈন্য লৈ লাওখোৱা ঘাটেৰে নগাঁৱলৈ যাবলৈ ব্যৱস্থা কৰি দিয়ে আৰু হপকিঞ্চে নিজে গুৱাহাটীলৈ অধিক সৈন্যৰ বাবে যাত্ৰা কৰে। ২০ অক্টোবৰত কেম্পবেলৰ সৈন্যবাহিনী ফুলগুৰি পায়। কেপ্তেইন চেম্বেৰছে চেকেণ্ড আছাম লাইট ইনফেণ্ট্ৰীৰ প্ৰায় ৮০ জন সৈন্য লৈ ২০ তাৰিখে তেজপুৰ পায় আৰু ২৩ অক্টোবৰত তেওঁলোকৰ লগত নিজে আহি নগাঁও পায়হি।[9] ১৯ অক্টোবৰত ফুলগুৰিত বিদ্ৰোহীয়ে ধনুকাড় যাঠী কঢ়িয়াই লৈ পুলিচৰ মুখামুখি হ’ল। ২০ অক্টোবৰত কেম্পবেলৰ সৈন্যবাহিনীৰ হাতত বহুতো বিদ্ৰোহীৰ মৃত্যু হ’ল, বহুতো চিৰকাললৈ ঘূণীয়া হ’ল। ২৩ অক্টোবৰৰ দিনা গুৱাহাটীৰপৰা অহা চেকেণ্ড আসাম লাইট ইনফেনট্ৰিৰে বলবান হৈ ডেপুটী কমিচনাৰ স্কনচে ফুলগুৰি, নেলি, কচুহাট, ৰহা আৰু অন্যান্য ঠাই ভ্ৰমণ কৰে। লালুং ৰজা সমূহৰ ল’ৰাহঁতক চিংগাৰৰ হত্যাত জড়িত কৰি তেওঁলোককে ধৰি ৪১ জন লোকক গ্ৰেপ্তাৰ কৰে।[10]। ফুলগুৰিত সৈন্য শিবিৰ পাতি প্ৰজাৰ ওপৰত নানান অত্যাচাৰ কৰে। ৩৯ জন মানুহক নৃশংসভাৱে হত্যা কৰে। আঘাতপ্ৰাপ্ত ১৫ জন বিনা চিকিৎসাত মৃত্যু হয়। ইফালে আকৌ শবোৰ আতৰোৱাৰ কোনো ব্যৱস্থা নকৰাত শবোৰ গেলি পচি যোৱাতহে পৰিয়াল বৰ্গ পৰিয়াল নিবলৈ দিছিল। চিনাক্ত হ’লে অত্যাচাৰী ইংৰাজৰ হাতত গৃহস্থৰ অপকাৰ হবৰ আশংকা কৰি আত্মীয় স্বজনে শবোৰ লুকাই চুৰকৈ নি কলঙৰ দক্ষিণ পাৰৰ, ফুলগুৰিৰ পৰা এমাইল দূৰত হাবিৰ মাজত থকা বিলখনৰ কাষত সমূহীয়ৈকৈ সৎকাৰ কৰিছিল। আজিও সেই বিলখনৰ নাম মানুহ পোৰা বিল নামেৰে জনাজাত। (মৃত পদ্ম সিং ডেকা বি এলৰ ঘৰত পোৱা লেখিত তথ্য) ইয়াৰ পাছতো লাইট ইনফেনট্ৰিৰ চিপাহীয়ে ফুলগুৰিত ৬ মাহলৈ চাউনী পাতি অঞ্চলটোত পহৰী দিয়াৰ নামত নিদাৰুন অত্যাচাক চলাইছিল। তিৰুতা মানুহো সিহঁতৰ পাশৱিক অত্যাচাৰপৰা সাৰি যোৱা নাছিল। সিফালে বাৰাকান্দাজ চিপাহীবোৰৰ ভৰণ পোষণৰ বাবে ফুলগুৰি আৰু ৰহা অঞ্চলৰ মানুহক ৰচদ পাতিৰ যোগান ধৰিবলৈ বাধ্য কৰিছিল। ডেপুটী কমিচনাৰে বিনাজুৰিৰে বিচাৰ পাতি নগাঁও সদৰ জেলত (ব্ৰিটিছ চৰকাৰে) নামমাত্ৰ বিচাৰ পাতি অনাদৰ পুলিচ মহৰী আৰু হলধৰ বৰুৱাৰ জৱানবন্দী আৰু জেইল দাৰোগা, সদৰ থানাৰ কেৰাণী- জমাদাৰ (হলধৰ বৰুৱাৰ লগত অহা), কীৰ্তিনাথ মহৰী আদিৰ জৱানবন্দীৰ ওপৰত ভিত্তি কৰি কটহগুৰী গাঁৱৰ লক্ষণ চিং ডেকা, টোপাকুচিৰ ৰংবৰ ডেকা, ঔগুৰিৰ চাংবৰ লালুঙক নগাঁও জেইলতে ফাঁচি দিয়ে। তদুপৰি ৰুপচিং লালুং, চিবচিং লালুং, নৰচিং লালুং,কটহগুৰিৰ হেবেৰা লালুং, দেউৱালিৰ বাহু কৈবৰ্ত্ত আৰু বনমালী কৈবৰ্ত্ত এই ৬ জনক যাৱজ্জীৱন- জীপান্তকৰী কৰি কলিয়া- পানীলৈ পঠালে। এই হুকুমৰ বিৰূদ্ধে কলিকতাৰ সদৰজজৰ আদালতত আপিল হৈছিল। কাটিং লালুং, অম্বালালুং, জব লালুং, কটীয়া লালুংমহিকোচ আৰু কলী ডেকা প্ৰভৃতি ৩১ জন মানুহক ১ বছৰৰপৰা ১০ বছৰ পৰ্য্যন্ত সশ্ৰম কাৰাদণ্ড বিহা হয়। পূৰ্ব উল্লিখিত পাঁচো ৰজা আৰু সাতো ৰজা সকলৰ সকলো চৰকাৰী পদ আৰু সুবিধা ৰহিত কৰে। ৰহীয়াল বৰুৱা, জাগীয়াল গোঁসাই প্ৰভৃতি সভ্ৰান্ত লোক সকলক কাছাৰীলৈ আনি লটি ঘটি কৰে। কেইবাজনো মৌজাদাৰৰ মৌজা কাঢ়ি লয় আৰু কেবাজনো চাকৰিয়ালক কামৰপৰা অব্যাহতি দিয়ে। (মৃত পদ্ম সিং ডেকাৰ ঘৰত পোৱা লিখিত তথ্য)। বিচাৰৰ লগতে ছমাহ ধৰি ফুলগুৰিত চাউনী পাতি থকা চিপাহীবোৰৰ অমানুষিক অত্যাচাৰ উৎপীড়ণত বিদ্ৰোহৰ জুইকুৰা একেবাৰে নিৰ্বাপিত কৰি পেলালে। ঐতিহ্যপিয়লি ফুকন, মণিৰাম দেৱানৰ কৰুণ স্মৃতিক লৈ গোৱা গীতবোৰৰ দৰে ফুলগুৰি ধেৱাৰ বেদনাদায়ক স্মৃতিক লৈয়ো অঞ্চলটোৰ মানুহৰ মুখে মুখে কিছুমান গীত প্ৰচলিত হৈছিল। যেনে- অ’ আইটী/ অ’ আইটী তিনিজোপা আহতৰ তলতে, অ’ আইটী ধেৱাখন লাগিলে. ৰূপচিং- চিৰচিং- বাহু- বনমালী... “॥ তথ্য সংগ্ৰহ
|