পি. ভানুমতী
পি ভানুমতী ৰামকৃষ্ণ (ইংৰাজী: P. Bhanumathi Ramakrishna;৭ ছেপ্টেম্বৰ ১৯২৫ – ২৪ ডিচেম্বৰ ২০০৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, কণ্ঠশিল্পী, চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, সংগীত পৰিচালক আৰু ঔপন্যাসিক। তেওঁক তেলেগু চলচ্চিত্ৰৰ প্ৰথম মহিলা ছুপাৰ ষ্টাৰ হিচাপে গণ্য কৰা হয়।[1] তেওঁক তেলেগু চলচ্চিত্ৰৰ প্ৰথম মহিলা পৰিচালক হিচাপেও গণ্য কৰা হয়।[2] ভানুমতীয়ে মূলতঃ তেলেগু আৰু তামিল ভাষাৰ ১০০ খনতকৈও অধিক ছবিত অভিনয় কৰিছিল। ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০১ চনত তেওঁলৈ পদ্মভূষণ আগবঢ়োৱা হয়।[3] ভাৰতৰ ৩০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৱুমেন ইন চিনেমা সন্মানেৰে তেওঁক সন্মানিত কৰা হৈছিল।[4] প্ৰাৰম্ভিক জীৱন১৯২৫ চনৰ ৭ ছেপ্টেম্বৰত অন্ধ্ৰপ্ৰদেশৰ অংগোলৰ সমীপৱৰ্তী প্ৰকাশম জিলাৰ দোদ্দাভৰম গাঁৱত ভানুমতীয়ে জন্মগ্ৰহণ কৰে। তেওঁ সৰস্বতম্মা আৰু বম্মাৰাজু ভেংকটা চুব্বাইয়াৰ তৃতীয় সন্তান।[5] বিভিন্ন মঞ্চ অনুষ্ঠানত দেউতাকৰ অভিনয় চাই ডাঙৰ হৈছিল। তেওঁৰ দেউতাক ভেংকটা চুব্বাইয়া শাস্ত্ৰীয় সংগীতৰ প্ৰেমিক আছিল আৰু সৰুৰে পৰাই ভানুমতীক সংগীতৰ প্ৰশিক্ষণ দিছিল।[6] কৰ্মজীৱনচলচ্চিত্ৰ জীৱন১৯৩৯ চনত চি পুল্ল্যায়া পৰিচালিত তেলেগু ভাষাৰ বৰ বিক্ৰয়ম ছবিত কালিন্দী চৰিত্ৰৰ অভিনয়ৰ যোগেদি চলচ্চিত্ৰ জগতত খোজ পেলায়। তেওঁ মালাথি মাধৱম, ধৰ্মপত্নী আৰু ভক্তিমালা ছবিত অভিনয় কৰিছিল। তেওঁৰ প্ৰথম জনপ্ৰিয় ছবি আছিল কৃষ্ণ প্ৰেম। তেওঁৰ পৰৱৰ্তী জনপ্ৰিয় ছবি আছিল স্বৰ্গসীমা, যিখন আছিল তেওঁৰ কেৰিয়াৰৰ এক মাইলৰ খুঁটি। স্বৰ্গসীমাত তেওঁ ঋণাত্মক ছাঁ থকা এগৰাকী নাট্যশিল্পীৰ চৰিত্ৰত অভিনয় কৰিছিল, যিয়ে নিজৰ ব্যক্তিগত সুবিধাৰ বাবে এজন বিবাহিত ব্যক্তিৰ পিছ লয়। স্বৰ্গসীমাৰ ভানুমতীয়ে নিজে কণ্ঠ ‘ওহো পভুৰামা’ গীতটো অতি জনপ্ৰিয় হৈছিল, যাৰবাবে তেওঁ অসংখ্য প্ৰস্তাব লাভ কৰিছিল। পৰৱৰ্তী সময়ত চক্ৰপাণি, লাইলা মজনু, বিপ্ৰনাৰায়ণ, মল্লীশ্বৰী, বতাছাৰী, অন্থাস্তুলু আদি বহু স্মৰণীয় চলচ্চিত্ৰত অভিনয় কৰিছিল। তামিল ভাষাত সেই সময়ৰ বিখ্যাত নায়ক পি.ইউ. ছিন্নাপ্পাৰ সৈতে তেওঁৰ প্ৰথমখন ছবি আছিল ৰত্নকুমাৰ (১৯৪৯)। ছবিখন পৰিচালনা কৰিছিল কৃষ্ণন–পাঞ্জুৱে। ১৯৫৩ চনত তামিল, তেলেগু আৰু হিন্দী ভাষাত একেলগে নিৰ্মিত চান্দীৰাণী ছবিৰে ভানুমতীয়ে পৰিচালনাত হাত দিয়ে।[7][8] সাহিত্যিক জীৱনভানুমতী এগৰাকী প্ৰতিভাৱান লেখকও আছিল আৰু তেওঁৰ কেইবাটাও চুটিগল্প লিখিছে। তেওঁৰ আত্মজীৱনী নলো নেনু তেলেগু ভাষাত প্ৰকাশ পায় আৰু পিছলৈ ইংৰাজীত Musings নামেৰে অনুবাদ কৰা হয়। অন্ধ্ৰপ্ৰদেশ সাহিত্য একাডেমীয়ে তেওঁৰ জনপ্ৰিয় চুটিগল্প আট্টাগৰি কথালুৰ বাবে তেওঁক শ্ৰেষ্ঠ চুটিগল্প লেখক হিচাপে সন্মানিত কৰে।[9] তেওঁ ৫ বছৰ ললিত কলা একাডেমীৰ সদস্য, আৰু ১০ বছৰ অন্ধ্ৰপ্ৰদেশ সাহিত্য একাডেমীৰ সদস্য আছিল। তেওঁ তামিলনাডু চৰকাৰী সংগীত মহাবিদ্যালয়ৰ সঞ্চালক আৰু অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ব্যক্তিগত জীৱনকৃষ্ণ প্ৰেম (১৯৪৩) ছবিখনৰ শ্বুটিঙৰ সময়ত তেওঁ সেই ছবিখনৰ সহকাৰী পৰিচালক পি. ৰামকৃষ্ণ ৰাওক লগ পায়। ৰাও তেলেগু আৰু তামিল ভাষাৰ চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক আৰু সম্পাদক আছিল। ১৯৪৩ চনৰ ৮ আগষ্টত দুয়োৰ বিবাহ হয় আৰু তেওঁলোকৰ ভাৰানি নামৰ এজন পুত্ৰ জন্ম পায়। পিছলৈ তেওঁলোকে পুত্ৰৰ নামত ভাৰানি পিকচাৰ্ছ নামৰ এটা জনপ্ৰিয় প্ৰডাকচন কোম্পানী আৰম্ভ কৰে। ৮০ বছৰ বয়সত চেন্নাইত তেওঁৰ মৃত্যু হয়।[10] সন্মান আৰু বঁটা-বাহনতথ্য উৎস
বাহ্যিক সংযোগ
|