নটী নৃত্যঅসমৰ নটী নৃত্য দেৱদাসী নৃত্যৰ সমপৰ্যায়ৰ এক নৃত্য৷ প্ৰাচীন অসমত দেৱদাসীক বুজাবলৈ ’দলুহাংগনা’ পদটো ব্যৱহাৰ কৰা হৈছিল৷ ভাৰতৰ বিভিন্ন ঠাইৰ দেৱদাসীৰ দৰে অসমত দেৱদাসীক বুজাবলৈ নটী, নৰ্ত্তকী, বেশ্যা, বাৰাংগনা আদি পদ ব্যৱহাৰ কৰা হৈছিল[1] নৃত্যৰ ভাগঅসমৰ লোকনৃত্য সমূহক কেইবাটাও ভাগত ভাগ কৰা হয়৷ পূজা-পাতলৰ লগত জড়িত নৃত্য, উৎসৱ-পাৰ্ব্বনৰ লগত জড়িত নৃত্য, কৃষি-কৰ্মৰ লগত জড়িত নৃত্য আদি৷ তদুপৰি, অঞ্চলভেদে বা গোষ্ঠীভেদেও লোকনৃত্যসমুহক ভাগ কৰিব পাৰি৷ যেনে, জনজাতীয় লোকনৃত্য, গোৱালপৰীয়া, দৰঙী, কামৰূপী ইত্যাদি৷ অসমত এসময়ত প্ৰচলিত নটী নৃত্য পুজা-পাতলৰ লগত জড়িত নৃত্যৰ ভাগত ধৰা হয়৷ মন্দিৰৰ দেৱ-প্ৰতিমাৰ আগত এই নৃত্য পৰিৱেশন কৰি দেৱতাক তুষ্ট কৰাৰ চেষ্টা কৰা হৈছিল৷ নটী নৃত্য বৰ্তমান লোপ পাইছে৷ ইয়াৰ এক গুৰুত্বপূৰ্ণ কাৰণো আছে৷ নটী শব্দৰ উৎসসংস্কৃত নট শব্দৰ পৰাই ’নটী’ শব্দটো আহিছে৷ ’নট’ শব্দৰ সমাৰ্থক ইংৰাজী শব্দ 'actor' কিন্তু ইয়াৰ অসমীয়া মূখ্য অৰ্থ নাচনিয়াৰ৷[2]নট শব্দই পুৰুষ নাচনিয়াৰক বুজাইছিল৷ পিছলৈ ই স্ত্ৰীলিংগবাচক নটী শব্দৰ সৃষ্টি কৰে৷ নটী আৰু দেৱদাসীদক্ষিণ ভাৰতৰ দেৱমন্দিৰবোৰত দেৱদাসী বুলি কুমাৰী সম্প্ৰদায় এটি আছে৷ মাক-বাপেকে মনোকামনা সিদ্ধিৰ বাবে নিজৰ কুমাৰী ছোৱালী এজনী দেৱতাৰ সন্তুষ্টিৰ অৰ্থে উছৰ্গা কৰে৷ তেওঁলোকক দেৱগণিকা হিচাপে গণ্য কৰা হয়৷ তেওঁলোকে যাৰে-তাৰে লগত যৌন সম্পৰ্ক কৰিব পাৰে, কিন্তু বিয়া হ’ব নোৱাৰে৷ অসমৰ দেৱমন্দিৰবোৰতো আগৰ দিনৰ পৰাই দেৱদাসীৰ সমতুল্য নটিনী সম্প্ৰদায় এটি আছে৷ প্ৰায়বোৰ দেৱমন্দিৰৰ লগতে নাট মন্দিৰ একোটি থাকে আৰু তাত নট-নটিনীসকলে আৰতি সময়ত নাচন বাজন কৰে৷[3] নটী আৰু দেৱদাসীসকলৰ মূলগত পাৰ্থক্য হ’ল, নটীসকলে বিবাহলৈ মন কৰিলে নটীৰ কাম এৰি সংসাৰ কৰিব পাৰিছিল, কিন্তু দেৱদাসীসকলে ওৰে জীৱন দেৱতাৰ সন্তুষ্টিৰ অৰ্থে মন্দিৰ প্ৰাঙ্গনতে জীৱন নিয়াব লাগিছিল৷ নৃত্যৰ বৈশিষ্টনটীনৃত্য অসমৰ এসময়ৰ জনপ্ৰিয় ধৰ্মানুষ্ঠান আছিল৷ এই নৃত্যত উচ্চাঙ্গ সঙ্গীত আৰু নৃত্যৰ সমাবেশ ঘটিছিল৷ হাজো, ডেৰগাঁও, নেঘেৰিটিঙ, ডুবি আদি দেৱালয়ত এই নৃত্য অপৰিহাৰ্য আছিল৷ ই শিৱপূজাৰ অন্যতম অঙ্গ৷ ডুবি দেৱালয়ত পোনপ্ৰথমে স্বৰ্গদেৱ শিৱসিংহই এই নৃত্যৰ অৱতাৰণা কৰে৷ পুৱাৰ পৰা সন্ধিয়ালৈ নটীসকলে ব্ৰতচাৰিণী হৈ থাকি দুপৰীয়া আৰু সন্ধ্যাৰ আৰতিৰ সময়ত নৃত্য পৰিৱেশন কৰিব লাগিছিল৷ নৃত্যৰ আগে আগে ডবা কোবোৱা হৈছিল৷ তৃতীয়বাৰ ডবাৰ কোব পৰাৰ লগে লগে নৃত্য আৰম্ভ কৰি প্ৰায় এঘণ্টা সময় নাচিব লাগিছিল৷ নৃত্যৰ আৰম্ভণিতে থিয় হৈ জপিয়াই নৃত্য কৰি শেষত ক্ৰমে শান্ত হৈ শেষ কৰিছিল৷ প্ৰথমে এগৰাকী, তাৰপিছত তিনিগৰাকী আৰু শেষত পাঁচগৰাকী দেৱদাসীয়ে বিগ্ৰহৰ সম্মুখত নাচিছিল৷[4]এই নৃত্যত পুৰুষে বাদ্য সংগত কৰিছিল আৰু খোল, মৃদঙ্গ, নাগেৰা, পাতিতাল, খুতিতাল, টোকাৰী দোতাঁৰা বাঁহী আদি বাদ্য সংগত কৰিছিল৷ গীতসমূহত ব্যাস ওজাপলিৰ গীত-পদ-ৰাগৰ লগত সাদৃশ্য থকা৷ নটীনাচৰ ভংগীসমূহৰ ভিতৰত ’খট’, ’টঙাল মোচৰা’৷ ’খুদ’ আদি উল্লেখযোগ্য৷ সাজ-পাৰ আৰু অলঙ্কাৰপৰিস্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি মুকলি ভাৱে থাকিব লাগিছিল৷ নৃত্যৰ সময়ত তিনিডোখৰ কাপোৰ আৰু চোলা পিন্ধি মূৰত ওৰণী ল’ব লাগিছিল৷ চুলিৰে খোপা বান্ধিব লাগিছিল৷ গলপতা, গলমাদলী, জোনবিৰি, সোণা মুঠিখাৰু, ভৰিখাৰু, আঙুঠি আদি পৰিধেয় অলংকাৰ আছিল৷ নটী নৃত্য লোপ পোৱাৰ কাৰণপ্ৰাচীন অসমত প্ৰায় প্ৰত্যেকখন দেৱালয়ত নট বা নট কলিতা নামে এক সম্প্ৰদায় আছিল আৰু তেওঁলোকৰ অকুমাৰী ছোৱালীবোৰে মন্দিৰত নৃত্য কৰিছিল যদিও বেশ্যা পৰ্যায়ত পেলোৱাত এই গোটেই সম্প্ৰদায়ৰ ওপৰতে চেকা পৰে৷ সেয়ে, চৰকাৰে কঠোৰ ব্যৱস্থা লৈ এই নটী নৃত্যৰ পৰম্পৰা সম্পূৰ্ণৰূপে উঠাই দিয়ে৷[5] |