ধূমাৱতী
ধুমাৱতী (সংস্কৃত: धूमावती, IAST: Dhūmāvatī, আক্ষৰিক অৰ্থত ধোঁৱাৰ আধাৰ বা গৰাকী) দহ গৰাকী তান্ত্ৰিক দেৱীৰ মাজত এগৰাকী দেৱী এই ধুমাৱতী। এখেত হিন্দু দেৱী, যি শক্তিৰ ৰুদ্ৰ ৰূপক প্ৰতিনিধিত্ব কৰে। এখেত এগৰাকী বুঢ়া, কুশ্ৰী বিধবা ৰূপত চিত্ৰিত হৈছে, তথা হিন্দুধৰ্মৰ অশুভ আৰু অনাকৰ্ষণীয় বিষয় সমূহৰে এই দেৱীক যুক্ত কৰা হয়। দেৱীক সাধাৰণতে ঘোঁৰাবিহীন ৰথ বা কাউৰীয়ে টনা বাহনত শ্মশান ঘাটত প্ৰতিষ্ঠা কৰা দেখা যায়। ধূমাৱতীয়ে মহাজাগতিক প্ৰলয়ৰ সময়ত নিজকে প্ৰকট কৰে। তেওঁ শূন্য, যি সৃষ্টিৰ আদিটো আছিল আৰু অন্তটো বিদ্যমান হৈ থাকিব। ধূমাৱতী সাধাৰণতে কেবল অশুভ গুণাৱলীৰ সৈতে যুক্ত হ'লেও তেখেতৰ ভজন সমূহে সাধাৰণ ভক্ত সমাজক তেখেতৰ ইতিবাচক দিশসমূহৰ লগতে নেতিবাচক দিশসমূহৰ সৈতেও পৰিচয় কৰাই দিয়ে। তেওঁক সাধাৰণতে কোমল হৃদয়ৰ গৰাকী বা প্ৰলয়দাত্ৰী বুলি জনা যায়। ধুমাৱতীক এগৰাকী মহান শিক্ষক ৰূপতো বৰ্ণনা কৰা হয়। যি মহাবিশ্বৰ চূড়ান্ত জ্ঞান প্ৰকাশ কৰে, যি সমূহ শুভ তথা অশুভৰ মাজত থকা বিভ্ৰান্তিৰ উৰ্দ্ধত। তেখেতৰ অশুভ ৰূপে ভক্তক সাধাৰণ জগত খনৰ উৰ্দ্ধত গৈ আত্ম বিশ্লেষণ অৰ্থাৎ জীৱনৰ অভ্যন্তৰীণ সত্যসমূহৰ সন্ধান কৰিবলৈ শিকায়। ধুমাৱতীক সিদ্ধি (অলৌকিক ক্ষমতা)দাত্ৰী হিচাপে বৰ্ণনা কৰা হয়। এই গৰাকী দেৱী সমস্ত যন্ত্ৰণাৰ পৰা উদ্ধাৰকাৰী তথা পৰম জ্ঞান আৰু মোক্ষ সহ সকলো ইচ্ছা ও পুৰস্কাৰৰ ভঁৰাল বুলি বৰ্ণিত হৈছে। ভক্তই শত্ৰুক দমনৰ হেতু এই দেৱীৰ আৰাধনা কৰে। ধূমাৱতীৰ পূজা সমাজৰ অসহায় ব্যক্তি সকল যেনে অবিবাহিত, বিধবা, তথা তান্ত্ৰিক সকলৰ বাবে আদৰ্শ স্বৰূপ বুলি বিশ্বাস কৰা হয়। বাৰাণসী মন্দিৰত, এই দেৱীৰ আৰাধনাৰ দ্বাৰা ভক্তই নিজকে পবিত্ৰ কৰি অন্য দেৱতাৰ পূজাৰ হেতু আগবাঢ়ে। ইয়াত আনকি বিবাহিত দম্পতীয়েও দেৱীৰ আৰাধনা কৰে। যদিওবা দেৱীৰ আৰাধনাৰ বাবে তেনে কোনো উল্লেখযোগ্য মন্দিৰ নাই তথাপিও তান্ত্ৰিক সমাজৰ মাজত একচেটিয়া স্থানতএই দেৱীৰ আৰাধনা বিশেষ ভাৱে জনপ্ৰিয়। উৎসমহাবিদ্যা শক্তিপৰিয়ালৰ বাহিৰে ধুমাৱতীৰ অস্তিত্ব সম্পৰ্কে কোনো প্ৰাপ্ত তথ্য নায়। মহাবিদ্যা দেৱী সকলৰ পৰিয়ালটোত অন্তৰ্ভুক্ত হোৱাৰ পূৰ্বে ধুমাৱতী সম্পৰ্কীয় কোনো ঐতিহাসিক সমল পোৱা নাযায়। দৰিদ্ৰতা, হতাশা, নিৰাশাৰ দেৱী ধুমাৱতীক, ৰোগ, দুখঃ-দুৰ্গতি, তথা দৰিদ্ৰতাৰ দেৱী অলক্ষ্মীৰ সৈতে জড়িত বুলি কোৱা হয়।[1] বৈদিক দেৱী নীৰতি মৃত্যু, ক্ষয়, দুৰ্ভাগ্য, ৰাগ তথা প্ৰয়োজনৰ সৈতে যুক্ত। নীৰতিৰ দৰে ধুমাৱতীও অসম্মানিত বস্তু আৰু কষ্টৰ সৈতে যুক্ত। হিন্দু দেৱী জৈষ্ঠাও ধুমাৱতীৰ অনুৰূপ। ধুমাৱতীৰ দৰে তেওঁ অন্ধকাৰ, কুৎসিত তথা কাউৰীৰ সৈতে জড়িত।[2] এই গৰাকী দেৱীয়ে কোনো ধৰণৰ শুভকাম সহ্য কৰিব নোৱাৰে বুলি কোৱা হয়। ধুমাৱতীৰ দৰে তেওঁ কাজিয়া, অশুভ স্থান আদিতহে প্ৰতিষ্ঠা হৈ থাকে। সাৰদাতিলক-তন্ত্ৰৰ ভাষ্যকাৰ লক্ষ্মণ দেসিকাই, জ্যেষ্ঠাৰ সৈতে ধুমাৱতীক সম পৰ্যায়ৰ বুলি চিহ্নিত কৰিছে। উভয় ক্ষুধা, তৃষ্ণা, প্ৰয়োজন, আৰু দাৰিদ্ৰৰ প্ৰতীক।[2]অলক্ষ্মী, লক্ষ্মী আৰু শ্ৰী(লক্ষ্মী)ৰ ভনীয়েক আৰু ধুমাৱতী দুয়োগৰাকী দেৱীকে বয়সিয়াল বুলি জনা যায়। ঝাড়ু আৰু কাউৰীৰ বাহনৰ এই দুয়োগৰাকী দেৱীয়ে ভোক-পিয়াহ, প্ৰয়োজনীয়তা আৰু দৰিদ্ৰতাক প্ৰতিনিধিত্ব কৰে। সাধাৰণতে ধুমাৱতীৰ নামৰ আক্ষৰিক অৰ্থ, তথা তেওঁ বিধবা আৰু কুৰূপা আদি বৈশিষ্ট্য সমূহৰ মাজত ধুমাৱতী আৰু তিনিগৰাকী দেবীৰ মাজত মিল দেখা যায়। অৱশ্যে ধুমাৱতীৰ স্তুতি মন্ত্ৰ সমূহৰ মাজত এই কেইগৰাকী দেৱীৰ নামৰ কোনো উল্লেখ পোৱা নাযায়। ধুমাৱতী এই দেৱী সকলৰ মাজত অধিক ৰুদ্ৰ ৰূপী বুলি গণ্য কৰা হয়। দাৰ্শনিক ডেভিড কিনসলৰ মতে দহ গৰাকী মহাবিদ্যাৰ অস্তিত্ব ১২শতিকাৰ পূৰ্বে পোৱা নাযায়।[2] দক্ষিণ ভাৰতৰ তুলুনাড অঞ্চলত ধুমাৱতীৰ পূজা কৰা হয়। তথ্য সংগ্ৰহ |