পেট্ৰিচিয়া মুখিম
পেট্ৰিচিয়া মুখিম (ইংৰাজী: Patricia Mukhim) এগৰাকী সামাজিক কৰ্মী, লেখিকা আৰু সাংবাদিক।[1][2] তেওঁ 'শ্বিলং টাইমছ্' নামৰ কাকতখনৰ সম্পাদক।[3] মুখিম তেওঁৰ সমাজৰ আৰু নাগৰিক জীৱনৰে জড়িত বিষয়সমূহৰ কৰ্মৰ বাবে জনাজাত।[4] উৎকৃষ্ট নাৰী সাংবাদিকৰ বাবে চামেলী জৈন বঁটা,[5] ৱান ইণ্ডিয়া বঁটা,[6] ফেডাৰেছন অৱ ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্ছ এণ্ড ইণ্ডাষ্ট্ৰী (FICCI) FLO বঁটা, উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা,[7] শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা,[8] আৰু উত্তৰ পূৱ উৎকৃষ্টতাৰ বঁটাৰে সন্মানিত পেট্ৰিচিয়া মুখিমক ২০১০ চনত ভাৰত চৰকাৰে চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।[9] জীৱনীপেট্ৰিচিয়া মুখিমৰ জন্ম হৈছিল উত্তৰ পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ ৰাজধানী চহৰ শ্বিলঙত। তেওঁৰ শৈশৱৰ কালছোৱা জটিল আছিল বুলি জনা যায় কিয়নো তেওঁ সৰু হৈ থাকোঁতেই পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হৈছিল আৰু তেওঁ কেৱল মাতৃৰ তত্ত্বাৱধানত ডাঙৰ দীঘল হৈছিল।[10][11] মুখিমে তেওঁৰ স্কুলীয়া আৰু মহাবিদ্যালয়ৰ পৰ্য্যায়ৰ শিক্ষা শ্বিলঙতে লাভ কৰিছিল। তেওঁ কলা শাখাৰ স্নাতক আৰু বি.এড. ডিগ্ৰী লাভ কৰিছিল।[5] তেওঁ নিজৰ কৰ্মজীৱন এগৰাকী শিক্ষক হিচাপে আৰম্ভ কৰিছিল যদিও পিছলৈ ১৯৮৭ চনত সংবাদদাতা হিচাপে সাংবাদিকতাৰ ক্ষেত্ৰত খোজ পেলায়।[11] ২০০৮ চনৰ পৰা তেওঁ শ্বিলং টাইমছ্ কাকতৰ সম্পাদক হিচাপে কৰ্মৰত।[5][6] উল্লেখনীয় যে, শ্বিলং টাইমছেই মেঘালয়ৰ পৰা প্ৰকাশিত প্ৰথম ইংৰাজী দৈনিক কাকত।[8][12] তদুপৰি তেওঁ দ্য ষ্টেটছমেন,[8] দ্য টেলিগ্ৰাফ,[12][13][14][15] ইষ্টাৰ্ণ পেন’ৰামা, আৰু দ্য নৰ্থ ইষ্ট টাইমছৰ দৰে[5][16][17] অন্যান্য প্ৰকাশনসমূহতো নিৱন্ধ, স্তম্ভলেখা ইত্যাদি আগবঢ়ায়। পেট্ৰিচিয়া মুখিম 'Shillong, We Care' নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ প্ৰতিষ্ঠাপক। এই সংগঠনটোৱে মেঘালয়ত উগ্ৰপন্থাৰ বিৰুদ্ধে যুঁজ দিছিল।[6][8] তেওঁ ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰামৰ্শদাতা পৰিষদ(National Security Advisory Board)ৰ সদস্য আছিল, আৰু[2][8] আৰু ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰনালয়ৰ অধীনস্থ National Foundation for Communal Harmony-ৰো সদস্য আছিল।[8][12][16][17] তেওঁ ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান(Indian Institute of Mass Communication)-ৰ শিক্ষা-পৰিষদৰ সদস্য।[6] “চৰকাৰৰ উন্নয়ন পুঁজিৰ ধনৰ এটা বুজন পৰিমাণ যে বিভিন্ন উগ্ৰবাদী সংগঠনৰ ভঁৰাললৈ যায় সেয়া আৰু গোপন হৈ থকা নাই।” – উত্তৰ পূব ভাৰতৰ উগ্ৰপন্থাজনিত সমস্যাৰ বিষয়ে ক'বলৈ গৈ পেট্ৰিচিয়া মুখিমে এইদৰে কৈছিল।[18] মুখিম 'ইণ্ডিজেনাছ উইমেনছ্ ৰিচৰ্ছ চেণ্টাৰ', শ্বিলঙৰ সঞ্চালক।[4][19] তেওঁ পূব খাচী পাৰ্বত্য জিলাৰ কনজ্যুমাৰ ফ'ৰামৰ সদস্য আছিল।[5] তদুপৰি মুখিম ৰাজ্যিক গ্ৰাহক পৰিক্ৰমা আয়োগৰ সদস্য,[19] আৰু চেণ্টাৰ অৱ্ নৰ্থ ইষ্ট ষ্টাডিজ এণ্ড পলিচী ৰিচাৰ্ছ (CNES)-ৰ ন্যাসৰক্ষী,[2] আৰু ইণ্ডো গ্ল'বেল চাৰ্ভিছ চ'ছাইটিৰ উপাধ্যক্ষ।[8] তেওঁ 'উইমেনছ্ ৰিজিয়’নেল নেটৱ’ৰ্ক' নামৰ ভাৰতীয় উপমহাদেশৰ বিভিন্ন দেশৰ মহিলাৰে গঠিত এক ফ'ৰামৰ বৰ্ডৰো সদস্য।[16][17] মুখিম মেঘালয় পৰিকল্পনা ব’ৰ্ডৰ প্ৰাক্তন সদস্য,[2] আৰু উত্তৰ পূব উন্নয়ন অধ্যয়ন প্ৰতিষ্ঠান (NEIDS)ৰ উপদেষ্টা।[19] মুখিম মেঘালয়ৰ সামাজিক-ৰাজনৈতিক পৰিৱেশৰ সম্পৰ্কে কেইবাটাও দৃষ্টান্তমূলক নিৱন্ধৰ ৰচনাৰ কৃতিত্বৰ অধিকাৰী।[20][21] Heide Göttner-Abendroth-ৰ দ্বাৰা ৰচিত মাতৃপ্ৰধানতাৰ এখন গ্ৰন্থত মুখিমে, 'Khasi matrilineal society - Challenges in the 21st century' শীৰ্ষক এটা অধ্যায় ৰচনা কৰিছিল।[4][22] তেওঁ 'When Hens Crow' শিৰোনামৰ এখন গ্ৰন্থও ৰচনা কৰি আছে।[4] মুখিমে জাপান, থাইলেণ্ড, হাৱাই দ্বীপপুঞ্জ, চুইজাৰলেণ্ড, পেলেষ্টাইন, ইজৰাইল, উত্তৰ আৰু দক্ষিণ কোৰিয়া, যুক্তৰাজ্য, আফ্ৰিকা মহাদেশ ইত্যাদি বিভিন্ন ঠাইত বহু অভিৱৰ্তন আৰু আলোচনাচক্ৰত অংশগ্ৰহণ কৰিছে,[4] মুখ্য বক্তৃতা প্ৰদান কৰিছে।[5][8] তেওঁ বহু ৰেডিঅ' আৰু টেলিভিছনৰ কাৰ্য্যসূচীতো অংশ গ্ৰহণ কৰিছে।[5] সন্মান আৰু স্বীকৃতিপেট্ৰিচিয়া মুখিমে ১৯৯৬ চনত নতুন দিল্লীৰ মেডিয়া ফাউণ্ডেচনে প্ৰদান কৰা চামেলী দেৱী জৈন বঁটা লাভ কৰিছিল। [8][16][17] ফেডাৰেছন অৱ ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্ছ এণ্ড ইণ্ডাষ্ট্ৰী (FICCI)-এ ২০০৮ চনত তেওঁক সাংবাদিকতাৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ বাবে FLO সন্মান প্ৰদান কৰিছিল।[8][16][17] ২০০৮ চনতেই তেওঁক উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক সন্মান প্ৰদান কৰা হৈছিল।[7][8] ২০০৯ চনত মুখিমক কমল কুমাৰী ফাউণ্ডেছনে শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে।[8] ২০১০ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্ব্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰীৰে সন্মানিত কৰে।[9][11][16][17] ২০১১ চনত তেওঁ উত্তৰ পূৱ উৎকৃষ্টতাৰ বঁটাৰ বাবে নিৰ্বাচিত হয়।[8][6] ১৯৯৫ চনত তেওঁ উৎকৃষ্ট নাৰী সাংবাদিকৰ বাবে চামেলী জৈন বঁটা লাভ কৰিছিল।[23] তথ্যসূত্ৰ
|