পৰীক্ষামূলক মনোবিজ্ঞানপৰীক্ষামূলক মনোবিজ্ঞান (ইংৰাজী: Experimental Psychology)[1] -ৰ অৰ্থ হৈছে মনস্তাত্বিক অধ্যয়নত পৰীক্ষামূলক পদ্ধতি প্ৰয়োগ কৰা সকলে কৰা কাম আৰু ইয়াত অন্তৰ্ভুক্ত কৰা প্ৰক্ৰিয়াবোৰ। পৰীক্ষামূলক মনোবিজ্ঞানীসকলে মানৱ আৰু আন জীৱ-জন্তু অংশগ্ৰহণকাৰীক এক নিৰ্দিষ্ট বিষয়ত অধ্যয়ন কৰিবলৈ নিয়ন্ত্ৰণ কৰি, সংবেদন, অনুভূতি, স্মৃতি, জ্ঞান, অনুপ্ৰেৰণা, আৱেগ, বিকাশমূলক প্ৰক্ৰিয়া, সামাজিক মনোবিজ্ঞান, আৰু এই সকলোবোৰৰ প্ৰতিক্ৰিয়া আৰু প্ৰভাৱ পৰীক্ষামূলকভাৱে অধ্যয়ন কৰে৷ পৰীক্ষামূলক মনোবিজ্ঞানীয়ে তথ্য সংগ্ৰহ কৰিবলৈ আৰু গৱেষণা কৰিবলৈ বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰে। কিছুমান গৱেষকে এটা জটিল প্ৰশ্নৰ উত্তৰ দিবলৈ তেওঁলোকৰ সমগ্ৰ কাৰ্যকাল এনে গৱেষণাত উৎসৰ্গা কৰে। এই মনোবিজ্ঞানীবোৰে বিভিন্ন ক্ষেত্ৰত কাম কৰে, যাৰ ভিতৰত আছে বিশ্ববিদ্যালয়, গৱেষণা কেন্দ্ৰ, চৰকাৰী সংস্থা আৰু ব্যক্তিগত ব্যৱসায়। ইতিহাসৱিল্হেম ৱোণ্ডপৰীক্ষামূলক দৃষ্টিভংগী ১৯শ শতিকাত এক আধুনিক শৈক্ষিক অনুশাসন হিচাপে উদ্ভৱ হৈছিল যেতিয়া ৱিল্হেম ৱোণ্ড (Wilhelm Wundt)(১৮৩২–১৯২০) নামৰ এজন বিজ্ঞানীয়ে ইয়াক পৰিচয় দিছিল। তেওঁক "পৰীক্ষামূলক বিজ্ঞানৰ পিতা" বুলি জনা যায়।তেওঁ এই ক্ষেত্ৰক এক গাণিতিক আৰু পৰীক্ষামূলক দৃষ্টিভঙ্গীৰে আৰম্ভ কৰিছিল। ৱোণ্ড জাৰ্মানিৰ লিপজিগত[2] প্ৰথম মনোবিজ্ঞান পৰীক্ষাগাৰ প্ৰতিষ্ঠা কৰিছিল। হাৰ্মান এবিংহাউছ আৰু এৱাৰ্ড টিচেনাৰ সহ অন্যান্য পৰীক্ষামূলক মনোবিজ্ঞানীসকলে এই পৰীক্ষামূলক পদ্ধতিৰ মাজত আত্মনিৰীক্ষণ অন্তৰ্ভুক্ত কৰিছিল। ৱোণ্ডৰ গৱেষণা কাৰ্য্যসূচীৰ উদ্দেশ্য আছিল "জ্ঞানৰ বা চেতনাৰ উপাদান" আৰু এই উপাদানবোৰৰ সংমিশ্ৰণ নিয়ন্ত্ৰণ কৰা আইন। চাৰ্লচ বেলচাৰ্লচ বেল এজন ব্ৰিটিছ মনোবিজ্ঞানী আছিল, যাৰ মুখ্য অৱদান আছিল স্নায়ুতন্ত্ৰৰ সৈতে জড়িত গৱেষণা। তেওঁ এই বিষয়ে শহাপহুৰ ওপৰত গৱেষণা কৰি এখন নিবন্ধ লিখিছিল। তেওঁৰ গৱেষণাত এই সিদ্ধান্ত লোৱা হৈছিল যে মেৰুদণ্ড আৰু মটৰ স্নায়ুৰ পিছৰ (ডৰচেল) মূলত সংবেদন স্নায়ু প্ৰৱেশ কৰে। এঘাৰ বছৰ পাছত, ফ্ৰেঞ্চোইচ মেগেণ্ডী নামৰ এজন ফৰাচী মনোবিজ্ঞানীয়ে বেলৰ গৱেষণাৰ বিষয়ে অৱগত নোহোৱাকৈ একেটা ফলাফল প্ৰকাশ কৰে। বেলে তেওঁৰ গৱেষণা প্ৰকাশ নকৰাৰ বাবে, এই আৱিষ্কাৰক বেল-মাগেণ্ডী আইন বুলি কোৱা হৈছিল। বেলৰ আৱিষ্কাৰে পূৰ্বৰ বিশ্বাসক অস্বীকাৰ কৰিলে যে স্নায়ুবোৰে কম্পন বা আত্মাৰ সংক্ৰমণৰ দ্বাৰা প্ৰেৰণ হয়। আৰ্নষ্ট হিনৰিচ ৱেবাৰআৰ্নষ্ট হিনৰিচ ৱেবাৰ এজন জাৰ্মান চিকিৎসক আছিল যাক পৰীক্ষামূলক মনোবিজ্ঞান-ৰ এজন প্ৰতিভাশালী বিজ্ঞানী হিচাপে চিহ্নিত কৰা হয়। ৱেবাৰৰ মুখ্য আগ্ৰহ আছিল স্পৰ্শ আৰু আত্মীয়তাৰ অনুভূতি। পৰীক্ষামূলক মনোবিজ্ঞান-ৰ ক্ষেত্ৰত তেওঁৰ অতি স্মৰণীয় অৱদান হৈছে এয়ে যে সংবেদনবোৰৰ পাৰ্থক্য সাধাৰনতে আপেক্ষিক (relative), নিৰপেক্ষ নহয় (not absolute)। এই আপেক্ষিকতাবাদ "ৱেবাৰ আইন"ত প্ৰকাশ কৰা হৈছে, যি পৰামৰ্শ দিয়ে যে মাত্ৰ লক্ষণীয় পাৰ্থক্য (just noticeable differences, jnd) হৈছে চলি থকা উদ্ভাৱন স্তৰৰ এক নিৰন্তৰ বা ধ্ৰুৱক অনুপাত। ৱেবাৰ আইনৰ সমীকৰণ হৈছে: য'ত হৈছে উদ্দীপনাৰ মূল তীব্ৰতা, হৈছে ইয়াৰ যোগ, পাৰ্থক্য ৰখাৰ বাবে প্ৰয়োজন (jnd'), আৰু ' k ' এক ধ্ৰুৱক। সেয়েহে, k স্থিৰ বাবে, 'I' বৃদ্ধি হোৱাৰ লগে লগে বৃদ্ধি হʼব লাগিব। ৱেবাৰ আইনক বিজ্ঞানৰ ইতিহাসৰ প্ৰথম পৰিমাপিক আইন বুলি গণ্য কৰা হয়। [3] গুস্তাভ ফেচনাৰেগুস্তাভ ডিওডৰ ফেচনাৰ (/ˈfɛxnər/; জাৰ্মান: [ˈfɛçnɐ]; ১৯ এপ্ৰিল ১৮০১ – ১৮ নৱেম্বৰ ১৮৮৭) [4] এজন জাৰ্মান পৰীক্ষামূলক মনোবিজ্ঞানী, দাৰ্শনিক আৰু পদাৰ্থবিজ্ঞানী আছিল। ১৮৬০ চনত গুস্তাভ ফেচনাৰে "এলেমেণ্ট ডাৰ ছাইকোফিজিক" (Elemente der Psychophysik)"[5] নামৰ নিবন্ধ এটি প্ৰকাশ কৰিছিল যিটো পৰীক্ষামূলক মনোবিজ্ঞানৰ প্ৰথম অৱদান বুলি গণ্য কৰা হয় । কিছুমান মনোবিজ্ঞানীয়ে এই নিবন্ধ প্ৰকাশ হোৱাৰ তাৰিখৰ পৰা পৰীক্ষামূলক মনোবিজ্ঞানৰ আৰম্ভণিৰ হোৱা বুলি গণ্য কৰে। ৱেবাৰ মূলত মনোবিজ্ঞানী নাছিল, আৰু ফেচনাৰেই মনোবিজ্ঞানৰ লগত ৱেবাৰৰ গৱেষণাৰ সংযোগ স্থাপন কৰিছিল আৰু এই সংযোগত বিষেশ গুৰুত্ব দিছিল। ফেচনাৰে মন আৰু শৰীৰৰ সম্পৰ্কৰ এক বৈজ্ঞানিক অধ্যয়ন স্থাপনত সৰ্বাধিক গুৰুত্ত দিছিল, যাক ছাইকোফিজিক্স (psychophysics) বুলি জনা যায়। ফেচনাৰৰ বেছিভাগ গৱেষণাই ছাইকোফিজিক্স সীমাবদ্ধতাৰ পদ্ধতি আৰু মাত্ৰ লক্ষণীয় পাৰ্থক্যৰ (just-noticeable differences)জোখৰ ওপৰত।তাৰোপৰি তেওঁ সীমাৰ মনোভৌতিক পদ্ধতি, নিৰন্তৰ উদ্ভাৱনৰ পদ্ধতি, আৰু সামঞ্জস্যৰ পদ্ধতি উদ্ভাৱন কৰিছিল, যি এতিয়াও ব্যৱহৃত হৈ আছে । তথ্য সংগ্ৰহ
|