নংশ্বাবা
নংশ্বাবা (ইংৰাজী: Nongshaba) বা কংলাশ্বা পাৰম্পৰিক মণিপুৰী লোকধৰ্ম সনামহীৰ লগতে মণিপুৰী পৌৰাণিক কাহিনীত সিংহসদৃশ ড্ৰেগন ঈশ্বৰ।[1][2][3] তেওঁক নিংথৌজা ৰাজবংশৰ লগতে মইলাং ৰাজবংশ মানুহে উপাসনা কৰে।[4] তেওঁক অনাদিকালৰ পৰা কংলেইপাকত (বৰ্তমানৰ মণিপুৰ) উমাং লাই বা পৱিত্ৰ বনাঞ্চলৰ সৈতে সম্পৰ্কিত দেৱতাসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ হিচাপে উপাসনা কৰা হয়। নংশ্বাবাৰ এযোৰ বিশাল মূৰ্তি এতিয়াও মণিপুৰৰ কংলা প্ৰাসাদৰ ভিতৰত আছে।[3][5][6] নংশ্বাবা দেৱতাক মণ্টক গাওঁবাসীয়ে বিশেষকৈ গ্ৰীষ্মকালত দীৰ্ঘ জীৱনৰ আশিস বিচাৰি পূজা-উপাসনা কৰে।[7] নংশ্বাবাক মণিপুৰ চৰকাৰৰ ৰাজ্যিক প্ৰতীকত অন্তৰ্ভুক্ত কৰা হৈছে। ইতিহাসনংশ্বাবাক দুজন মানুহে মইৰাঙৰ পৰা নিংথৌজা ৰাজবংশৰ ৰাজ্যলৈ আনিছিল। ৰজা খাগেম্বাই তেওঁৰ প্ৰতি উৎসৰ্গিত মন্দিৰ এটা নিৰ্মাণ কৰি পূজা কৰিছিল।[8] তেওঁৰ ৰাজত্বকালতেই ৰাজকীয় পৃষ্ঠপোষকতাত নংশ্বাবাৰ গুৰুত্ব আৰু জনপ্ৰিয়তা বৃদ্ধি পাইছিল।[9] পৌৰাণিক কাহিনীমণিপুৰী পৌৰাণিক কাহিনীত তেওঁ বিশ্বব্ৰহ্মাণ্ডৰ স্ৰষ্টা আটিংকোক মাৰু চিদাবাৰ তিনিজন পুত্ৰৰ ভিতৰত এজন। তেওঁ লাইনিংথৌ সনামাহী আৰু পাখংবৰ ভাতৃ। নংশ্বাবা লাইহুই পুয়া বিশ্বব্ৰহ্মাণ্ডৰ গৰাকীৰ দ্বিতীয় পুত্ৰ নংশ্বাবা বা কংলাশ্বাৰ বিষয়ে লিখা এখন মেইতেই মণিপুৰী শাস্ত্ৰ। তেওঁক "থলবু চিংলেন নংদাই নিংথৌ" বুলিও জনা যায়। তেওঁক বিশ্বব্ৰহ্মাণ্ড সৃষ্টিত অৱদান আগবঢ়োৱা বা এক মহান ভূমিকা লোৱা বুলি কোৱা নহয়। এই বিশাল কামটো সম্পাদন কৰোঁতে তেওঁৰ ডাঙৰ ভায়েক আচিবাক সহায় কৰা বুলিও কোৱা নহয়। তেওঁৰ দুয়োগৰাকী ভাতৃৰ দৰে তেওঁ মেইতেই মণিপুৰী পাৰম্পৰিক লোকধৰ্মত ওখ স্থান দখল নকৰে। অৱশ্যে পিছলৈ ক্ৰমান্বয়ে মণিপুৰী ৰজাসকলে ৰাজকীয় চৌহদত তেওঁৰ নামত মন্দিৰ উৎসৰ্গা কৰিছিল। তেওঁৰ সৰু ভায়েক পাখাংবৰ দৰে নংচাবাৰ কোনো মানৱ বংশধৰ নাই। পাখংব লাইহুই আৰু সনামাহী লাইহুই নামৰ মণিপুৰী শাস্ত্ৰৰ বৰ্ণনা অনুসৰি নংশ্বাবা তেওঁৰ ডাঙৰ ভায়েক সনামাহীৰ দৰে মানৱ ৰূপত প্ৰকাশ নকৰে। ভাস্কৰ্যমণিপুৰৰ কংলা প্ৰাসাদত কংলাশ্বা বা নংশ্বাবাৰ কিছুমান গুৰুত্বপূৰ্ণ ভাস্কৰ্য পোৱা গৈছিল। দুৰ্ভাগ্যবশতঃ ১৮৯১ চনৰ ২০ জুন তাৰিখে কংলা প্ৰাসাদক নিজৰ অধীনলৈ অনা সময়ত ব্ৰিটিছ বিষয়াসকলে ভাস্কৰ্যসমূহ ধ্বংস কৰিছিল।[10] ১৯৪৭ চনত ভাৰতে স্বাধীনতা অৰ্জন কৰাৰ পিছত নংশ্বাবাৰ গাঁথনিসমূহ ইটা আৰু কংক্ৰিটৰে পুনৰ নিৰ্মাণ কৰা হয়।[10][5][11] নংশ্বাবা বা কংলাশ্বা মণিপুৰ চৰকাৰৰ ৰাজ্যিক প্ৰতীকত অন্তৰ্ভুক্ত কৰা হৈছে।[12] ১৯৮০ চনৰ ১৮ ডিচেম্বৰত মণিপুৰ ৰাজ্য চৰকাৰে ইয়াক আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিছিল। ইম্ফলৰ কংলা প্ৰসাদত অৱস্থিত কংলাশ্বাৰ মূৰ্তিৰ পৰা ইয়াৰ আৰ্হি গ্ৰহণ কৰা হৈছিল। প্ৰতীকৰ তলত মেইতেই ভাষাত কংলাশ্বা লিখা আছে। চিত্ৰ বিথিকা
তথ্য উৎস
|