পাৱনী পৰৱপাৱনী পৰৱ উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম জনগোষ্ঠী কোচসকলৰ বছৰৰ আৰম্ভণীতে পতা এক পৱিত্ৰ জাতীয় উছৱ। এই উছৱৰ মূল ’পাৱনী দেৱী’ কোচসকলৰ জনবিশ্বাসমতে প্ৰাকৃতিক শক্তিৰ অধিকাৰিণী আৰু প্ৰেম উৎসৃজনী দেৱী। অৱশ্যে এই পৰৱত ’পাৱনী দেৱী’ৰ লগতে অন্যান্য দেৱ-দেৱীকো পূজা কৰা হয়। পাৱনী বায় কেইবাটাও দেৱ-দেৱতাৰ সমষ্টি। যেনে, বুঢ়া বাউছ, চৰাবুৰি, শীতলী কাতুলী, বাঙাকৱায়, লক্ষ্মীৱায় আদি। এইসকল দেৱ-দেৱী বিভিন্ন শক্তিৰ অধিকাৰী। বিভিন্ন দেৱ-দেৱীক উদ্দেশ্যি বেলেগ বেলেগ ভোগ নৈবেদ্য আগবঢ়োৱা হয়। বিশেষকৈ দৈ আৰু চাউলৰ গুড়িৰে কৰা পিঠা অপৰিহাৰ্য।[1] ব’হাগ মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। ’পাৱনী’ শব্দটো ’পাউনি’ৰ অপভ্ৰংশ বুলিব পাৰি। পাউনি মানে আদৰণি। উদ্দেশ্যনতুন বছৰটোত জনগোষ্ঠীটোক সকলো অপায়-অমংগলৰ পৰা ৰক্ষা কৰি শস্য-ধন বৃদ্ধি কৰি সুখ শান্তিৰে থাকিব পৰাৰ মানসেৰে পাৱনী পৰৱত পাৱনী দেৱীৰ পূজা কৰা হয়। বৈশিষ্ট্যঅসমীয়া বিহুত প্ৰচলন থকাৰ দৰে পাৱনী পৰৱতো পিঠাগুড়িৰে নানা পিঠা-পনা আৰু ’ফাপ’ তৈয়াৰ কৰা হয়। ইয়ে পৰৱত প্ৰসাদৰ কামো কৰে। এই পৰৱত অসমীয়া বিহুগীতৰ দৰেই প্ৰেম-প্ৰণয়মূলক গীত গোৱা হয় আৰু নচা হয়। এই পৰৱৰ প্ৰধান বাদ্য ডাঙৰ ঢোল আৰু বাঁহী। বিধিপাৱনী পূজাৰ দেউৰীজনক ’দেউছী’ বোলা হয়। পূজাৰ প্ৰসাদৰূপে চাউলৰ গুড়িৰে সৰু সৰু ভাপ পিঠা তৈয়াৰ কৰি নৈবেদ্যৰূপে আগবঢ়ায় আৰু সৰু সৰুকৈ পিঠা তৈয়াৰ কৰি তাৰে মালা সাজি মংগল কামনা কৰি দেউছীজনক পিন্ধাই দিয়ে। এই মালা ডালক ’ফাপ-মালা’ বোলে। মালা পিন্ধাই সেৱকীয়ে এইদৰে গায়, “দেউছী আৱা মাতাৱা, ফাপ মালা কানো। ধাই মাতা লঙ মুঙ, ৱায় ভৰ মানো। ’’ ইয়াৰ অৰ্থ, “জ্যেষ্ঠ পুৰোহিত দেউতাই ফা-মালা পিন্ধি হাতত পূজাৰ ধাই লৈ পূজাত বিভোৰ হৈছেহি’’। আৰু মালা পিন্ধি পূজাৰী পূজাত বহে আৰু পূজাৰ শেষত গায়, “গুলি ভৰা মাছু দং, চাছাঙ ভৰা মায়। নক ভৰা মৰদ দং, আমায়নি বলায়’’। ইয়াৰ অৰ্থ, ’দেৱী আইৰ আশীৰ্বাদত গোহালি পূৰ্ণ গৰু, ভঁৰালপূৰ্ণ ধান, আৰু ঘৰখন মানুহেৰে যেন পৰিপূৰ্ণ হয়। ’[2] নৃত্য-গীতপাৱনী পৰৱত পূজাৰ অন্তত প্ৰণয়মূলক গীত আৰু নৃত্যৰো পয়োভৰ হয়। ডেকা-গাভৰুৱে মিলি নৃত্য কৰে। পাৱনীৰ নৃত্য-গীত বৰ আমোদজনক আৰু কিছু গীত অশ্লীলতাপূৰ্ণ। হেমমাতা অৰ্থাৎ ডাঙৰ ঢোলৰ ছেঁৱে ছেঁৱে আৰু বাঁহীৰ সুৰত গীত গাই ডেকা-গাভৰুৱে নৃত্য কৰে। তথ্য সংগ্ৰহ |