পূৰ্ণিমা সিন্হা
পূৰ্ণিমা সিন্হা (১২ অক্টোবৰ ১৯২৭ – ১১ জুলাই ২০১৫) আছিল এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। তেখেতে বিখ্যাত ভাৰতীয় বিজ্ঞানী সত্যেন্দ্ৰনাথ বসুৰ অধীনত গৱেষণা কৰিছিল। পূৰ্ণিমা সিন্হাক পদাৰ্থ বিজ্ঞানত ডক্তৰেট ডিগ্ৰী অৰ্জন কৰা প্ৰথমগৰাকী বঙালী মহিলা হিচাপে অভিহিত কৰা হয়।[1][2] প্ৰাৰম্ভিক জীৱন১৯২৭ চনৰ ১২ অক্টোবৰত পূৰ্ণিমা সিন্হাৰ জন্ম হৈছিল। ডা. নৰেশ চন্দ্ৰ সেনগুপ্তাৰ তেখেত কনিষ্ঠ কন্যা আছিল। ডা. নৰেশ চন্দ্ৰ সেনগুপ্তা আছিল এগৰাকী অধিবক্তা আৰু প্ৰগতিশীল লেখক। তেখেতে বাংলা আৰু ইংৰাজী ভাষাত ৬৫খনতকৈও অধিক গ্ৰন্থ লিখিছিল। লগতে প্ৰবন্ধ-পাতিও ভালেসংখ্যক লিখিছিল। তাৰে কিছুমান প্ৰবন্ধৰ বিষয় আছিল "মহিলা সৱলীকৰণ"। পূৰ্ণিমা সিন্হাই বৈবাহিক জীৱন আৰম্ভ কৰিছিল নৃতত্ত্বৰ অধ্যাপক সুৰজিৎ চন্দ্ৰ ঘোষৰ লগত। তেখেত বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যও আছিল। তেখেতে ভাৰতীয় জনজাতিৰ সাংস্কৃতিক অভিযোজনাৰ বিষয়টো সহজবোধ্য কৰাত গুৰুত্বপূৰ্ণ বৰঙনি আগবঢ়াইছে।[1][3]. পূৰ্ণিমা সিন্হাৰ জীয়েক সুপৰ্ণা সিন্হা আৰু সুকন্যা সিন্হা দুয়োগৰাকীয়েই পদাৰ্থ বিজ্ঞানী। এগৰাকীয়ে ৰমন গৱেষণা প্ৰতিষ্ঠান আৰু আনগৰাকীয়ে ভাৰতীয় পাৰিসাংখ্যিক প্ৰতিষ্ঠানত কাম কৰে।[1][3] শিক্ষা আৰু কৰ্মজীৱনকলিকতাত থকা লেক স্কুলত পূৰ্ণিমাৰ প্ৰাৰম্ভিক শিক্ষা আৰম্ভ হৈছিল। উল্লেখনীয়, সেইখন শিক্ষানুষ্ঠান তেখেতৰ জ্যেষ্ঠা ভগ্নী সুষমা সেনগুপ্তাই স্থাপন কৰিছিল। তাৰপাছত তেখেতে আশুতোষ কলেজ, স্কটিছ ছাৰ্ছ কলেজ আৰু সৰ্বশেষত কলিকতা বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। পঢ়া-শুনাৰ বাহিৰেও তেখেতে যামিনী গাংগুলীৰ পৰা হিন্দুস্তানী ধ্ৰুপদী সংগীত শিকিছিল। সংগীতৰ বাহিৰেও আন কিছুমান দিশত তেওঁৰ ৰাপ আছিল। তেখেতে চিত্ৰকলা শিকিছিল গোপাল ঘোষৰ পৰা। তাৰবাহিৰেও তেখেতে পণ্ডিত জ্ঞান প্ৰকাশ ঘোষৰপৰা তবলাৰ শিক্ষা লৈছিল। ইয়াৰ বাহিৰেও তেখেতে ভাস্কৰ্য-নিৰ্মাণৰো শিক্ষা লৈছিল।[1] বিজ্ঞানৰ ক্ষেত্ৰখনত পূৰ্ণিমাই কেইবাটাও দশক অতিবাহিত কৰিছিল। তেখেতে ভূ-খনিজৰ ৰঞ্জন-ৰশ্মিৰ ক্ৰিষ্টেলোগ্ৰাফী(x-ray crystallography of clay minerals)ত ডক্তৰেট ডিগ্ৰী অৰ্জন কৰে। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা তেখেতে ডক্তৰেট ডিগ্ৰী লাভ কৰিছিল(ৰাজাবজাৰ বিজ্ঞান মহাবিদ্যালয়ত ১৯৫৬-৫৭ চনৰ ছাত্ৰী হিচাপে)। তেখেতে অধ্যাপক সত্যেন্দ্ৰ নাথ বোসৰ অধীনত গৱেষণা কৰিছিল। পদাৰ্থ বিজ্ঞানত ডক্তৰেট ডিগ্ৰী দখল কৰা তেখেত হৈছে প্ৰথমগৰাকী বঙালী মহিলা।[1] ১৯৬৩-৬৪ চনত পূৰ্ণিমাই ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ জৈৱ-পদাৰ্থ বিজ্ঞান বিভাগত যোগদান কৰে আৰু "Origin of life" নামৰ বিশেষ প্ৰকল্প এটাত যোগদান কৰে।[2] গৱেষণা১৯৪৫ চনত সত্যেন্দ্ৰ নাথ বসুৱে কলিকতা বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞান বিভাগৰ এগৰাকী "খাইৰা অধ্যাপক" হিচাপে যোগদান কৰিছিল। তেখেতেই সৰ্বপ্ৰথমে পূৰ্ণিমাৰ অনুসন্ধিৎসু আৰু কৌতূহলী মনটো আৱিষ্কাৰ কৰিছিল। সেইসময়ত সত্যেন্দ্ৰ নাথ বসুৰ তত্ত্বাৱধানত এটা বিশেষ গোটে ৰঞ্জন ৰশ্মিৰ বিচ্ছুৰণ ব্যৱহাৰ কৰি স্ফটিকৰ গঠনৰ বিষয়ে গৱেষণা কৰি আছিল। পূৰ্ণিমাকো তেখেতে সেইটো গোটত অন্তৰ্ভুক্ত কৰি ল'লে। ১৯৫১ চনত তেখেতে নিজৰ ডক্তৰেট ডিগ্ৰীৰ বাবে গৱেষণা কৰিবলৈ আৰম্ভ কৰিলে। আৰু এই কাৰ্যত সহায় কৰিলে সত্যেন্দ্ৰ নাথ বসুৱে। তেওঁলোকে কলিকতা খাইৰা প্ৰয়োগশালাত গৱেষণাকাৰ্য চলাই গ'ল। বসুৱে তেখেতক ৰঞ্জন ৰশ্মিৰ অৱক্ষেপণ পদ্ধতি ব্যৱহাৰ কৰাৰ লগতে ৰাসায়নিক আৰু তাপীয় পদ্ধতিও ব্যৱহাৰ কৰিবলৈ ক'লে। লগতে ভাৰতৰ বিভিন্ন ঠাইৰ বোকা মাটিৰ গঠনৰ সম্পৰ্কে এক পৰ্যবেক্ষণ চলাবলৈ কয়।[2] উল্লেখযোগ্য যে, পূৰ্ণিমা সিনহাৰ দলটোৱে তেওঁলোকৰ প্ৰয়োগশালাত প্ৰয়োজনীয় সামগ্ৰী নিজেই নিৰ্মাণ কৰিব লাগিছিল। সেইটো আছিল সত্যেন্দ্ৰ নাথ বসুৱে প্ৰৱৰ্তন কৰা নীতি। তেওঁলোকে উচ্চ ক্ষমতাৰ এটা ট্ৰেন্সফৰ্মাৰটো নিৰ্মাণ কৰিছিল "প্ৰায়োগিক পদাৰ্থ বিজ্ঞান"ৰ প্ৰয়োগশালাত (Lab)। দ্বিতীয় মহাযুদ্ধৰ অব্যৱহৃত সামগ্ৰীৰ সহায়ত তেওঁলোকে এক্স-ৰে প্ৰয়োগশালাৰ কিছুমান সামগ্ৰী-সৰঞ্জাম নিৰ্মাণ কৰিছিল। তাৎপৰ্যপূৰ্ণভাৱে, তেওঁলোকৰ সেই গৱেষণাত সহায় কৰিছিল অসম তেল কোম্পানীয়ে। ১৯৫৫ চনত তেখেতে নিজৰ গৱেষণা-পত্ৰ দাখিল কৰে। ইলাইট, কাঅ'লাইনাইটকে, ক্লৰাইটকে ধৰি তেওঁলোকে প্ৰায় ৫০টা বোকা মাটিৰ নমুনাৰ ওপৰত পৰীক্ষা আৰু পৰ্যবেক্ষণ চলাইছিল। ১৯৫৫ চনত সত্যেন্দ্ৰ নাথ বসুৱে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে। অধ্যাপক কমলাক্ষ দাসগুপ্তাৰ অধীনত গৱেষকৰ দলটোৱেও পৰৱৰ্তী গৱেষণা চলাই যায়।[2] গ্ৰন্থ, প্ৰবন্ধ, আৰু প্ৰকাশনপূৰ্ণিমা সিন্হাই ইংৰাজী আৰু বাংলা-দুয়োটা ভাষাতে ভালেসংখ্যক কিতাপ ৰচনা কৰিছে। জ্ঞান আৰু বিজ্ঞান (Jnan O Bijnan) নামৰ এখন নিয়মীয়া পত্ৰিকাতো তেখেতে লিখা-মেলা কৰে। এইখন হৈছে বংগীয় বিজ্ঞান পৰিষদে প্ৰকাশ কৰা এখন বাংলা ভাষাৰ বৈজ্ঞানিক পত্ৰিকা। "বংগীয় বিজ্ঞান পৰিষদ"ৰ প্ৰতিষ্ঠাপক আছিল সত্যেন্দ্ৰ নাথ বসু। পত্ৰিকাখনলৈ আগবঢ়োৱা অৱদানৰ বাবে বংগীয় বিজ্ঞান পৰিষদে তেখেতক সন্মানীত আৰু পুৰস্কৃত কৰে।[1] তেখেতে সত্যেন্দ্ৰ নাথ বসুৰ বিষয়ে যথেষ্ট লিখা-মেলা কৰিছে। তাৰ ভিতৰত:
তথ্যসংগ্ৰহ
|